মায়ং, ২৩ নৱেম্বৰঃ গুৱাহাটীৰ চলি থকা যুৱ মহিলা বিশ্ব বক্সিঙ প্ৰতিযোগিতাত ভাগ লবলৈ অহা ৩৪ খন দেশৰ মহিলা বক্সাৰ আজি পুৱা উপস্থিত হয় পবিতৰা অভয়াৰণ্যত। ৩৪ খন দেশৰ মুঠ ৭০ গৰাকী মহিলা বক্সাৰ আৰু প্ৰতিযোগিতাৰ লগত জড়িত বিভিন্ন দেশৰ কৰ্মকৰ্তা সকলে উদুলি মুদুলি কৰিলে পবিতৰা অভয়াৰণ্যৰ বাকৰি। পুৱা ৬ বজাত বিভিন্ন দেশৰ পৰা অহা মহিলা বক্সাৰ, পৰিচালক আৰু কাৰিকৰী বিভাগৰ প্ৰতিনিধিসকল গুৱাহাটীৰ পৰা গৈ পবিতৰা উপস্থিত হয়। পবিতৰাত এই পৰ্যটকসকল হাতীৰ পিঠিত উঠি অভয়াৰণ্যখনৰ প্ৰাকৃতিক সৌন্দয্য উপভোগ কৰে আৰু বিশ্ব বিখ্যাত এশিঙীয়া গঁড় দেখি উৎফুল্লিত হয় পৰে। হাতী চাফাৰী লগতে পৰ্যটকসকল পবিতৰাত জীপ চাফাৰীৰো আনন্দ লয়। গুৱাহাটীৰ পৰা যোৱা এই পৰ্যটকসকলক আদৰণি জনায় অসম চৰকাৰৰ পৰ্য্যটন নিগমৰ অধ্যক্ষ জয়ন্ত মল্ল বৰুৱাই।