ডিগবৈ, ২২ নৱেম্বৰ: আজিৰে পৰা তৈল নগৰী ডিগবৈত অনুষ্ঠিত হৈছে ১৮ সংখ্যক ইণ্ডিয়ান অইল চাৰ্ভ মাষ্টাৰ গল্ফ প্ৰতিযোগিতা৷ ইণ্ডিয়ান অইল আৰু প্ৰফেচনেল গল্ফ ট্যুৰ অব ইণ্ডিয়া চমুকৈ পি জি টি আইৰ যৌথ উদ্যোগত ডিগবৈৰ গল্ফ লিংকত প্ৰফেচনেল টুৰ্নামেণ্টখনিৰ প্ৰিমিয়াৰ অনুষ্ঠিত হৈছে৷ আয়োজক মণ্ডলীয়ে এইবাৰ ৪০ লাখ টকাৰ প্ৰাইজমানি ঘোষনা কৰিছে৷ প্ৰতিযোগিতাখনিত অংশগ্ৰহনৰ বাবে দেশৰ বিভিন্ন প্ৰান্তৰ ৮০ গৰাকী খেলুৱৈৰ লগতে ৩ গৰাকী বিদেশী খেলুৱৈয়ে অংশগ্ৰহণ কৰিছে৷ বিদেশী খেলুৱৈ সকলৰ ভিতৰত ২০১৩ বৰ্ষৰ মাষ্টাৰ গল্ফৰ বিজয়ী অষ্ট্ৰেলিয়াৰ কুনাল ভাৰ্চিন, বাংলাদেশৰ মহম্মদ জামাল হুচেইন মৌলাহ আৰু দক্ষিন আফ্ৰিকাৰ সুদগ্ধ গল্ফ খেলুৱৈ ডামিয়ান নাইকাৰ ইতিমধ্যে ডিগবৈৰ ভূমিত পদাৰ্পন কৰিছে৷ আনহাতে ইণ্ডিয়ান অইলে এইবাৰ ডিগবৈ আৰু ইয়াৰ উপকণ্ঠ অঞ্চলৰ পৰা ৭ জনকৈ খেলুৱৈক নিৰ্বাচন কৰি প্ৰশিক্ষন প্ৰদান কৰি প্ৰফেচনেল গল্ফ খেলুৱৈলৈ উন্নীত কৰি গল্ফ টুৰ্ণামেণ্টত অংশ গ্ৰহনৰ সুবিধাও প্ৰদান কৰিছে৷ আজি পুৱাৰে পৰা আৰম্ভ হোৱা ১৮ সংখ্যক চাৰ্ভ মাষ্টাৰ গল্ফ প্ৰতিযোগিতাখনি অহা ২৫ নৱেম্বৰত অন্ত পৰিব৷