গুৱাহাটী : বিজয় বণিয়াক কামৰূপ ন্যায়িক দণ্ডাধীশৰ আদালতে জে’ললৈ প্ৰেৰণ কৰিলে। শুকুৰবাৰে বিজয় বণিয়াক চিআইডিয়ে হাজিৰ কৰাইছিল কামৰূপ ন্যায়িক দণ্ডাধীশৰ আদালতত। ভাৰতীয় দণ্ডবিধি আইনৰ ৩০৭ আৰু ৩৫৩ ধাৰাৰ অধীনত ৮/২০২১ নম্বৰৰ গোচৰ ৰুজু কৰা হৈছে বিজয় বণিয়াৰ বিৰুদ্ধে।

শুকুৰবাৰে চিআইডিয়ে বিজয় বণিয়াক আদালতত হাজিৰ কৰাইছিল যদিও চিআইডিয়ে বিজয় বণিয়াক নিজৰ জিম্মাত নিবিচৰাত আদালতে বিজয় বণিয়াক জে’ললৈ প্ৰেৰণ। বৃহস্পতিবাৰে বিজয় বণিয়াক গ্ৰেপ্তাৰ কৰা হৈছিল। গ্ৰেপ্তাৰৰ পিছতে বিজয় বণিয়াক চিআইডিৰ জিম্মাত ৰখা হৈছিল। মুখ্যমন্ত্ৰীৰ নিৰ্দেশৰ পিছতে বিজয় বণিয়াক গ্ৰেপ্তাৰ কৰা হৈছিল।

বিজয় বণিয়া নামৰ যুৱকজনে বৃহস্পতিবাৰে দৰং জিলাৰ ধলপুৰৰ গৰুখুটীত সমগ্ৰ মানৱ জাতিক লজ্জানত কৰাৰ এক আমনৱীয় ঘটনা সংঘটিত কৰিছিল। আৰক্ষীৰ গুলীত আহত হৈ মাটিত ঢলি পৰা এজন লোকৰ ওপৰত জপিয়াই পৰিছিল বিজয় বণিয়া। আহত লোকজন মাটিত ঢলি পৰি থকা অৱস্থাত বিজয় বণিয়াই লোকজনক ভৰিৰে গচকি, লোকজনৰ বুকুৰ ওপৰত জপিয়াই আক্ৰমণ চলাইছিল।

আৰক্ষীৰ গুলীত আহত এজন লোকক বিজয় বণিয়াই আক্ৰমণ কৰাৰ ভিডিঅ’ দেশজুৰি ভাইৰেল হৈ পৰাৰ পিছতে তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছিল। এই আমনৱীয় ঘটনাক সকলোৱে গৰিহণা দিয়াৰ লগতে বিজয় বণিয়াৰ গ্ৰেপ্তাৰৰ দাবী উত্থাপন কৰিছিল। ইয়াৰ পিছতে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই বিজয় বণিয়াক গ্ৰেপ্তাৰ কৰিবলৈ আৰক্ষীক নিৰ্দেশ দিছিল। মুখ্যমন্ত্ৰীৰ নিৰ্দেশৰ পিছতে আৰক্ষীয়ে বিজয় বণিয়াক বৃহস্পতিবাৰে নিশা গ্ৰেপ্তাৰ কৰে।

উল্লেখ্য যে বৃহস্পতিবাৰে দৰং জিলাৰ চিপাঝাৰৰ ধলপুৰৰ গৰুখুটীত দৰং জিলা প্ৰশাসন আৰু আৰক্ষীয়ে উচ্ছেদ চলাবলৈ যাওঁতে বেদখলকাৰীয়ে প্ৰতিবাদ সাব্যস্ত কৰিছিল। পৰৱৰ্তী সময়ত এই প্ৰতিবাদ হিংসাত্মকৰূপ ধাৰণ কৰে। প্ৰৰিবাদকাৰীয়ে আৰক্ষীৰ ওপৰত শিলা বর্ষণ কৰাত আৰক্ষীয়ে গুলী চালনা কৰে। আৰক্ষীৰ গুলীত দুজন লোক নিহত হোৱাৰ লগতে প্ৰতিবাদকাৰীৰ আক্ৰমণত ১১ জনকৈ আৰক্ষীৰ লোক আহত হৈছিল।