সোণাপুৰ, ১৬ মেঃঅসমৰ কলম্বাছ হিচাপে পৰিচিত আমৰি-কাৰ্বি জনগোষ্ঠীক কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰে কৰি অহা বঞ্চনাৰ বিৰুদ্ধে ক্ষোভ প্ৰকাশ কৰিছে জনগোষ্ঠীয়ে৷ চৰকাৰে জনগোষ্ঠীটোৰ সমস্যা সমাধানৰ কাৰণে বিভিন্ন সময়ত প্ৰতিশ্ৰুতি দি আহিছে যদিও কোনো কাৰ্যকৰী পদক্ষেপ গ্ৰহণ নকৰাত চৰকাৰখনৰ বিৰুদ্ধে সোঁচ্চৰ হৈ পৰিছে জনগোষ্ঠীটো৷ আমৰি-কাৰ্বি জনগোষ্ঠীটোৰ আন্দোলনক অধিক সক্ৰিয় কৰি তোলাৰ লক্ষ্যৰে আমৰি-কাৰবি স্বায়ত্ব পৰিষদ নামৰ এটা নতুন সংগঠন গঠন কৰা হয়৷ চামতা ফং আৰিত হৰেশ্বৰ ৰংহাংক সভাপতি, বিনোদ টেৰণক সম্পাদক হিচাপে লৈ ৫৭ জনীয়া নতুন কমিটিখন গঠন কৰা হয়৷ পৰিষদে আমৰি-কাৰ্বি জনগোষ্ঠীটোক পাৰ্বত্য জনজাতিকৰণ কৰা, স্বায়ত্ব শাসন প্ৰদান কৰা আৰু জনগোষ্ঠীটোৰ ভূমি অধিকাৰ সুৰক্ষা কৰাৰ স্বাৰ্থত কাম কৰি যোৱাৰ হুংকাৰ দিয়ে৷