নিউজ ডেস্ক, ২৭ জুন, ২০২৬ : উত্তৰ-পূব সীমান্ত ৰে’লৱেৰ মহাপ্ৰৱন্ধক চেতন কুমাৰ শ্ৰীবাস্তৱে ২৬ জুন তাৰিখে ৰঙাপাৰা (Rangapara) নৰ্থ আৰু ডেকাৰগাঁও ৰে’লৱে ষ্টেচন পৰিদৰ্শন কৰি নিৰ্মাণাধীন আন্তঃগাঁথনি উন্নয়নমূলক কামকাজৰ অগ্ৰগতিৰ নিৰীক্ষণ কৰি ভৱিষ্যতে এই অঞ্চলত ৰে’লৱে সম্প্ৰসাৰণ প্ৰকল্পসমূহৰ মূল্যায়ন কৰে। তেওঁ বৰ্তমানে পৰিত্যক্ত অৱস্থাত থকা তেজপুৰৰ পুৰণি ৰে’লৱে ষ্টেচনটো পৰিদৰ্শন কৰি ষ্টেচন ভৱন আৰু অন্যান্য আন্তঃগাঁথনিগত নিৰ্মাণসমূহৰো পৰিদৰ্শন কৰে।
পৰিদৰ্শনৰ সময়ত মহাপ্ৰৱন্ধকে অমৃত ভাৰত ষ্টেচন আঁচনিৰ অধীনত নিৰ্মাণাধীন ৰঙাপাৰা নৰ্থ ৰে’লৱে ষ্টেচনৰ পুনৰ্বিকাশ কাম-কাজ পৰিদৰ্শন কৰে। প্ৰায় ৫৫ কোটি টকাৰো অধিক ব্যয়সাপেক্ষে ষ্টেচনটোক আধুনিক যাত্ৰী সা-সুবিধা আৰু উন্নত আন্তঃগাঁথনিৰে আধুনিকীকৰণ কৰা হৈছে। এই পুনৰ্বিকাশ কামৰ প্ৰায় ৮০ শতাংশ ইতিমধ্যে সম্পূৰ্ণ হৈছে আৰু বাকী কামসমূহ দ্ৰুতগতিত আগবাঢ়ি আছে। মহাপ্ৰৱন্ধকে ডেকাৰগাঁও ষ্টেচন আৰু য়াৰ্ডো পৰিদৰ্শন কৰি আগিয়াঠুৰী- ডেকাৰগাঁও আৰু তেজপুৰ- শিলঘাটৰ মাজত প্ৰস্তাৱিত নতুন ৰে’লপথ প্ৰকল্পসমূহৰ স্থিতিৰ সমীক্ষা কৰে।
দৰং জিলাৰ মাজেৰে আগিয়াঠুৰীৰ পৰা ডেকাৰগাঁওলৈ আৰু তেজপুৰৰ পৰা শিলঘাটলৈ ব্ৰহ্মপুত্ৰ নদীৰ ওপৰত নতুন সেতুসহ দুটা প্ৰস্তাৱিত নতুন ৰে’ল সংযোগ প্ৰকল্পৰ জৰীপৰ কাৰ্য ইতিমধ্যে সম্পূৰ্ণ হৈছে আৰু কেন্দ্ৰীয় মন্ত্ৰালয়ত ই পৰ্যালোচনাৰ অধীনত আছে। প্ৰস্তাৱিত এই ৰে’ল সংযোগ প্ৰকল্পসমূহে অঞ্চলটোৰ পৰিবহন আন্তঃগাঁথনি বহু পৰিমাণে উন্নত কৰি আঞ্চলিক সংযোগ বৃদ্ধি কৰিব লগতে অঞ্চলটোৰ আৰ্থ সামাজিক উন্নয়নত অৰিহণা যোগাব বুলি আশা কৰা হৈছে। পৰিদৰ্শন কাৰ্যসূচীৰ অংশ হিচাপে শ্ৰীবাস্তৱে কামাখ্যাৰ পৰা ডেকাৰগাঁওলৈ উইণ্ড’ ট্ৰেইলিং পৰিদৰ্শন আৰু ৰে’লৱে আন্তঃগাঁথনিৰ স্থিতি পৰ্যবেক্ষণ কৰি এই ৰেলপথটোৰ পৰিচালনগত দিশসমূহ নিৰীক্ষণ কৰে।
পৰিদৰ্শনৰ সময়ত তেওঁ ৰে’লপথ, সেতু, ষ্টেচন আৰু অন্যান্য ৰে’লৱে সম্পত্তিৰ তত্ত্বাৱধানৰ নিৰীক্ষণ কৰি নিৰ্মাণাধীন উন্নয়ন কামসমূহ মূল্যায়ন কৰাৰ লগতে সুৰক্ষা, কাৰ্যদক্ষতা আৰু যাত্ৰী সেৱা উন্নত কৰাৰ অৰ্থে অধিক উন্নয়নৰ প্ৰয়োজনীয় ক্ষেত্ৰসমূহ চিনাক্ত কৰে। এই পৰিদৰ্শনে উত্তৰ-পূব সীমান্ত ৰে’লৱেৰ ৰে’লৱে আন্তঃগাঁথনিৰ শক্তিশালীকৰণ, যাত্ৰী সা-সুবিধা বৃদ্ধি আৰু উত্তৰ-পূৰ্বাঞ্চলত ৰে’ল সংযোগ ব্যৱস্থা সম্প্ৰসাৰিত কৰাৰ দিশত এই ৰে’লৱেৰ অব্যাহত প্ৰতিশ্ৰুতিকে প্ৰতিফলিত কৰে।
