গুৱাহাটী, ২৯ এপ্ৰিল : চোৰাং গৰু সৰবৰাহকাৰীৰ বিৰুদ্ধে আৰক্ষীৰ অভিযান (Drive against cattle smuggler)। চোৰাং গৰু সৰবৰাহকাৰীৰ মূল অভিযুক্ত আৰক্ষীৰ জালত। কিছুদিন পূৰ্বে আৰক্ষীয়ে চোৰাং গৰু ভৰ্তি বাহন জব্দ কৰিছিল। আৰক্ষীৰ অভিযানকালত পলায়ন কৰিবলৈ সক্ষম হৈছে চোৰাং গৰু সৰবৰাহকাৰীৰ দুই মূল অভিযুক্ত। দুই মূল অভিযুক্তসহ কেইবাজনো আৰক্ষীৰ জালত।

চোৰাং গৰু সৰবৰাহকাৰীৰ মূল অভিযুক্ত আজমল হুছেইন আৰু আক্রম আলী আৰক্ষীৰ জালত (Mustar mind of cattle smuggler)। মহানগৰীৰ সমীপৱৰ্তী সোণাপুৰ আৰক্ষীয়ে এক অভিযান চলাই চোৰাং গৰু সৰবৰাহকাৰীৰ মূল অভিযুক্ত আজমল হুছেইন আৰু আক্রম আলীক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে (Cattle smuggler Ajmal Hussain and Akram Ali)। আজমল হুছেইন আৰু আক্রম আলী দীর্ঘদিন ধৰি সোণাপুৰৰ বিভিন্ন অঞ্চলত চোৰাং গৰুৰ সৰবৰাহ চলাই আছিল। সোণাপুৰৰ ভিন্ন গাঁৱত চোৰাং গৰুৰ ৰমৰমীয়া বেহা চলাই অহা কেইবাজনো লোকক ইতিমধ্যে আটক কৰিছে সোণাপুৰ আৰক্ষীয়ে।

শুকুৰবাৰে নিশা এক গোপন খবৰৰ ভিত্তিত সোণাপুৰ আৰক্ষীৰ এটা দলে অভিযান চলাই কচুতলিৰ আজমল হুছেইন আৰু হাটখোলাৰ আক্রম আলী নামৰ চোৰাং গৰু সৰবৰাহকাৰী দুজনক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়। উল্লেখ্য যে যোৱা সোমবাৰে সোণাপুৰৰ ডিগাৰুৰ চেনিমুৰত সোণাপুৰ আৰক্ষীয়ে অভিযান চলাই তিনিটাকৈ চোৰাং গৰুসহ এখন মেজিক বাহন জব্দ কৰিছিল। আৰক্ষীয়ে অভিযানকালত চোৰাং গৰু ভৰ্তি বাহনখন জব্দ লগতে আটক কৰিছিল তিনিজনকৈ গৰু সৰবৰাহকাৰীক। আৰক্ষীৰ অভিযানৰ সময়ত পলায়ন কৰিছিল আজমল হুছেইন আৰু আক্রম আলী।

ইয়াৰ পিছতে সোণাপুৰ আৰক্ষীয়ে গৰু সৰবৰাহকাৰীৰ মূল অভিযুক্ত আজমল হুছেইন আৰু আক্রম আলীক বিচাৰি তীব্ৰ অভিযান আৰম্ভ কৰে। অৱশেষত শুকুৰবাৰে নিশা আৰক্ষীয়ে গোপন খবৰ ভিত্তিত অভিযান চলাই চোৰাং গৰু সৰবৰাহকাৰী দুজনক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়। আৰক্ষীয়ে আজমল হুছেইনৰ কবলৰ পৰা এ এছ-০১-ইই-৮৩২৯ নম্বৰৰ এখন চুইফট বাহনো জব্দ কৰে। সোণাপুৰ আৰক্ষীয়ে অধিক তথ্যৰ বাবে দুয়োকে জেৰা অব্যাহত ৰাখিছে বুলি জানিব পৰা গৈছে।

উল্লেখ্য যে ৰাজ্যৰ বিভিন্ন প্ৰান্তত গৰুৰ অবৈধ সৰবৰাহ অব্যাহত আছে। সোণাপুৰ অঞ্চলত চোৰাং গৰু সৰবৰাহৰ জৰিয়তে একাংশ গৰু সৰবৰাহকাৰীয়ে দীৰ্ঘদিন ধৰি অঞ্চলটোত সন্ত্ৰাস চলাই আহিছে। আৰক্ষীয়ে বিভিন্ন সময়ত অভিযান চলাই চোৰাং গৰু জব্দ কৰাৰ লগতে গৰু সৰবৰাহকাৰীক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে যদিও সোণাপুৰৰ মাজেৰে ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে মেঘালয়লৈ চোৰাং গৰুৰ সৰবৰাহ অব্যাহত আছে।