গুৱাহাটী : অৱশেষত জয়ৰ সোৱাদ পালে নৱ গঠিত আঞ্চলিক ৰাজনৈতিক দল অসম জাতীয় পৰিষদে। অসম জাতীয় পৰিষদক জয়ৰ সোৱাদ দিলে হুকুম চান্দ আলী বক্সীয়ে। ১ নং ৱাৰ্ডৰ পৰা বৃহৎ জয় সাব্যস্ত কৰি হুকুম চন্দ আলী বক্সীয়ে অসম জাতীয় পৰিষদক জয়ৰ সোৱাদ দিবলৈ সক্ষম হয়।

কা’ বিৰোধী আন্দোলনৰ পিছতে গঠন হৈছিল আঞ্চলিক ৰাজনৈতিক দল অসম জাতীয় পৰিষদ। ২০২১ ৰ বিধানসভা নিৰ্বাচনত যুঁজ দিছিল যদিও সফলতা লাভ কৰিবলৈ সক্ষম হোৱা নাছিল। এখনো আসনত দলটোৱে বিজয়ী হ’বলৈ সক্ষম হোৱা নিছিল ২০২১ ৰ বিধানসভা নিৰ্বাচনত।

জয়ৰ সোৱাদৰ পৰা বঞ্চিত হৈ থকা দলটোক অৱশেষত গুৱাহাটী পৌৰ নিগমৰ নিৰ্বাচনত জয়ৰ সোৱাদ দিলে হুকুম চান্দ আলী বক্সীয়ে। গুৱাহাটী পৌৰ নিগমৰ নিৰ্বাচনত ১ নং ৱাৰ্ডৰ পৰা দলটোৰ প্ৰাৰ্থীত্ব লাভ কৰি বিজয়ী হ’বলৈ সক্ষম হ’ল হুকুম চান্দ আলী বক্সীয়ে। প্ৰায় ১ হাজাৰ ভোটৰ ব্যৱধানত বিজয়ী সাব্যস্ত হ’ল হুকুম চান্দ আলী বক্সী।

উল্লেখ্য যে কংগ্ৰেছ দলৰ পৰা ১ নং ৱাৰ্ডৰ বাবে টিকট লাভ নকৰাত হুকুম চান্দ আলী বক্সীয়ে অসম জাতীয় পৰিষদত যোগদান কৰিছিল। অসম জাতীয় পৰিষদৰ পৰা প্ৰাৰ্থীত্ব লাভ কৰি নৱ গঠিত আঞ্চলিক দলটোক পোন প্ৰথমবাৰৰ বাবে জয়ৰ সোৱাদ দিলে হুকুম চান্দ আলী বক্সীয়ে। হুকুম চান্দ আলী বক্সীৰ জয়ে দলটোৰ নেতা সকলক উৎফুল্লিত কৰি তুলিছে।

আনফালে আম আদমি পাৰ্টীও গুৱাহাটী পৌৰ নিগমৰ নিৰ্বাচনত এখন আসন দখল কৰিবলৈ সক্ষম হৈছে। ৪২ নং ৱাৰ্ডৰ পৰা আম আদমি পাৰ্টীৰ প্ৰাৰ্থী মাছুমা বেগম বিজয়ী হবলৈ সক্ষম হৈছে। আম আদমি পাৰ্টীৰ আন এক বৃহৎ সাফল্য হৈছে দলটোৱে ৩৯ টা ৱাৰ্ডত যুঁজ দি ২৪ টা ৱাৰ্ডত দ্বিতীয় স্থানত থাকিবলৈ সক্ষম হৈছে।

উল্লেখ্য যে গুৱাহাটী পৌৰ নিগম নিৰ্বাচনত ৬০ টা ৱাৰ্ডৰ ভিতৰত বিজেপি আৰু অগপৰ মিত্ৰজোঁটে ৫৮ খন আসনত জয়লাভ কৰিছে। অসম জাতীয় পৰিষদ আৰু আম আদমি পাৰ্টীয়ে ১ টাকৈ ৱাৰ্ড দখল কৰিছে। কংগ্ৰেছ দলে গুৱাহাটী পৌৰ নিগম নিৰ্বাচনত বেয়াকৈ মুখ ঠেকেচা খালে। এটাও ৱাৰ্ডত জয় নহ’ল কংগ্ৰেছ দল।