হাটশিঙিমাৰী : হাটশিঙিমাৰীত বাতৰি সংগ্ৰহ কৰিবলৈ যোগা সাংবাদিকক গো-মাফিয়াৰ আক্ৰমণ। সাংবাদিক ৰৌশনাল কাবিৰ মণ্ডলৰ ওপৰত গো মাফিয়াৰ আক্ৰমণ। আহত সাংবাদিক গৰাকীৰ কেমেৰা ভাঙিলে ৰাষ্ট্ৰীয় গো ৰক্ষা বাহিনীয়ে। অন কেমেৰা সাংবাদিক ৰৌশনাল কাবিৰ মণ্ডলক ভাবুকি দিয়া ৯ গো মাফিয়াৰ বিৰুদ্ধে এজাহাৰ। দক্ষিণ শালমাৰা-মানকাচৰ জিলাৰ সদৰ হাটশিঙিমাৰীৰ শান্তিপুৰ গাঁৱত সংঘটিত হয় এই ঘটনা।

মঙলবাৰে নিশা প্ৰায় ১০.৩০ বজাত ৩০ টা গৰু লৈ গৰু সৰবৰাহকাৰীৰ এটা দল ৰাজপথেৰে গৈ থকা অৱস্থাত জিলাখনৰ সাংবাদিক ৰৌশনাল কাবিৰ মণ্ডলে কেমেৰাত গৰু লৈ যোৱাৰ দৃশ্য সংগ্ৰহ কৰি থকা অৱস্থাত ৰাষ্ট্ৰীয় গো ৰক্ষা বাহিনী গো সেৱা সংঘৰ ১০-১২ জনীয়া দল এটা সাংবাদিক গৰাকীক আক্ৰমণ কৰে। দলটোৱে আহত সাংবাদিক ৰৌশনাল কাবিৰ মণ্ডলৰ ১.২০ লাখ টকীয়া কেমেৰাও ভাঙি পেলায়। ঘটনাক লৈ বুধবাৰে সাংবাদিক গৰাকীয়ে জিলা আৰক্ষী অধীক্ষকৰ ওচৰত ৯ গো মাফিয়াৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰে।

উল্লেখ্য যে এটা ব্যক্তিগত ছেটেলাইট চেনেল তথা নিয়মীয়া বাৰ্তাৰ দক্ষিণ শালমাৰা-মানকাচৰৰ সংবাদদাতা ৰৌশনাল কাবিৰ মণ্ডল মঙলবাৰে নিশা প্ৰায় ১০.৩০ বজাত জিলাৰ সদৰৰ পৰা নিজৰ শান্তিপুৰস্থিত বাসভৱনলৈ আহি থকা অৱস্থাত ৰাস্তাৰে গৰু সৰবৰাহকাৰীৰ এটা দল গৰু লৈ যোৱা প্ৰত্যক্ষ কৰে। লগে লগে সাংবাদিক গৰাকীয়ে জিলা আৰক্ষী অধীক্ষক সুবোদ কুমাৰ সনোৱালৰ লগতে খাৰুৱাবান্ধা আৰক্ষী চকীক অৱগত কৰি আন দুগৰাকী জিলা সাংবাদিকক ঘটনাস্থলীত ততকালীনভাৱে আহিবলৈ কয়। প্ৰায় ১০ মিনিট সময়ৰ ভিতৰত সহকৰ্মী সাংবাদিকদ্বয় ঘটনাস্থলীত উপস্থিত হোৱা দেখি সাংবাদিক ৰৌশনাল কাবিৰ মণ্ডল নিজৰ কেমেৰা উলিয়াই গৰু লৈ যোৱাৰ দৃশ্য সংগ্ৰহ কৰিবলৈ ধৰে।

নিশাৰ ভাগত গৰু লৈ যোৱাৰ দৃশ্য সাংবাদিক গৰাকীয়ে কেমেৰাত সংগ্ৰহ কৰি থকা অৱস্থাত হঠাৎ ৰাষ্ট্ৰীয় গো ৰক্ষা বাহিনী গো সেৱা সংঘৰ সভাপতিসহ ১০-১২ জনীয়া দুৰ্বৃত্তৰ দল এটা সাংবাদিক গৰাকীক আক্ৰমণ কৰে। প্ৰথম অৱস্থাত গো মাফিয়া কেইজনে সাংবাদিক গৰাকীক প্ৰহাৰ কৰিবলৈ চেষ্টা চলায় যদিও আন সহযোগী সাংবাদিকে বাধা দিয়াত পৰৱৰ্তী সময়ত সংবাদিক গৰাকীৰ কেমেৰা কাঢ়ি নিয়াৰ লগতে পকেটত থকা পৰিচয় পত্ৰ আৰু নগদ তিনি হেজাৰ টকা কাঢ়ি নি আক্ৰমণ কৰিবলৈ ধৰে। ফলত সাংবাদিক গৰাকী সোঁ-হাতৰ এটা আঙুলি আঘাতপ্ৰাপ্ত হয়।

তোৰ বাবেই আমাৰ ব্যৱসায় বন্ধ হৈছে বুলি ভাবুকি দিয় সাংবাদিক গৰাকীৰ হাতত থকা ১.২০ লাখ টকীয়া কেমেৰা গো মাফিয়াৰ দলটো ভাঙি পেলায়ই প্ৰাণে মাৰাৰ চেষ্টা চলায়। পৰিস্থিতি উত্তপ্ত হোৱাৰ ফলত স্থানীয় লোক উপস্থিত হৈ সাংবাদিক গৰাকীক কোনোমতে উদ্ধাৰ কৰাত গো মাফিয়াৰ দলটো সুযোগ বুজি হত্যা কৰিব বুলি ভাবুকি প্ৰদান কৰি ঘটনাস্থলীৰ পৰা গৰু লৈ আতৰি যায়। এই ঘটনাক লৈ সাংবাদিক ৰৌশনাল কাবিৰ মণ্ডলে জিলা আৰক্ষী অধীক্ষকৰ ওচৰত এখন এজাহাৰ দাখিল কৰিছে। জিলা কিষাণ মৰ্চাৰ সভাপতি তথা ৰাষ্ট্ৰীয় গো ৰক্ষা বাহিনী গো সেৱা সংঘৰ সভাপতি অজয় পাল, মোনা মিঞা, মঞ্জিল হক, অহেদুৰ ৰহমান, আনিছুৰ ৰহমান (গাজী), জাইদুল ইছলাম, নুৰ আফ্ৰুজ (ভণ্ড বাবু), সফিকুল ইছলাম আৰু আশ্ৰাফুল ইছলামৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰিছে।

জিলা আৰক্ষী অধীক্ষকে এজাহাৰখন সংগ্ৰহ কৰি সুখচৰ থানালৈ প্ৰেৰণ কৰা বুলি জানিব পৰা গৈছে। এই সন্দৰ্ভত আৰক্ষী অধীক্ষকে জানিবলৈ দিয়া মতে মঙলবাৰে পুৱতি নিশা আৰক্ষীয়ে মুঠ ২৭ টা চোৰাং গৰু জব্দ কৰি হাটশিঙিমাৰী গো শালাত জমা কৰিছিল। গৰু কেইটা ৰাষ্ট্ৰীয় গো ৰক্ষা বাহিনীক আৰক্ষীয়ে চমজাই দিয়াৰ পিছত তেওঁলোক গৰু কেইটা নিজৰ গোশালালৈ নি থকা অৱস্থাত এই ঘটনা সংঘটিত হৈছে। কিন্তু প্ৰশ্নৰ বিষয়া এয়া যে আৰক্ষীয়ে পুৱতি নিশাৰ ভাগতে জব্দ কৰা গৰু কিয় এইদৰে নিশা ১০.৩০ বজাতহে গোশালাক চমজাই দিবলগীয়া হ’ল? গোশালাৰ গৰু লৈ যোৱাৰ দৃশ্য সাংবাদিকে সংগ্ৰহ কৰিলে ৰাষ্ট্ৰীয় গো ৰক্ষা বাহিনী গো সেৱা সংঘৰ কিয় মূৰৰ কামোৰণী হয়? গোপনে গৰু কেইটা চোৰাং কাৰবাৰ কৰিবলৈ অনা হৈছিল নেকি তাক দল-সংগঠনৰ মাজত প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে।

তথ্য অনুসৰি আৰক্ষীয়ে জব্দ কৰা গৰু আদালতত দিয়ে। আদালতৰ পৰা গৰুৰ লালন পালনৰ বাবে গোশালা আৰু খোৱাৰাক দায়িত্ব দিয়ে। কিন্তু গোশালাৰ লগত জড়িত সকলে কিয় সাংবাদিকক গৰুৰ ফটো উটাবলৈ নিদিয়ে তাক লৈ সচেতন মহলত সন্দেহৰ সৃষ্টি হৈছে। কিছুদিন পূৰ্বে সুখচৰৰ টেংনামাৰীৰ এই ৰাষ্ট্ৰীয় গো ৰক্ষা বাহিনী গো সেৱা সংঘৰ গোশালাৰ পৰা ৪৬ টা গৰু নোহোৱা হোৱাৰ তথ্য পোহৰলৈ আহিছিল হাটশিঙিমাৰী জিলা আদালাৰ এক বিশেষ অনুসন্ধানত। আদালৰ প্ৰতিবেদনক লৈ বাতৰি প্ৰচাৰ কৰাৰ পিছৰে পৰা গোশালাৰ কৰ্মকৰ্তাৰ মূৰৰ কামীৰণী হৈ পৰিছে সাংবাদি ৰৌশনাল কাবিৰ মণ্ডল।