গুৱাহাটী : গুৱাহাটীত আম আদমি পাৰ্টীৰ প্ৰতিবাদী কাৰ্যসূচী। গণেশগুৰিৰ পেট্ৰ’ল পাম্পৰ সন্মুখত আম আদমি পাৰ্টীৰ প্ৰতিবাদী কাৰ্যসূচী। পৰিৱেশ উত্তাল হৈ পৰাত আৰক্ষীৰ বাধা প্ৰদান। অৱশেষত আৰক্ষীয়ে আটক কৰে আম আদমি পাৰ্টীৰ প্ৰতিবাদকাৰী সকলক।

বৃহস্পতিবাৰে পুৱাৰ ভাগত গণেশগুৰিস্থিত পেট্ৰ’ল পাম্পৰ সন্মুখত এক প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন কৰে আম আদমি পাৰ্টীয়ে। আম আদমি পাৰ্টীৰ অৰ্ধ শতাধিক কৰ্মকর্তাই হাতে হাতে বেনাৰ-পোষ্টাৰ লৈ গণেশগুৰি পেট্ৰ’ল পাম্পৰ সন্মুখত উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে।

পেট্ৰ’ল-ডিজেল, অত্যাৱশ্যকীয় সামগ্ৰীকে ধৰি ঔষধৰ মূল্যবৃদ্ধিৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰে আম আদমি পাৰ্টীয়ে। বিভিন্ন চৰকাৰ বিৰোধী শ্ল’গানেৰে প্ৰতিবাদকাৰী সকলে মূল্যবৃদ্ধি নিয়ন্ত্ৰণ কৰিবলৈ চৰকাৰ দাবী জনাই গণেশগুৰিৰ ৰাজপথ উত্তাল কৰি তোলে।

আৰক্ষীয়ে প্ৰতিবাদকাৰী সকলক বাধা প্ৰদান কৰাত প্ৰতিবাদকাৰী সকলে ৰাজপথৰ ওপৰত বহি প্ৰতিবাদী কাৰ্যসূচী অধিক উত্তাল কৰি তোলে। আৰক্ষীৰ বাধাক নেওচি প্ৰতিবাদ সাব্যস্ত কৰা আম আদমি পাৰ্টীৰ প্ৰতিবাদকাৰী সকলক অৱশেষত আৰক্ষীয়ে আটক কৰি লৈ যায়।