গুৱাহাটী : জেহাদী (Jehadi) কাৰ্যকলাপৰ বিৰুদ্ধে পুনৰ অসম আৰক্ষীৰ অভিযান। জেহাদী কাৰ্যকলাপৰ লগত জড়িত থকাৰ অভিযোগত চাৰিজনক আটক। তামুলপুৰ আৰু নলবাৰী জিলাৰ পৰা আটক কৰা হয় চাৰিজনক।

ৰাজ্যত জেহাদী কাৰ্যকলাপ দমন কৰিবলৈ অসম আৰক্ষী সক্ৰিয় হৈ আছে। বিগত সময়ছোৱাত অসম আৰক্ষীয়ে জেহাদী কাৰ্যকলাপৰ বিৰুদ্ধে অভিযান চলাই জেহাদী কাৰ্যকলাপৰ লগত জড়িত থকাৰ অভিযোগত কেইবাজনো লোকক আটক কৰিছিল। পুনৰ অসম আৰক্ষীয়ে ৰাজ্যত জেহাদী কাৰ্যকলাপৰ লগত জড়িত থকা চাৰিজনক আটক কৰিছে।

সোমবাৰে আৰক্ষীয়ে ৰাজ্যৰ দুটাকৈ এলেকাত অভিযান চলাই জেহাদী কাৰ্যকলাপৰ লগত জড়িত থকাৰ অভিযোগত চাৰিজনক আটক কৰে। নৱগঠিত জিলা তামুলপুৰৰ আৰক্ষী অধীক্ষকে জানিবলৈ দিয়ে যে জেহাদী কাৰ্যকলাপৰ লগত জড়িত থকাৰ অভিযোগত জিলাখনৰ পৰা দুজন লোকক আটক কৰা হৈছে। ছাদেক আলী আৰু জাকিবুল আলী বুলি চিনাক্ত কৰা হৈছে আটকাধীন লোক দুজনক।

বৰপেটা জিলাৰ হাউলীৰ বাসিন্দা ছাদেক আলীয়ে তামুলপুৰ জিলাৰ ২ নম্বৰ ডোঙৰগাঁৱৰ এখন মাদ্ৰাছাত পাঠদান কৰাৰ লগতে জেহাদী কাৰ্যকলাপ চলাইছিল আহিছে বুলি আৰক্ষীয়ে জানিবলৈ দিয়ে। আনহাতে জাকিবুল আলীয়ে তামুলপুৰৰ দৰগামেলাত থাকি জেহাদী কাৰ্যকলাপ চলাই আছিল। দুয়োজন আল কায়দাৰ ভাৰতীয় উপমহাদেশৰ আনছাৰুল বাংলা দল (এবিটি)ৰ সৈতে জড়িত।

আনফালে নলবাৰী জিলাৰ চোটো আলিয়া আৰু আলিয়া নাৰায়নগাঁৱৰ দুজন লোকক জেহাদী কাৰ্যকলাপৰ লগত জড়িত থকাৰ অভিযোগত আৰক্ষীয়ে আটক কৰিছে। লোক দুজন নলবাৰীৰ ঘোঘৰাপাৰ আৰক্ষী থানাৰ অন্তৰ্গত চোটো আলিয়া আৰু আলিয়া নাৰায়ণগাঁৱৰ বাসিন্দা আবু ৰেহান আৰু আবেল আলী বুলি জানিব পৰা গৈছে।