গুৱাহাটী, ১৯ জুন, ২০২৩ : বছৰৰ প্ৰথমটো বানৰ কবলত ৰাজ্যৰ বিস্তীৰ্ণ অঞ্চল। ৰাজ্যৰ ১৮ খনকৈ জিলাৰ বিস্তীৰ্ণ অঞ্চল বাঢ়নী পানীৰ তলত (Eighteen districts under water)। ধেমাজি, লখিমপুৰ, ডিব্ৰুগড়, চিৰাং, ধুবুৰী, গোলাঘাট, কোকৰাঝাৰ, দৰং, বিশ্বনাথ, নগাঁও, হোজাই, শোণিতপুৰ, তিনিচুকীয়া, নলবাৰী, তামুলপুৰ আৰু ওদালগুৰি জিলাত তাণ্ডৱলীলা চলাইছে বছৰৰ প্ৰথমটো বানে। কামৰূপ মহানগৰ, নলবাৰী, যোৰহাট, দৰং, কোকৰাঝাৰ আৰু কাছাৰৰ চহৰ অঞ্চলত কৃত্ৰিম বান। প্ৰথমটো বানত বর্তমানলৈকে প্ৰভাৱিত ৩০ হাজাৰ ৭২৯ জন লোক।

বছৰৰ প্ৰথমটো বানত সর্বসাধিক লোক প্ৰভাৱিত হৈছে লখিমপুৰ জিলাত। ৪৭৪১.২৩ হেক্টৰ কৃষিভূমি বাঢ়নী পানীৰ তলত। বছৰৰ প্ৰথমটো বানে তাণ্ডৱলীলা চলাইছে ৰাজ্যৰ। বিশেষকৈ লখিমপুৰ জিলাৰ বিস্তীৰ্ণ অঞ্চল ডুব গৈছে প্ৰথমটো বানত। লখিমপুৰৰ নাওবৈচা সমষ্টিৰ অন্তৰ্গত দ’লহাটৰ শলমাৰীত শিঙৰা নদীৰ মাথাউৰি ছিঙি কেইবাখনো গাঁও ডুব গৈছে বাঢ়নী পানীত। নাওবৈচাত এক হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি কৰিছে বছৰৰ প্ৰথমটো বানে। নিৰাপদ স্থানৰ সন্ধানত ঘৰ এৰি পলায়ন কৰিছে বান প্ৰভাৱিত লোকে।

পাহাৰীয়া উৎসৰ পৰা বৈ অহা শিঙৰা নদীৰ পানীয়ে কালৰূপ ধাৰণ কৰি বুৰাই পেলাইছে বহু লোকৰ ঘৰ। শিঙৰা নদীৰ বাঢ়নী পানীয়ে লখিমপুৰত সংহাৰী ৰূপ ধাৰণ কৰাৰ সমান্তৰালভাৱে অসমৰ লগতে অৰুণাচল প্ৰদেশত অব্যাহত থকা নেৰেনেপেৰা বৰষুণৰ ফলত ফেনেফুটুকাৰে নদী-উপনদী সমূহৰ পানী বৃদ্ধি পোৱাত ৰাজ্যৰ ১৮ খনকৈ জিলাৰ বিস্তীৰ্ণ অঞ্চল বানৰ কবলত পৰিছে। চৰকাৰী তথ্য অনুসৰি বান প্ৰভাৱিত জিলা কেইখন হৈছে ধেমাজি, লখিমপুৰ, ডিব্ৰুগড়, চিৰাং, ধুবুৰী, গোলাঘাট, কোকৰাঝাৰ, দৰং, বিশ্বনাথ, নগাঁও, হোজাই, শোণিতপুৰ, তিনিচুকীয়া, নলবাৰী, তামুলপুৰ আৰু ওদালগুৰি।

কাছাৰ, নলবাৰী, দৰং, যোৰহাট, কোকৰাঝাৰ আৰু কামৰূপ মহানগৰৰ চহৰ অঞ্চল সমূহত নেৰানেপেৰা বৰষুণৰ ফলত কৃত্ৰিম বানৰ সৃষ্টি হৈছে। বান প্ৰভাৱিত জিলা কেইখনৰ ৩৮ টা ৰাজহ চক্ৰৰ ৪৪৪ খনকৈ গাঁও বাঢ়নী পানীতৰ তলত আছে। প্ৰথমটো বানত বর্তমানলৈকে ৩০ হাজাৰ ৭২৯ জন লোক প্ৰভাৱিত হৈছে। ইয়াৰে সর্বসাধিক ২২ হাজাৰ ৬১ জন লখিমপুৰ জিলাৰ। আনহাতে ৪৭৪১.২৩ হেক্টৰ কৃষিভূমি বাঢ়নী পানীৰ তলত আছে। বৰ্তমানলৈকে বানপানীৰ কবলত পৰি কোনো লোক হতাহত হোৱা নাই।

নেৰেনেপেৰা বৰষুণৰ ফলত নদী-উপনদী সমূহৰ পানী ফেনেফুটুকাৰে বৃদ্ধি পাইছে। বৰ্তমান ৰাজ্যত কপিলী নদী কামপুৰত বিপদ সীমাৰ ওপৰেৰে বৈ আছে। বতৰ বিজ্ঞান কেন্দ্ৰৰ তথ্য অনুসৰি বিগত কিছুদিন ৰাজ্যত বৰষুণৰ ধাৰা অব্যৱত থাকিব। ফলত ৰাজ্যৰ বান পৰিস্থিতি অধিক ভয়াবহ হোৱাৰ সম্ভাৱনা আছে। লখিমপুৰৰ শিঙৰা নদীৰ মাথাউৰি ছিঙি বানে কালৰূপ ধৰণৰ কৰাৰ সমান্তৰালভাৱে আন আন জিলাৰ বহুকেইটা মাথাউৰিৰ প্ৰতিটো ভাবুকিৰ সৃষ্টি হোৱা বুলি জানিব পৰা গৈছে।