সোণাৰি, ১৪ আগষ্ট, ২০২৬ : বানবিধ্বস্ত শিৱসাগৰ, নাজিৰা, চৰাইদেউ আৰু সোণাৰিৰ বিভিন্ন অঞ্চলত সামাজিক সংগঠন ‘ব্ৰাদাৰ্ছ’ৰ সচিব প্ৰধান তথা ৰাষ্ট্ৰীয় মানৱাধিকাৰ তথা সমাজকৰ্মী ডঃ দিব্যজ্যোতি শইকীয়াৰ নেতৃত্বত বান সাহায্য (Flood Relief) বিতৰণ কৰা হয়। ডঃ দিব্যজ্যোতি শইকীয়াৰ নেতৃত্বত ‘ব্ৰাদাৰ্ছ’ৰ তৰফৰ পৰা নাজিৰাৰ মাদুৰীৰ জয়মতী উচ্চতৰ মাধ্যমিক বিদ্যালয়, নাজিৰা শংকৰদেৱ বিদ্যা নিকেতন, বৰতল উচ্চতৰ মাধ্যমিক বিদ্যালয়, শিমলুগুৰি নগৰ আৰু গ্ৰাম্যাঞ্চল, সোণাৰি উচ্চতৰ মাধ্যমিক বিদ্যালয় আৰু সোণাৰি নগৰৰ দশম শ্ৰেণীৰ একাংশ ছাত্র-ছাত্রীকে ধৰি দুই সহস্ৰাধিক শিক্ষাৰ্থীৰ মাজত শিক্ষাৰ সামগ্ৰী বিতৰণ কৰা হয়।
শিক্ষাৰ্থীসকলৰ মাজত পঢ়াৰ টেবুল, বহী, কলম, পেঞ্চিল, ৰবৰ আদি শৈক্ষিক সামগ্ৰী বিতৰণ কৰা হয়। তদুপৰি বানাক্ৰান্ত কিছু সংখ্যক লোকক বস্ত্র প্ৰদান কৰা হয়। উল্লেখ্য যে ১৯ জুলাইত দিখৌকে আদি কৰি কেইবাখনো নৈয়ে বিধ্বংসী ৰূপ লৈ চৰাইদেউ আৰু শিৱসাগৰ জিলাত বিস্তৰ ক্ষতি সাধন কৰে। জিলা দুখনৰ নাজিৰা আৰু সোণাৰিত বানত ব্যাপক ক্ষতিসাধন হৈছে। এই বিধ্বংসী বানৰ সময়ত টীম আন্নাৰ ৰাষ্ট্ৰীয় ক’ৰ কমিটীৰ প্ৰাক্তন সদস্য, আন্তৰাষ্ট্ৰীয় খ্যাতিসম্পন্ন সামাজিক কৰ্মী ডঃ দিব্যজ্যোতি শইকীয়াই দেশ-বিদেশৰ বহু সংবাদ মাধ্যমৰ যোগেদি সকলোৰে প্ৰতি সহায়ৰ হাত আগবঢ়াবলৈ আহ্বান জনাইছিল। দেশৰ বিভিন্ন প্ৰান্তৰ লোকক অসমৰ এই ভয়াৱহ বানৰ বিষয়ে অৱগত কৰি সহায়ৰ বাবে আহ্বান জনোৱা অসমৰ প্ৰথমগৰাকী সমাজকৰ্মী আছিল ডঃ দিব্যজ্যোতি শইকীয়া।
বান পৰিস্থিতি সন্দৰ্ভত ডঃ দিব্যজ্যোতি শইকীয়াই সংবাদ মাধ্যমৰ আগত ব্যক্ত কৰি বানত বিস্তৰ ক্ষতিগ্ৰস্ত হোৱা লোকক জৰীপ কৰি ১০ লাখ টকাৰ পৰা ৩৫ লাখ টকা পৰ্যন্ত আৰ্থিক ক্ষতিপূৰণ দিয়াৰ বাবে চৰকাৰৰ প্ৰতি আহ্বান জনায়। আনহাতে উজনিত মহাপ্ৰলয়ৰ সৃষ্টি কৰা এই বান পৰিস্থিতিৰ বাবে প্ৰকৃততে কোন জগৰীয়া সেই সন্দৰ্ভত উপযুক্ত তদন্তৰ দাবী কৰে সমাজকৰ্মী ডঃ শইকীয়াই।
