দক্ষিণ শালমাৰা : দক্ষিণ শালমাৰাৰ টুমনিত বিদ্যুৎ বিভাগৰ বিৰুদ্ধে আছুৰ উত্তাল প্ৰতিবাদ। এমাহে বিদ্যুৎ সেৱা কৰ্তন হৈ থকা ৭০ খন গাঁৱৰ গ্ৰাহকক বিল দিয়াক লৈ প্ৰতিক্ৰিয়া। শক্তি মন্ত্ৰী নন্দিতা গাৰ্লোচাৰ প্ৰতিমূৰ্তি দাহ প্ৰতিবাদকাৰীৰ। ৪৮ ঘণ্টাৰ ভিতৰত বিদ্যুৎ যোগান নহ’লে জিলা উপায়ুক্তৰ কাৰ্যালয় ঘেৰাও কৰি প্ৰতিবাদৰ হুংকাৰ আছুৰ।

দক্ষিণ শালমাৰা-মানকাচৰ জিলাৰ দক্ষিণ শালমাৰা সমষ্টিৰ অন্তৰ্গত টুমনিত মঙলবাৰে দক্ষিণ শালমাৰা আঞ্চলিক ছাত্ৰ সন্থাই বিদ্যুৎ বিভাগৰ বিৰুদ্ধে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰি শক্তিমন্ত্ৰী নন্দিতা গাৰ্লোচাৰ প্ৰতিমূৰ্তি দ্বাহ।কৰে। প্ৰতিবাদকাৰী আছু কৰ্মীৰ সকলৰ লগতে স্থানীয় ৰাইজে বিদ্যুৎ বিভাগৰ বিৰুদ্ধে তীব্র ক্ষোভ উজাৰে।

উল্লেখ্য যে বানৰ সময়ত ব্ৰহ্মপুত্ৰ নদীৰ গৰাখহনীয়াত বিদ্যুৎ খুটা ভাঙি যোৱাৰ ফলত বিগত প্ৰায় এমাহ ধৰি দক্ষিণ শালমাৰাৰ সাতখনকৈ গাঁও পঞ্চায়ত এলেকা প্ৰায় ৭০ খন গাঁও বিদ্যুৎ সেৱাৰ পৰা বঞ্চিত হৈ আছে। টুমনি, মনিৰচৰ, পাটাকাটা, শালমাৰাকে ধৰি মুঠ ৭ খন গাঁও পঞ্চায়ত এলেকাৰ প্ৰায় ৭০ খন গাঁৱত এমাহ ধৰি বিদ্যুৎ সেৱা কৰ্তন হৈ থকাৰ পিছতো এই গাঁও সমূহৰ গ্ৰাহকক বিল প্ৰদান কৰাত গ্ৰাহক সকল জাঙুৰ খাই উঠিছে।

দক্ষিণ শালমাৰা আঞ্চলিক ছাত্ৰ সন্থা চমুকৈ আছুৰ লগতে প্ৰায় শতাধিক লোক হাতে হাতে বেনাৰ, পোষ্টাৰ, প্লে-কাৰ্ড লৈ বিদ্যুৎ বিভাগৰ বিৰুদ্ধে বিভিন্ন শ্ল’গানেৰে প্ৰতিবাদ সাব্যস্ত কৰে। আঞ্চলিক আছুৰ সভাপতি মনিনুৰ ৰহমান আৰু সম্পাদক আজিজুৰ ৰহমানৰ নেতৃত্বত এই প্ৰতিবাদী কাৰ্যসূচীত সদৌ দক্ষিণ শালমাৰা-মানকাচৰ জিলা ছাত্ৰ সন্থাৰ উপ সভাপতি ৰাকিবুল ইছলাম উপস্থিত থাকি শক্তিমন্ত্ৰী নন্দিতা গাৰ্লোচাৰ প্ৰতিমুৰ্তি দাহ কৰে।

প্ৰতিবাদকাৰী আছুৰ সদস্য সকলে অভিযোগ কৰে যে মানকাচৰ বিদ্যুৎ বিভাগৰ বিষয়া-কৰ্মচাৰী সকল জিলাখনত বিদ্যুৎ সেৱা যোগান ধৰাত সম্পূৰ্ণ ব্যৰ্থ হৈছে। আগন্তক ৪৮ ঘণ্টাৰ ভিতৰত এই ৭০ খন গাঁৱত বিদ্যুৎ যোগানৰ ব্যৱস্থা নকৰিলে ৭০ খন গাঁৱৰ হেজাৰ হেজাৰ জনতাই জিলা উপায়ুক্তৰ কাৰ্যালয় ঘেৰাও কৰি উত্তাল প্ৰতিবাদ খণ্ড কৰাৰো হুংকাৰ প্ৰদান কৰে প্ৰতিবাদকাৰী আছু সদস্য সকলে।