নিউজ ডেস্ক, ২৭ ছেপ্টেম্বৰ, ২০২৬ : উত্তৰ-পূব সীমান্ত ৰে’লৱেই (NF Railway) আইআইটি গুৱাহাটীৰ সৈতে সহযোগিতাৰে এই ৰে’লৱেৰ অধীনত চলাচল কৰা মালবাহী ৱাগনসমূহৰ সুৰক্ষা আৰু নিৰাপত্তা অধিক শক্তিশালী কৰাৰ লক্ষ্যৰে প্ৰজেক্ট দৃষ্টি নামৰ এক অত্যাধুনিক এআই ভিত্তিক প্ৰযুক্তিগত পদ্ধতি প্ৰৱৰ্তন কৰিছে। ২৫ ছেপ্টেম্বৰ, ২০২৬ তাৰিখে মালিগাঁওস্থিত উত্তৰ-পূব সীমান্ত ৰে’লৱে মুখ্য কাৰ্যালয়ত অনুষ্ঠিত এক অনুষ্ঠানত প্ৰজেক্ট দৃষ্টি আনুষ্ঠানিকভাৱে উদ্বোধন কৰা হয়। মালবাহী ৱাগনৰ দুৱাৰ, লক আৰু ছীলসমূহৰ নিৰীক্ষণ উন্নত প্ৰযুক্তিৰ জৰিয়তে অধিক শক্তিশালী কৰাৰ বাবে প্ৰজেক্ট দৃষ্টি বিকশিত কৰা হৈছে। এই ব্যৱস্থাত উচ্চ-গতিসম্পন্ন কেমেৰা, প্ৰসৰ আলোকসজ্জা ব্যৱস্থা, সুৰক্ষিত নেটৱৰ্কিং আৰু কৃত্ৰিম বুদ্ধিমত্তা একত্ৰিত কৰি ৱাগনৰ লক আৰু ছীলসমূহ দক্ষতাৰে নিৰীক্ষণ কৰাৰ লগতে যাত্ৰাপথত সম্ভাব্য অনিয়ম বা চুৰিৰ ঘটনা সময়মতে চিনাক্ত কৰাত সহায়ক হ’ব।

উক্ত অনুষ্ঠানটোত আইআইটি গুৱাহাটীৰ প্ৰতিনিধি আৰু ৰে’লৱেৰ জ্যেষ্ঠ বিষয়াসকলেও উপস্থিত থাকে। অনুষ্ঠানত ভাষণ প্ৰদান কৰি উত্তৰ-পূব সীমান্ত ৰে’লৱেৰ মহাপ্ৰৱন্ধক চেতন কুমাৰ শ্ৰীবাস্তৱে দেশৰ ধাৰাবাহিক যোগান ব্যৱস্থা অব্যাহত ৰখা, অত্যাৱশ্যকীয় সামগ্ৰী পৰিবহণ কৰা আৰু উদ্যোগ তথা কৃষিখণ্ডক সহায় কৰাৰ ক্ষেত্ৰত মালবস্তু পৰিবহণৰ গুৰুত্বপূৰ্ণ ভূমিকাৰ কথা উল্লেখ কৰে। তেওঁ কয় যে উত্তৰ-পূব সীমান্ত ৰে’লৱেৰ বাবে মালবস্তু পৰিবহণ বিশেষভাৱে গুৰুত্বপূৰ্ণ, কিয়নো ভৌগোলিক আৰু পৰিৱেশগত প্ৰত্যাহ্বানৰ বাবে এই অঞ্চলত পথ পৰিবহণ যথেষ্ট দুৰ্গম হৈ পৰাৰ পৰিৱৰ্তে ৰে’লৱেই আঞ্চলিক অৰ্থনীতিৰ বাবে এক জীৱনৰেখাস্বৰূপ হৈ পৰিছে। তেওঁ লগতে মালবাহী ৱাগনৰ দুৱাৰসমূহ সঠিকভাৱে বন্ধ আৰু সুৰক্ষিতভাৱে ছীল কৰাটো নিশ্চিত কৰাৰ ওপৰত আলোকপাত কৰে। পূৰ্বতে এই প্ৰক্ৰিয়া হাতেৰে সম্পন্ন কৰা হৈছিল, যিটো বিশেষকৈ নিশাৰ সময়ত আৰু প্ৰতিকূল বতৰৰ পৰিস্থিতিত যথেষ্ট কঠিন আৰু সময়সাপেক্ষ আছিল। প্ৰোজেক্ট দৃষ্টিয়ে অধিক দ্ৰুত, নিৰ্ভৰযোগ্য আৰু দক্ষ প্ৰযুক্তি সক্ষম নিৰীক্ষণেৰে এই প্ৰত্যাহ্বানসমূহৰ সমাধানৰ দিশত সহায় কৰিব।

নিৰ্ধাৰিত নিৰীক্ষণ স্থানসমূহৰ মাজেৰে ৰে’লগাড়ীখন অতিক্ৰম কৰি যোৱাৰ সময়ত এই পদ্ধতিটো মালবাহী ৱাগনসমূহ পৰীক্ষণ, ৱাগনৰ নম্বৰ চিনাক্ত কৰি ৱাগনৰ দুৱাৰ, লক আৰু ছীলৰ স্থিতি নিৰীক্ষণ কৰাৰ বাবে ডিজাইন কৰা হৈছে। ছীল আৰু লকসমূহ অক্ষুন্ন অৱস্থাত আছে নে নাই আৰু কোনো সম্ভাব্য অনিয়মৰ বাবে অধিক মনোযোগৰ প্ৰয়োজন আছে নেকি সেয়া চিনাক্ত কৰাত এই ব্যৱস্থাই সহায় কৰিব পাৰিব। এই পদ্ধতিয়ে পৰিদৰ্শনৰ ফলাফলসমূহ ডিজিটেলভাৱে সংৰক্ষণ কৰাৰ সুবিধাও প্ৰদান কৰিব, যাৰ ফলত ৰে’লৱেৰ কৰ্মচাৰীসকলে সময়মতে প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণ কৰিব পাৰিব। এই প্ৰযুক্তিনিৰ্ভৰ নিৰীক্ষণ ব্যৱস্থাই কনচাইনমেন্টৰ সুৰক্ষা নিশ্চিতকৰণ, বিলম্ব হ্ৰাস কৰাৰ লগতে ৰে’লৱে সুৰক্ষা বাহিনী তথা বাণিজ্যিক বিভাগৰ কৰ্মচাৰীকে ধৰি সন্মুখশাৰীৰ ৰে’লৱে কৰ্মচাৰীসকলৰ কাম অধিক সহজ কৰি তোলাত সহায় কৰিব বুলি আশা কৰা হৈছে। সম্ভাব্য অনিয়মসমূহ দ্ৰুতভাৱে চিনাক্ত কৰাৰ সুবিধা প্ৰদান কৰি এই পদ্ধতিয়ে মালবাহী সামগ্ৰীৰ নিৰীক্ষণ অধিক শক্তিশালী কৰাৰ লগতে কেৱল মেনুৱেলী কৰা পৰিদৰ্শনৰ ওপৰত নিৰ্ভৰশীলতা হ্ৰাস কৰিব বুলি আশা কৰা হৈছে।

উত্তৰ-পূব সীমান্ত ৰে’লৱে আৰু আইআইটি গুৱাহাটীৰ এই সহযোগিতাই শৈক্ষিক দক্ষতা, কৃত্ৰিম বুদ্ধিমত্তা আৰু ৰে’লৱেৰ পৰিচালনগত অভিজ্ঞতাক একত্ৰিত কৰি মাল পৰিবহণৰ দিশত এক বাস্তৱিক প্ৰত্যাহ্বানৰ সমাধান পথ প্ৰশস্ত কৰিছে। এই পদক্ষেপে ৰে’লৱেৰ পৰিচালন ব্যৱস্থা উন্নত কৰি মালবাহী সামগ্ৰীৰ সুৰক্ষা অধিক শক্তিশালী কৰাৰ ক্ষেত্ৰত প্ৰযুক্তিনিৰ্ভৰ সা-সুবিধাৰ সম্ভাৱনাকে প্ৰতিফলিত কৰিছে। অনুষ্ঠানত ভাষণ প্ৰদান কৰি মহাপ্ৰবন্ধকে আইআইটি গুৱাহাটী আৰু উত্তৰ-পূব সীমান্ত ৰে’লৱে বিষয়াবৰ্গ, পৰিদৰ্শক তথা কাৰিকৰী কৰ্মচাৰীসকলক এই ধাৰণাটো এক প্ৰযুক্তিগত সুবিধালৈ ৰূপান্তৰিত কৰাৰ দিশত আগবঢ়োৱা তেওঁলোকৰ অৱদানৰ বাবে অভিনন্দন জ্ঞাপন কৰে। তেওঁ আশা প্ৰকাশ কৰে যে প্ৰজেক্ট দৃষ্টিয়ে অনাগত দিনসমূহত অধিক সফলতা লাভ কৰিব আৰু এই পদক্ষেপে ভৱিষ্যতে উত্তৰ-পূব সীমান্ত ৰে’লৱে আৰু আইআইটি গুৱাহাটীৰ মাজত এনেধৰণৰ অধিক সহযোগিতামূলক প্ৰকল্প ৰূপায়ণৰ পথ প্ৰশস্ত কৰিব।