৮ মাৰ্চৰ পৰা গুৱাহাটীত ৪৩ সংখ্যক আন্তঃজিলা জুনিয়ৰ আৰু ছিনিয়ৰ এথলেটিকছ

In ক্ৰীড়াংগন
TheChocolateRoomTezpur

গুৱাহাটী : অসম এথলেটিকছ সন্থাৰ উদ্যোগত চলিত বৰ্ষৰ ৮ মাৰ্চৰ পৰা ১১ মাৰ্চলৈ গুৱাহাটীৰ ইন্দিৰা গান্ধী এথলেটিকছ ষ্টেডিয়ামত অনুষ্ঠিত হ’ব ৪২ সংখ্যক আন্তঃজিলা জুনিয়ৰ আৰু ছিনিয়ৰ এথলেটিকছ প্ৰতিযোগিতা। এই প্ৰতিযোগিতা ল’ৰা-ছোৱালী উভয় শাখাত অনূৰ্ধ্ব ১৪, অনূৰ্ধ্ব ১৬, অনূৰ্ধ্ব ১৮, অনূৰ্ধ্ব ২০ আৰু পুৰুষ-মহিলাৰ ছিনিয়ৰ শাখাত অনুষ্ঠিত হ’ব। অনূৰ্ধ্ব ১৪ শাখাৰ ইভেন্টসমূহ ক্ৰমে ৬০ মিটাৰ দৌৰ, ৬০০ মিটাৰ দৌৰ, হাই জাম্প, লং জাম্প, শ্বটপুট আৰু বল থ্ৰ’। অনূৰ্ধ্ব ১৬ শাখাৰ ইভেন্টসমূহত আছে ১০০ মিটাৰ দৌৰ, ৩০০ মিটাৰ দৌৰ, ৮০০ মিটাৰ দৌৰ, ২০০০ মিটাৰ দৌৰ, ৮০ মিটাৰ হাৰ্ডলছ, হাই জাম্প, লং জাম্প, শ্বটপুট, ডিছকাছ থ্ৰ’, জেভেলিন থ্ৰ’, হেমাৰ থ্ৰ’, ৫০০০ মিটাৰ ৰেচ ৱাক আৰু মীডলে ৰীলে।

অনূৰ্ধ্ব ১৮ত ১০০ মিটাৰ দৌৰ, ২০০ মিটাৰ দৌৰ, ৪০০ মিটাৰ দৌৰ, ৮০০ মিটাৰ দৌৰ, ১৫০০ মিটাৰ দৌৰ, ৩০০০ মিটাৰ দৌৰ, ১১০ মিটাৰ হাৰ্ডলছ, ৪০০ মিটাৰ হাৰ্ডলছ, হাই জাম্প, প’লভন্ট, লং জাম্প, ত্ৰিপল জাম্প, শ্বটপুট, ডিছকাছ থ্ৰ’, জেভেলিন থ্ৰ’, হেমাৰ থ্ৰ’, ১০,০০০ মিটাৰ ৰেচ ৱাক আৰু মীডলে ৰীলে ইভেন্টসমূহ অনুষ্ঠিত হ’ব। অনূৰ্ধ্ব ২০ বছৰ শাখাত ১০০ মিটাৰ দৌৰ, ২০০ মিটাৰ দৌৰ, ৪০০ মিটাৰ দৌৰ, ৮০০ মিটাৰ দৌৰ, ১৫০০ মিটাৰ দৌৰ, ৫০০০ মিটাৰ দৌৰ, ১০,০০০ মিটাৰ দৌৰ, ১১০ মিটাৰ হাৰ্ডলছ, ৪০০ মিটাৰ হাৰ্ডলছ, হাই জাম্প, প’লভন্ট, লংজাম্প, ত্ৰিপল জাম্প, শ্বটপুট, ডিছকাছ থ্ৰ’, জেভেলিন থ্ৰ’, হেমাৰ থ্ৰ’, ১০,০০০ মিটাৰ ৰেচ ৱাক, ৪x১০০ মিটাৰ ৰীলে আৰু ৪x৪০০ মিটাৰ ৰীলে ইভেন্টসমূহ অনুষ্ঠিত হ’ব ।

আনহাতে, ছিনিয়ৰ পুৰুষ-মহিলাৰ শাখাত ১০০ মিটাৰ দৌৰ, ২০০ মিটাৰ দৌৰ, ৪০০ মিটাৰ দৌৰ, ৮০০ মিটাৰ দৌৰ, ১৫০০ মিটাৰ দৌৰ, ৫০০০ মিটাৰ দৌৰ, ১০,০০০ মিটাৰ দৌৰ, ১১০ মিটাৰ হাৰ্ডলছ, ৪০০ মিটাৰ হাৰ্ডলছ, হাই জাম্প, প’লভন্ট, লংজাম্প, ত্ৰিপল জাম্প, শ্বটপুট, ডিছকাছ থ্ৰ’, জেভেলিন থ্ৰ’, হেমাৰ থ্ৰ’, ১০,০০০ মিটাৰ ৰেচ ৱাক, ৪x১০০ মিটাৰ ৰীলে আৰু ৪x৪০০ মিটাৰ ৰীলে ইভেন্টসমূহ অনুষ্ঠিত হ’ব।প্ৰতিযোগিতাখনত ৰাজ্যৰ ৩৫ খন জিলাৰ ৯০০ খেলুৱৈ আৰু অফিচিয়েলে অংশগ্ৰহণ কৰিব বুলি শনিবাৰে অসম অলিম্পিক সন্থাৰ সভাকক্ষত অনুষ্ঠিত এখন সংবাদমেলত অসম এথনেটিকছ সন্থাৰ সভাপতি লক্ষ্য কোঁৱৰে জানিবলৈ দিয়ে।

You may also read!

তিনিদিনীয়া ভ্ৰমণসূচীৰে গুৱাহাটীত জে চি আইৰ ৰাষ্ট্ৰীয় সভাপতি

গুৱাহাটী : দেশৰ আটাইতকৈ জনপ্ৰিয় আৰু সক্রীয়া স্বেচ্ছাসেৱী সংগঠন জুনিয়ৰ চেম্বৰ ইণ্টাৰনেচনেল চমুকৈ জে চি আই। ১০০ বছৰীয় পুৰণি

Read More...

অভিযুক্তক প্ৰহাৰ আৰু ধনদাবী কৰি গ্ৰেপ্তাৰ ভাৰপ্ৰাপ্ত বিষয়া হাইদৰ হুছেইন

নগাঁও : নগাঁও জিলাৰ ৰূপহীহাট আৰক্ষী থানাৰ অন্তৰ্গত কাৱৈমাৰী আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া এতিয়া ৰঙা ঘৰৰ আলহী। কাৰণ

Read More...

বৰক্ষেত্ৰীৰ কেইজনমান সাধাৰণ যুৱকে দেখুৱালে মানৱতা

আজিজ আলী মুকালমুৱা : কেইজনমান সাধাৰণ যুৱকে দেখুৱালে মানৱতা। বানাক্ৰান্ত ৰাইজৰ কাষত থিয় দিলে কেইজনমান সাধানৰ যুৱক। নিজৰ গাঁঠিৰ ধন

Read More...

Mobile Sliding Menu