গুৱাহাটী : বৃহস্পতিবাৰে খানাপাৰাস্থিত পশুচিকিৎসা মহাবিদ্যালয় খেলপথাৰ প্ৰাংগনত সপ্তাহজোৰা কাৰ্যসূচীৰে উত্তৰ-পূব মহােৎসৱৰ শুভাৰম্ভ কৰা হয়। আজাদী কা অমৃত মহােৎসৱৰ লগত সংগতি ৰাখি সমগ্ৰ উত্তৰ পূর্বাঞ্চল সামৰি উত্তৰ-পূব উন্নয়ন মন্ত্রালয় আৰু উত্তৰ-পূব পৰিষদৰ উদ্যোগত বৃহস্পতিবাৰৰ পৰা অহা ৪ মে’লৈ এই মহােৎসৱৰ আয়ােজন কৰা হৈছে। বৃহস্পতিবাৰে অসম বিধান সভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰীয়ে উত্তৰ-পূবৰ প্রায় আটাইকেইখন ৰাজ্যৰ প্রতিনিধিসকলৰ উপস্থিতিত উদ্বোধনী অনুষ্ঠানৰ শুভাৰম্ভ কৰে।

অসম চৰকাৰৰ ক্রীড়া আৰু যুৱ কল্যাণ বিভাগে নডেল বিভাগ হিচাপে কার্যনির্বাহ কৰি সাংস্কৃতিক পৰিক্ৰমা আৰু পৰিবহন বিভাগৰ সহযােগত এই অনুষ্ঠানৰ আয়ােজন কৰে।মহােৎসৱৰ উদ্বোধনী উপলক্ষে আজি হাফ মাৰাথন, চাই’থন আৰু ৱাকাথনৰ আয়ােজন কৰা হয়। উত্তৰ-পূবৰ আন ৰাজ্যসমূহৰ প্ৰায় এশগৰাকী প্রতিনিধিৰ লগতে অসমৰ দুই সহস্রাধিক ক্রীড়াবিদ আৰু ক্ৰীড়াপ্রেমীৰ অংশগ্রহণেৰে এই তিনিওটা ক্রীড়া অনুষ্ঠান পতাকা জোকাৰি শুভাৰম্ভ কৰে ক্ৰমে বিধান সভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰী, অৱসৰী এয়াৰ মাশলি তথা উত্তৰ-পূব পৰিষদৰ সদস্য অঞ্জন কুমাৰ গগৈ আৰু অসম চৰকাৰৰ ৰূপান্তৰ আৰু উন্নয়ন বিভাগৰ দায়িত্বত থকা অতিৰিক্ত মুখ্য সচিব পৱন বৰঠাকুৰে।

উদ্বোধনী অনুষ্ঠানৰ মুখ্য অতিথি হিচাপে উপস্থিত থাকি মহােৎসৱ মুকলি কৰি প্ৰদান কৰা ভাষণ প্রসংগত সকলাে অংশগ্রহণকাৰীকে আন্তৰিক শুভেচ্ছা জনাই বিধান সভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰীয়ে কয় যে আজাদী কা অমৃত মহােৎসৱ হৈছে ভাৰতবৰ্ষই স্বাধীনতাৰ ৭৫ বছৰ অতিক্ৰম কৰাৰ সময়ত দেশখনে কিমান দূৰ আগুৱালে আৰু কৰণীয় কি আছে, এয়া বুজাৰ বাবে ভাৰত চৰকাৰে আয়ােজন কৰা এক মহত্বপূর্ণ উৎসৱ। উত্তৰ-পূর্বাঞ্চল ক্ৰীড়াৰ ক্ষেত্ৰত যথেষ্ট আগবঢ়া আৰু এম চি মেৰিকম, লাভলীনা বৰগোঁহাইকে ধৰি বহুতাে খেলুৱৈয়ে উত্তৰ-পূবৰ পৰা আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত প্রতিনিধিত্ব আগবঢ়াবলৈ সক্ষম হৈছে বুলি উল্লেখ কৰি তেওঁ আৰু কয় যে ক্ৰীড়াৰ ক্ষেত্ৰত জড়িত থাকিলে শৰীৰ চৰ্চাৰাে অনুশীলন হয়। উত্তৰ-পূব মহােৎসৱে এই ক্ষেত্ৰত জনসাধাৰণক বিশেষকৈ নতুন প্রজন্মক উৎসাহিত কৰিব বুলিও তেওঁ আশা প্রকাশ কৰে।

স্বাধীনতাৰ ৭৫ বছৰ অতিক্রম কৰাৰ সময়ত দেশত যাতে সকলােৰে বাবে গৃহ, খােৱাপানী, অন্ন উপলব্ধ হয় আৰু সকলােৱে মর্যাদা সহকাৰে জীয়াই থাকিব পাৰে তাৰ বাবে প্রধানমন্ত্রী নৰেন্দ্ৰ মােদী নেতৃত্বাধীন কেন্দ্রীয় চৰকাৰে সকলাে ব্যৱস্থা গ্ৰহণ কৰিছে আৰু অসম চৰকাৰে সেই একেই উদ্দেশ্যৰে অৰুণােদয়ৰ দৰে আঁচনিসমূহ ৰূপায়ণ কৰিছে বুলিও তেওঁ কয়। স্বাধীন ভাৰতৰ স্বাধীন নাগৰিক হিচাপে সকলােৱে যাতে দেশৰ গৌৰৱ অক্ষুন্ন ৰাখিব পাৰে তাৰ বাবে সকলােৱে প্রচেষ্টা অব্যাহত ৰাখিব বুলিও তেওঁ আশা প্রকাশ কৰে। তদুপৰি এই মহােৎসৱৰ উদ্বোধনী অনুষ্ঠান অসমত আয়ােজন কৰাৰ বাবে উদ্যোক্তাসকলক তেওঁ ধনাবাদ জনায়।

ইয়াৰ আগেয়ে অনুষ্ঠানত সন্মানীয় অতিথি ৰূপে উপস্থিত থাকি অঞ্জন কুমাৰ গগৈয়ে এই মহােৎসৱত অংশ গ্ৰহণৰ বাবে নৱ প্ৰজন্মই প্রদর্শন কৰা ক্ৰীড়াসুলভ উৎসাহৰ বাবে আনন্দ প্রকাশ কৰে আৰু উত্তৰ-পূব পৰিষদ আৰু ড’নাৰ মন্ত্ৰালয়ৰ হৈ সকলােকে আদৰণি জনােৱাৰ লগতে শুভেচ্ছা জ্ঞাপন কৰে আৰু মহােৎসৱৰ সফল সমাপ্তি কামনা কৰে। উত্তৰ-পূব মহােৎসৱৰ উদ্বোধনী অনুষ্ঠানত বড়াে, মিছিং, কাৰ্বি, তিৱা, ৰাভা, হাজং, চাহ জনগােষ্ঠীৰ ঝুমুৰ, বিহু হুচৰি আদি অসমৰ বর্ণাঢ্য সাংস্কৃতিক অনুষ্ঠান পৰিৱেশনেৰে পশুচিকিৎসা মহাবিদ্যালয় খেলপথাৰ মুখৰিত হয়। পৰিবহন বিভাগৰ সৌজন্যত বিহু হুচৰি, বাটৰ নাট আৰু মুকাভিনয়েৰে পথ সুৰক্ষা সম্পর্কত।

জনসাধাৰণক সজাগ কৰাৰ বাবে প্রদর্শন কৰা এই অনুষ্ঠান আছিল সাংস্কৃতিক অনুষ্ঠানৰ অন্য এক আকর্ষণ।।আনহাতে অনুষ্ঠানত পথ সুৰক্ষা, পৰিৱেশ সুৰক্ষাৰ বাবে বিভিন্ন প্লেকার্ডো প্রদর্শন কৰা হয়। অনুষ্ঠানত অসম চৰকাৰৰ প্ৰধান সচিব অচর্না বার্মা, যুটীয়া সচিব ডাঃ চাদনেক সিং, পৰিবহন বিভাগৰ আয়ুক্ত আদিল খান, উত্তৰ পূর্ব পৰিষদৰ পৰিকল্পনা উপদেষ্টা কেলভিন হৰিশ খছিঙা বিশিষ্ট অতিথিৰূপে উপস্থিত থাকে। এই মহােৎসৱৰ বিভিন্ন ক্রীড়া প্রতিযােগিতা মণিপুৰত অনুষ্ঠিত হ’ব আৰু অহা ৪ মেত গুৱাহাটীত সামৰণি অনুষ্ঠান অনুষ্ঠিত হ’ব।