দিছপুৰ, নৱেম্বৰ ৭: মুখ্যমন্ত্রী সর্বানন্দ সোণোৱালে মহানগৰীৰ তাজ বিভান্ট হােটেলত আয়ােজিত এক অনুষ্ঠানত ১৯ নৱেম্বৰৰ পৰা ২৬ নৱেম্বৰলৈ গুৱাহাটী মহানগৰীত অনুষ্ঠিত হ’বলগীয়া এ আই বি এ যুৱ মহিলা বিশ্ব বক্সিং চেম্পিয়নশ্বিপৰ অফিচিয়েল ল’গ’, মেছকট আৰু এনথেম আনুষ্ঠানিকভাৱে উন্মোচন কৰে। উল্লেখ্য যে দেশত পোনপ্ৰথম বাৰৰ বাবে বিশ্ব মহিলা বক্সিং চেম্পিয়নশ্বিপ আয়োজন কৰা হৈছে আৰু এই প্রতিযোগিতাত ৩৯ খন দেশৰ ১৯৩ গৰাকী পঞ্জীয়নকৃত যুৱ মহিলা মুষ্টিযুদ্ধই অংশ গ্রহণ কৰিব৷  আর্জেনটিনাৰ বিউন’চ আয়াৰত ২০১৮ বৰ্ষত অনুষ্ঠিত হ’বলগীয়া যুৱ অলিম্পিক ক্রীড়াৰ ৫১  কেঃজিঃ ওজনৰ শাখাৰ ফ্লাই ৱেইট, ৫৭ কেঃজিঃ ওজনৰ শাখাৰ ফিডাৰ ৱেইট, ৬০ কেঃজিঃ ওজনৰ শাখাৰ লাইট ৱেইট, আৰু ৭৫ কেঃজিঃ ওজনৰ শাখাৰ মিডিল ৱেইটৰ লেখীয়া বিভিন্ন ওজনৰ শাখাৰ মুষ্টিযুদ্ধাৰ বাবে এই প্রতিযোগিতা কোৱালিফাইং প্রতিযোগিতা হিচাপে চিহ্নিত হৈছে। ২০২০ চনত টকিঅ’ত অনুষ্ঠিত হ’বলগীয়া অলিম্পিক ক্রীড়াৰ বাবেও এই প্রতিযোগিতাৰ এক উল্লেখযোগ্য প্রতিযোগিতা হিচাপে চিহ্নিত হৈছে। ল’গ’, মেছকট আৰু এন থেম উন্মোচন কৰি প্ৰদান কৰা ভাষণত মুখ্যমন্ত্রী সর্বানন্দ সোণোৱালে কয় যে গুৱাহাটীত বহুসংখ্যক বিশ্বমানৰ ক্রীড়া প্রতিযোগিতা অনুষ্ঠিত হৈ আছে আৰু ভৱিষ্যতেও মহানগৰীখনত আৰু অধিক সংখ্যক বিশ্বমানৰ প্ৰতিযোগিতা অনুষ্ঠিত হ’ব। এই প্রতিযোগিতাসমূহত অংশ গ্রহণকাৰী খেলুৱৈ তথা বিভিন্ন দেশৰ কৰ্মকর্তাসকলক সাদৰেৰে আতিথ্য প্রদান কৰি সংস্কৃতি বিশ্বৰ দৰবাৰত প্রতিষ্ঠা কৰাৰ কামত চৰকাৰৰ লগত সহযোগিতা আগবঢ়াবলৈও মুখ্যমন্ত্রীয়ে ৰাজ্যখনৰ জনসাধাৰণক আহ্বান জনায়। ৰাজ্য চৰকাৰৰ ২০১৭-১৮ বৰ্ষত ৫০০ খন খেলপথাৰ উন্নীতকৰণৰ বাবে পদক্ষেপ লৈছে বুলি উল্লেখ কৰি ডিব্ৰুগড়, উত্তৰ লখিমপুৰ আৰু শুৱালকুছিত অত্যাধুনিক ক্রীড়া ষ্টেডিয়াম ৰাজ্য চৰকাৰে অতি সোনকালে নির্মাণ কৰিব বুলিও মুখ্যমন্ত্রীয়ে কয়। কেৱল মাত্র ক্রীড়া আন্তঃগাঁথনি উন্নীতকৰণেৰে খেলৰ প্রেক্ষাপট সলনি নহয় বুলি উল্লেখ কৰি অভিভাৱক আৰু শিক্ষক-শিক্ষয়িত্ৰীসকলক তেওঁলোকৰ ল’ৰা-ছােৱালীক বিদ্যায়তনিক শিক্ষাৰ উপৰি ক্ৰীড়াক জীৱনৰ অংগ হিচাপে ল’বলৈ উদগনি যোগাবলৈও মুখ্যমন্ত্রীয়ে আহ্বান জনায় যাতে আমাৰ ৰাজ্যখনৰ সুনাম ক্রীড়াৰ জৰিয়তে অর্জন কৰিব পৰা যায়৷ প্রধানমন্ত্রী নৰেন্দ্ৰ মোডী নেতৃত্বাধীন কেন্দ্রীয় চৰকাৰে ক্রীড়াৰ দিশত যথেষ্ট গুৰুত্ব প্রদান কৰিছে বুলি উল্লেখ কৰি ৰাজ্য চৰকাৰেও গুৱাহাটী দেশৰ ক্রীড়া ৰাজধানী হিচাপে গঢ়ি তোলাৰ ক্ষেত্ৰত নিষ্ঠাসহকাৰে পদক্ষেপ লৈছে বুলি মুখ্যমন্ত্রীয়ে কয়।