গুৱাহাটী : স্বাধীনতা দিৱসৰ দিনাই অসমলৈ ভাল খবৰ, ড০ দিব্যজ্যোতি শইকীয়ালৈ উৎকৃষ্ট নাগৰিক সেৱা সন্মান বঁটা। দেশৰ ৭৬ তম স্বাধীনতা দিৱস উপলক্ষে ভাৰতৰ লগতে আন্তৰ্জাতিক অগ্ৰণী সংস্থা সংগঠনে দেশ তথা সমাজৰ ভিন্ন ক্ষেত্ৰৰ সফল তথা বিশিষ্ট ব্যক্তিক ৰাষ্ট্ৰীয় বঁটা প্ৰদান কৰে।
আন্তৰ্জাতিক মানৱধিকাৰ সংস্থা “গ্লোবেল হিউমেন ৰাইটছ অৰ্গেনাইজেচনে” অসমৰ বিশিষ্ট চিন্তাবিদ, প্ৰেৰণাত্মক বক্তা, ৰাষ্ট্ৰীয় পৰ্যায়ৰ মানৱ অধিকাৰ তথা সমাজ কর্মী ড০ দিব্যজ্যোতি শইকীয়াক “ভাৰতীয় উৎকৃষ্ট নাগৰিক সন্মান” বঁটাৰে সন্মানিত কৰে। ইয়াৰ লগতে ওবাচিছ ৱৰ্ল্ড ৰেকৰ্ডৰ তৰফৰ পৰা ড০ দিব্যজ্যোতি শইকীয়াক প্ৰদান কৰা হৈছে “ইণ্ডিয়ান আইকন এৱাৰ্ড ২০২২”।
ৰাষ্ট্ৰীয় পৰ্যায়ৰ বিশিষ্ট মানৱ অধিকাৰ তথা সমাজ কর্মী ড০ দিব্যজ্যোতি শইকীয়াই বিগত ২২ বছৰে অসমৰ লগতে ভাৰতবর্ষৰ বহুকেইখন ৰাজ্যত অন্ধবিশ্বাস, ডাইনীকাণ্ড, সন্ত্ৰাসবাদ, ড্ৰাগছ আদিৰ বিৰুদ্ধে সংগ্ৰাম চলাই আছে। তেওঁৰ এই নিৰলস সেৱাৰ বাবে ইতিমধ্যে ভাৰত চৰকাৰৰ দ্বাৰা স্বীকৃত “বাবু জগজীৱনৰাম স্মৃতি সন্মান”কে আদি কৰি ১১১ তাতকৈও অধিক ৰাষ্ট্ৰীয় আৰু আন্তৰাষ্ট্ৰীয় বঁটা, সন্মান, চাৰিটাকৈ ৰাষ্ট্ৰীয় আৰু বিশ্ব ৰেকৰ্ড লাভ কৰিছে।
মানৱতাৰ হকে কাম কৰাৰ বাবে দেশৰ বিখ্যাত সংবাদ মাধ্যম দ্যা উৱিক, আউৎলোক, তেহেলকা, দ্যা টাইমছ অফ ইণ্ডিয়া, হিন্দুস্থান টাইমছ, ইকনমিক টাইমছ, নিউ ইণ্ডিয়ান এক্সপ্ৰেছ, দ্যা টেলিগ্ৰাফ, দ্যা পায়’নিয়াৰ আদিয়ে বিভিন্ন সময়ত ড০ দিব্যজ্যোতি শইকীয়াক প্ৰশংসা কৰি বাতৰি পৰিবেশন কৰা দেখা যায়।আন্তৰ্জাতিক সংবাদ মাধ্যম ইউ এছ এ টুডে, অলজাজীৰা, গ্লোবেল প’ষ্ট, বিশ্ববিখ্যাত টাইম মেগাজিন আদিও ড০ দিব্যজ্যোতি শইকীয়াৰ কৰ্মৰাজিক ভূয়সী প্ৰশংসা কৰি আহিছে।