খাৰুপেটিয়া, নৱেম্বৰ ৭: অসমৰ বিভিন্ন পূজা উৎসৱ সমুহত মূৰ্তি নিৰ্মাণ কৰি সুনাম অৰ্জন কৰাৰ লগতে  খাৰুপেটিয়াৰ ৬৫ ফুট উচ্চতাৰ ৰাৱন,  কুম্ভকৰ্ণ আৰু মেঘনাথৰ মূৰ্তি নিৰ্মাণ  কৰি ব্যাপক সফলতা অৰ্জন কৰিবলৈ সক্ষম হোৱা দৰঙৰ বেছিমাৰীৰ  যুৱ চিত্ৰ শিল্পী  ছফিকুল ইছলামে এইবাৰ নিৰ্মাণ কৰি উলিয়াইছে অসম গৌৰৱ এশিঙীয়া গড়৷ সাত ফুট ছয় ইঞ্চি দীৰ্ঘ আৰু তিনি ফুট ছয় ইঞ্চি উচ্চতাৰ কংক্ৰীটৰ গড়টো মাত্ৰ ৬ ঘণ্টাত বিনা পাৰিশ্ৰমিকেৰে নিৰ্মাণ কৰে দৰঙৰ দলগাঁও শিয়ালমাৰী শিক্ষাখণ্ডৰ অন্তৰ্গত ৪ নং বৰুৱাঝাৰ দক্ষিণ চুবা প্ৰাথমিক বিদ্যালয়ত৷ বিদ্যালয়খনৰ চাৰিবেৰত মহামানৱ মহত্মা গান্ধী, ভাৰত ৰত্ন এপি জে আবুল কালামৰ লগতে স্বাধীনতা সংগ্ৰামী বৰেণ্য ব্যক্তিসকলৰ চিত্রৰ লগতে কাজিৰঙাত থকা বিভিন্ন জীৱ-জন্তুৰ ছবি  অংকিত কৰি বিদ্যালয়ৰ সৌন্দৰ্য্য বৃদ্ধি কৰিছে৷ লগতে ছাত্ৰ-ছাত্ৰী সকলৰ মনোযোগ আকৰ্ষণ কৰিবৰ কাৰণে বিদ্যালয়ৰ সন্মুখত বিভিন্ন ধৰণৰ ফুলৰ বাগিছা আৰু ফল-মুলৰ গছ ৰূপন কৰা দেখা যায়৷  যিসময়ত চৰকাৰী বিদ্যালয়ৰ পৰিচালনা সমিতিৰ বিষয়ববীয়াসকলৰ লগতে সদস্য সচিবজনেও মধ্যাহ্ন ভোজনৰ পৰা আদি কৰি বিদ্যালয়ৰ বিভিন্ন খিতানৰ ধন আত্মসাত কৰি নিলম্বিত হ’বলগা হৈছে কিন্তু  সেই সময়তে জিলাখনৰ ৪ নং বৰুৱাঝাৰ দক্ষিণ চুবা প্ৰাথমিক বিদ্যালয়ত  বিদ্যালয়খনৰ পৰিচালনা সমিতিৰ সভাপতি আস্কৰ আলী আৰু প্ৰধান শিক্ষক ওৱাজুদ্দিন আহমেদৰ কৰ্মৰ সলাগ লয় স্থানীয় ৰাইজ তথা বিভিন্ন দল সংগঠনে ৷ বেছিমাৰী মণ্ডল সমল কেন্দ্ৰৰ সমন্বয়ক আব্দুল মালিকৰ পৰামৰ্শ অনুযায়ী  প্ৰধান শিক্ষকজনে নিজৰ গাঁঠিৰ ধন খৰচ কৰি বিদ্যালয়খনৰ চাৰিবেৰত বিভিন্ন ধৰণৰ চিত্র আলোকিত কৰি ন- কন্যাৰ ৰূপত সজাই তুলিছে বিদ্যালয় খন৷ অসম গৌৰৱ তথা অসমৰ সম্পদ এশিঙীয়া গড়ৰ সংৰক্ষণ আৰু সুৰক্ষাৰ প্ৰতি সজাগতা সৃষ্টিৰ বাবে প্ৰায় ৪০ হাজাৰ টকা খৰচ কৰি বিদ্যালয়ৰ সন্মুখত  নিৰ্মাণ কৰিছে এটা এশিঙীয়া গড়৷