নগাঁও, নৱেম্বৰ ৭: নগাঁৱৰ অন্যতম সামাজিক-সাংস্কৃতিক অনুষ্ঠান অবিনশ্বৰ গোষ্ঠীৰ উদ্যোগত অনুষ্ঠিত এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত বিশিষ্ট অভিনেতা সমুদ্ৰ বৰদলৈক “কুবেৰ অবিনশ্বৰ শিল্পী বঁটা” প্ৰদান কৰাৰ লগতে সুধাকণ্ঠৰ স্মৃতি দিৱস পালন কৰে৷ এই উপলক্ষে ড’ ভবেন্দ্ৰ নাথ শইকীয়া প্ৰেক্ষাগৃহত অনুষ্ঠিত হয় বিভিন্নধৰণৰ সাংস্কৃতিক অনুষ্ঠান৷ অবিনশ্বৰ গোষ্ঠীৰ ব্যৱস্থাপনাত চলি থকা ৰুদ্ৰ বৰুৱা সংগীত বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলে ড’ ভূপেন হাজৰীকাৰ গীত-মাতেৰে জীপাল কৰি তোলা সাংস্কৃতিক অনুষ্ঠানৰ মাজতে কলিয়াবৰৰ যশস্বী অভিনেতা,পৰিচালক, সংগঠক আৰু সমাজকৰ্মী সমুদ্ৰ বৰদলৈক এইবৰ্ষৰ “কুবেৰ অবিনশ্বৰ শিল্পী বঁটা” প্ৰদান কৰা হয়৷ ফুলাম গামোছা, চেলেং, স্মাৰক, সম্বৰ্ধনা পত্ৰ আৰু নগদ ধনেৰে কুবেৰ অবিনশ্বৰ শিল্পী বঁটা গ্ৰহণ কৰি অভিনেতাগৰাকী আৱেগিক হৈ পৰে৷ অঞ্চলৰ বিশিষ্ট ব্যক্তিসকলৰ উপস্থিতিত ড’ ভূপেন হাজৰিকাৰ স্মৃতি দিৱসৰ লগত সংগতি ৰাখি এগৰাকী সঁচা শিল্পীক এই বঁটা প্ৰদান কৰা বাবে অবিনশ্বৰক সকলোৱে একমুখে প্ৰশংসা কৰিছে৷