গুৱাহাটী, ১৯ জুন, ২০২৩ : শেহতীয়াকৈ ৰাজ্যিক কেবিনেটে প্ৰবাসী ভাৰতীয়লৈ এম বি বি এছ পাঠ্যক্ৰমৰ নামভৰ্তিত ১০ শতাংশ সংৰক্ষণৰ ব্যৱস্থাক তীব্ৰ বিৰোধিতা কৰিছে আম আদমি পাৰ্টীয়ে। এই ব্যৱস্থাই মেধাৱী শিক্ষাৰ্থীক বঞ্চিত কৰাৰ লগতে নামভৰ্তিৰ নামত পুনৰ এক ছিণ্ডিকেটৰাজ চলিব বুলি সকীয়াই দিয়ে আম আদমি পাৰ্টীয়ে (Aam Admi Party)। গনেশগুৰিস্থিত মুখ্য কাৰ্যালয়ত এক সংবাদমেল সম্বোধন কৰি দলটোৰ ৰাজ্যিক সভাপতি ডা৹ ভবেন চৌধুৰীয়ে চৰকাৰক তীব্র সমালোচনা কৰে।

আপৰ ৰাজ্যিক সভাপতি ডা৹ ভবেন চৌধুৰীয়ে কয় যে চিকিৎসা সেৱা সঞ্চালক ডা৹ অনুপ কুমাৰ বৰ্মনে প্ৰকাশ কৰিছে যে এই সংৰক্ষণৰ জৰিয়তে ৰাজ্য চৰকাৰলৈ এটা সম্পূৰ্ণ পাঠ্যক্ৰমৰ এন আৰ আইৰ বাবে সংৰক্ষিত ১২৫ খন আসনৰ পৰা ১০৬ কোটি ৩৪ লাখ ৩৭ হাজাৰ ৫০০ টকা আহিব। কিন্তু এই টকাৰ লেনদেন চৰকাৰী বিধি মতে হোৱাৰ কোনো নিশ্চয়তা নাই। অসমৰ চিকিৎসা মহাবিদ্যালয়কেইখনত কিছু বছৰৰ আগলৈকে এন আৰ আইৰ শিক্ষাৰ্থীৰ বাবে সংৰক্ষণৰ ব্যৱস্থা আছিল। সেই আসনসমূহ পূৰণৰ সময়ত প্ৰতিখন আসন তেতিয়াই ১ কোটি ২০ লাখ টকাত বিক্ৰী হোৱাৰ অভিযোগ আছে। ইয়াৰ জৰিয়তে ৰাজকোষলৈ যি পৰিমাণৰ ধন আহে, তাতোকৈ বহু বেছি পৰিমাণৰ ধন ভেটি দিয়া-লোৱাত ব্যয় কৰা হয়। এন পৰিস্থিতিত অসম চৰকাৰে অসমত প্ৰবাসী ভাৰতীয়ৰ সংৰক্ষণ ব্যৱস্থাটো বন্ধ কৰিছিল। আকৌ কি পৰিস্থিতিত এবাৰ বন্ধ কৰা ব্যৱস্থা হিমন্ত বিশ্ব শৰ্মাই পুনৰ প্ৰৱৰ্তন কৰিবলৈ সিদ্ধান্ত ল’লে, সেয়া উদ্বেগৰ বিষয়।

ডা৹ চৌধুৰীয়ে কয় যে এই এন আৰ আইৰ সংৰক্ষিত আসনত কোনো এন আৰ আইৰ সন্তান সাধাৰণতে পঢ়িবলৈ নাহে। আমেৰিকাৰ লগতে আন কেতবোৰ দেশত ভাৰতৰ চিকিৎসা বিজ্ঞানৰ পাঠ্যক্ৰমৰ স্বীকৃতিও নাই। এনে প্ৰেক্ষাপটত কোনো এন আৰ আইৰ অনুমোদিত ভাৰততে জন্ম হোৱা আৰু শিক্ষা লাভ কৰা শিক্ষাৰ্থীকে এই আসনত ডলাৰৰ বিনিময়ত নামভৰ্তিৰ সুযোগ দিয়া হয়। কোনো ৰাজনৈতিক নেতা বা বিষয়াৰ সন্তানে ‘নীট’ত কম নম্বৰ পাই যোগ্যতা লাভ কৰি যেতিয়া নামভৰ্তি কৰিবলৈ সুবিধা নাপাব, তেতিয়া কোনো এন আৰ আইৰ জৰিয়তে এই সংৰক্ষিত আসনত ৰাজনৈতিক নেতাজনৰ সন্তানে এম বি বি এছ পঢ়াৰ সুবিধা পাব। গতিকে অসম চৰকাৰৰ এই সংৰক্ষণৰ জৰিয়তে শৈক্ষিক জগতত আন এক ছিণ্ডিকেটৰাজ প্ৰতিষ্ঠা কৰিবলৈ গৈ আছে। যি ব্যৱস্থা মধ্য প্ৰদেশৰ কুখ্যাত ‘ব্যাপম’ কেলেংকাৰী সদৃশ ৰূপ ল’বগৈ বুলি সকীয়াই দিয়ে আম আদমি পাৰ্টীয়ে। দলটোৱে শিক্ষাক লৈ এনে দুৰ্নীতি কেতিয়াও সহ্য নকৰে আৰু সেইবাবে এন আৰ আইৰ সংৰক্ষণৰ ব্যৱস্থাটো প্ৰত্যাহাৰ কৰিবলৈ দাবী জনায়।

আপৰ ৰাজ্যিক সভাপতি ডা৹ ভবেন চৌধুৰীয়ে অভিযোগ কৰে যে হিমন্ত বিশ্ব শৰ্মা দুৰ্নীতিৰ সৈতে সংপৃক্ত লোক হোৱাৰ বাবেই তেওঁ প্ৰতিটো পদক্ষেপতেই দুৰ্নীতি কৰিব পৰাকৈ ৰাস্তা মুকলি কৰি লয়। যি সময়ত এন আৰ আইৰ সংৰক্ষণৰ বিৰুদ্ধে সমগ্ৰ দেশতে তীব্ৰ বিৰোধিতা গঢ়ি উঠিছে, সেই সময়ত অসমৰ চিকিৎসা মহাবিদ্যালসূহত ১০ শতাংশ আসন সংৰক্ষণৰ সিদ্ধান্ত চৰকাৰী উচ্চ শিক্ষা ব্যৱস্থাক আস্থাহীন কৰাৰ এক ভয়ংকৰ ষড়যন্ত্ৰ বুলিও কয় ডা৹ ভবেন চৌধুৰীয়ে। উল্লেখ যে অন্ধ্ৰপ্ৰদেশত এনে সংৰক্ষণৰ ব্যৱস্থা আছিল যদিও ইয়াক বন্ধ কৰা হৈছে। মধ্য প্ৰদেশত ২০১৬ চন পৰ্যন্ত ২৮ খন আসন এন আৰ আইৰ বাবে সংৰক্ষিত আছিল যদিও জনতাৰ প্ৰতিবাদৰ পাছত ৰাজ্যখনতো এই ব্যৱস্থা উঠাই দিয়া হৈছে। যোৱা বছৰ কৰ্ণাটক চৰকাৰে এই ব্যৱস্থা প্ৰৱৰ্তনৰ সিদ্ধান্ত লৈছিল যদিও ছাত্ৰ সংগঠনসমূহে আন্দোলনৰ হুংকাৰ দিয়াত এই সিদ্ধান্ত বাতিল কৰে। ইফালে, ১০ শতাংশ প্ৰবাসী ভাৰতীয়লৈ সংৰক্ষণৰ ব্যৱস্থা কৰাৰ লগে লগে অসংৰক্ষিত আসনৰ সংখ্যা কমি আহি মাত্ৰ ২৫ শতাংশহে থাকিব।

আসনৰ সংখ্যাত ই হ’বগৈ মাত্ৰ ৩৭৫ খন। অসমত ৫৫ শতাংশতকৈ অধিক লোক সাধাৰণ শ্ৰেণীৰ অন্তৰ্গত। এই ৫৫ শতাংশ অসংৰক্ষিত শিক্ষাৰ্থীৰ বাবে মাত্ৰ ২৫ শতাংশ আসন ৰৈ যোৱা কথাটো কেতিয়াও গ্ৰহণযোগ্য হ’ব নোৱাৰে। সাধাৰণ শ্ৰেণীৰ মেধাৱী শিক্ষাৰ্থী বিজেপি চৰকাৰে বঞ্চিত কৰাৰ কৌশল ৰচনাৰ বাদে প্ৰবাসী ভাৰতীয়লৈ সংৰক্ষণ আন একো নহয়। সংবাদমেলত আপৰ ৰাজ্যিক যুটীয়া সম্পাদক অম্লানজ্যোতি হাতীবৰুৱা আৰু সহঃ সাংগঠনিক সম্পাদক দিপাংকৰ কলিতাও উপস্থিত থাকে।