ডিগবৈৰ পৰা বিজয় সূত্রধৰ, ২৮ ডিচেম্বৰঃ চৌদিশে নৱবৰ্ষৰ উল্লাস ৷ কিন্তু এই উল্লাসে স্পৰ্শ কৰিব পৰা নাই তিনিচুকীয়া জিলাৰ ডিগবৈৰ এটি পৰিয়ালক৷ পৰিয়ালৰ মুৰব্বীজন এজন সাংবাদিক৷ পুৱাৰ পৰা নিশালৈ ৰাইজৰ মাজত বাতৰি বিলাই ফুৰা সাংবাদিকজন বৰ্তমান নিজেই এক সংবাদ৷ ৰ’দ কিম্বা বৰষুণ নেওচি দিনে-ৰাতিয়ে বাতৰিৰ পিছত দৌৰি ফুৰা সাংবাদিকজন হৈছে হীৰা ফুকন৷ এটা টেলিভিশ্বন চেনেল আৰু এখন দৈনিক কাকতৰ ডিগবৈৰ সংবাদদাতা নৈতিকতাৰ অতন্দ্ৰ প্ৰহৰী সাংবাদিকজনৰ জীৱনলৈ যোৱা ১০ ডিচেম্বৰৰ নিশা নামি আহিল কাল ধুমুহা৷ সেইদিনা নিশা প্ৰায় ২ টা বজাত উচ্চ ৰক্তচাপত আক্ৰান্ত হৈ বিচনাৰ পৰা বাগৰি পৰে৷ দুৰ্ভাগ্যৰ কথা এয়ে যে, সেইদিনা নিশা তেওৰ ৫ বছৰীয়া সন্তানৰ বাদে ঘৰত আন কোনো নাছিল৷ পত্নীৰ আছিল আই অ’ চি মেডিকেলত নাইট ডিউটি৷ পুৱা ৬:৩০ বজাত তেখেতে চাকৰিৰ পৰা উভতি আহি মুমুৰ্ষ অৱস্থাত উদ্ধাৰ কৰে হীৰা ফুকনক৷ ইয়াৰ পাছত ডিব্ৰুগড় স্থিত আদিত্য ডেয়েগনাষ্টিক চিকিৎসালয়ত সংকটজনক অৱস্থাত তেখেতক ভৰ্তি কৰোৱা হৈছিল যদিও ধনৰ অভাৱত সন্ধিয়ালৈ অসম চিকিৎসা মহাবিদ্যালয়লৈ স্থানান্তৰ কৰা হয়৷ ইয়াৰ পিছতে এসপ্তাহে অসম চিকিৎসা মহাবিদ্যালয়ৰ আই চিউ ইউত চিকিৎসাধীন হৈ থকাৰ পিছত তেওঁৰ ঠিকনা হৈ পৰে অসম চিকিৎসা মহাবিদ্যালয়ৰ কেবিন নং ১৪ ৷ মন কৰিবলগীয়া যে, প্ৰেচাৰ ষ্টক হৈ তেখেতৰ শৰীৰৰ বাও চাইডটো অৱশ হৈ পৰাৰ লগতে মগজুত ষ্ট্ৰক ঘটে৷ পৰিতাপৰ বিষয় সুদীৰ্ঘ ১৫ দিন অসম চিকিৎসা মহাবিদ্যালয়ৰ চিকিৎসালয়ত চিকিৎসা কৰায়ো তিল মাত্ৰও আৰোগ্য নহ’ল সাংবাদিক হীৰা ফুকন৷ অৱশেষত স্বাস্থ্যৰ দ্ৰুত অৱনমিত ঘটাত তেওঁক ২৫ ডিচেম্বৰৰ নিশা গুৱাহাটীৰ জি এন আৰ চি হাস্পতাললৈ স্থানান্তৰ কৰা হয়৷ বৰ্তমান দিশপুৰস্থিত জি এন আৰ চি চিকিৎসালয়ৰ দ্বিতীয় মহলাৰ ১২৬১ নম্বৰ কেবিন হৈছে সাংবাদিক হীৰা ফুকনৰ ঠিকনা৷ দুখৰ কথা এয়ে যে, ৰোগাক্ৰান্ত লোক আৰু দৰিদ্ৰ ছাত্ৰ ছাত্ৰীৰ বাবে সাহাৰ্য্যৰ আহ্বান কৰি সংবাদ পৰিবেশন কৰা আৰু যথাসাধ্য অনুসৰি নিজেই অনুদান আগবঢ়াই সহায় কৰা নৈতিকতাৰ অতন্দ্ৰ প্ৰহৰী সাংবাদিক হীৰা ফুকন আজি নিজেই এক বাতৰি৷ এই মুহূৰ্তত উন্নত চিকিৎসাৰ বাবে তেওঁক প্ৰয়োজন কেইবা লক্ষাধিক টকাৰ৷ কিন্তু এই মুহূৰ্ত্তত নাই তেওঁৰ হাতত ১০ হেজাৰো টকা৷ ডিব্ৰুগড়ৰ অসম চিকিৎসা মহাবিদ্যালয়ত চিকিৎসাধীন হৈ থকাৰ সময়ত মাৰ্ঘেৰিটা সমষ্টিৰ বিধায়ক ভাস্কৰ শৰ্মা, ডিগবৈ সমষ্ঠিৰ বিধায়ক সুৰেন ফুকন, আলফাৰ যুদ্ধবিৰতি গোটৰ নেতা জীতেন দত্ত, আপকু, তিনিচুকীয়া জিলা ছাত্ৰ সন্থাকে ধৰি বিভিন্ন জনে কিছু অৰ্থ সাহাৰ্য্য আগবঢ়াইছিল যদিও সেয়া ইতিমধ্যে উদং হৈছে৷ সততে সাংবাদিক বুলি ক’লে সোঁৱে বাওৱে নামি বেনামী ধনৰ অধিকাৰী বুলি ভবাৰ বিপৰীতে এয়া এজন সৎ আৰু নিষ্ঠাবান সাংবাদিকৰ কৰুন গাথাঁ৷ তেওঁৰ এই বিপদৰ সময়ত তেওঁক সহায় কৰিবলৈ আগবাঢ়ি আহিবনে কোনোবা৷ আবেদন নিবেদনৰ পিছতো এই মুহূৰ্তলৈকে তেওঁক সহায় কৰিবলৈ আগবাঢ়ি অহা নাই অসম চৰকাৰৰ স্বাস্থ্য বিভাগ৷ নে দুৰ্গতজনৰ অৰ্থ সাহাৰ্য্যৰ আহ্বান কৰি বাতৰি পৰিবেশন কৰি অহা সাংবাদিকজন নিজেই হৈ পৰিব এক দু সংবাদ৷ আপোনাৰ অকনমান সহানুভুতিয়ে তেওঁক জীয়াই থকাত সহায় কৰিব পাৰে৷ যি সকল সদাশয় লোকে তেওক সহায় কৰিব খোজে তেওঁলোকে তেখেতৰ পত্নীৰ বেংক একাউণ্টত সাধ্য অনুসৰি সাহাৰ্য্য প্ৰদান কৰিব পাৰিব৷

Kaberi Hazarika
A/c no :- 0012010756303
United bank of India
Digboi branch.