জোনমণি বেগম
বিশ্বনাথ : ৰক্তদান কৰি এজন যুৱকে দেখুৱাইছে আদৰ্শ। এবাৰ দুবাৰ নহয় ১৩৮ বাৰ ৰক্তদান কৰিলে বিশ্বনাথৰ এজন যুৱকে। মঙলবাৰে বিশ্ব ৰক্তদান দিৱসৰ দিনা চৰ্চালৈ আহিছে বিশ্বনাথৰ ১৩৮ বাৰকৈ ৰক্তদান কৰা যুৱকজন।

বিশ্বনাথৰ বিলাল শ্বেখ নামৰ এজন যুৱকে এই পৰ্যন্ত ১৩৮ বাৰকৈ ৰক্তদান কৰি জীবন দান কৰিছে কেইবাগৰাকী লোকক। বিলাল শ্বেখে মঙলবাৰেও বিশ্ব ৰক্তদান দিৱস উপলক্ষে বিশ্বনাথ চাৰিআলি অসামৰিক চিকিৎসালয়ৰ ৰক্ত ভাণ্ডাৰত ৰক্তদান কৰিলে।

বিশ্বনাথত কাৰোবাৰ যদি ৰক্তৰ প্ৰয়োজন হয়, প্ৰথম বিলাল শ্বেখৰে নাম সকলোৰে মনলৈ আহে। বিলাল শ্বেখ আনৰ গেলামাল দোকানত কৰ্মচাৰী হিচাপে থাকি নিজৰ পৰিয়াল পোহ পাল দি আহিছে। ১০০ বাৰতকৈ অধিক বাৰ ৰক্তদান কৰাৰ পিছতো আজি পৰ্যন্ত বিলাল শ্বেখে চৰকাৰ অথবা প্ৰশাসনৰ পৰা কোনো ধৰণৰ স্বীকৃতি লাভ কৰিবলৈ সক্ষম হোৱা নাই।

ৰক্তদানৰ নিচিনা মহান কাম এটা কৰি বিলাল শ্বেখে আনৰ জীবন ৰক্ষা কৰা যুঁজ নীৰৱে চলাই আছে। জীবিকা অৰ্জনৰ প্ৰক্ৰিয়া অতি সাধাৰণ হ’লেও বিলাল শ্বেখৰ কৰ্ম কিন্ত মহান। বিলাল শ্বেখে ৰক্তদানৰ নিচিনা মহান কৰ্মৰে মানৱ সেৱৰ এক নিদৰ্শন দাঙি ধৰিবলৈ সক্ষম হৈছে।