নুৰউদ্দন

বিলাসীপাৰা : দৰং জিলাৰ চিপাঝাৰৰ গৰুখুটীৰ উচ্ছেদ অভিযানক গৰিহণা দি আমছুৱে শুকুৰবাৰে ৰাজ্যজুৰি ৰূপায়ন কৰে এক প্ৰতিবাদী কাৰ্যসূচী। ৰাজ্যৰ অন্যান্য প্ৰান্তৰ লগতে ধুবুৰী জিলাৰ বিলাসীপাৰাতো আমছুৰ কৰ্মকর্তা সকলে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে। প্ৰতিবাদকাৰী আমছুৰ কৰ্মকর্তা সকলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ প্ৰতিমূৰ্তি দাহ কৰে।

বিলাসীপাৰাৰ বাবুৰহাট বজাৰত বিলাসীপাৰা জিলা আমছুৰ উদ্যোগত গৰুখুটীৰ উচ্ছেদৰ ঘটনাকলৈ এক প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন কৰে। উচ্ছেদস্থলীত আৰক্ষীৰ গুলীত আহত এজন লোকৰ ওপৰত চলা আমনৱীয় আক্ৰমণৰ ঘটনাক আমছুৱে তীব্ৰ ভাষাৰে গৰিহণা দিয়ে। প্ৰতিবাদকাৰী আমছুৰ কৰ্মকর্তা সকলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ প্ৰতিমূৰ্তি দাহ কৰি প্ৰতিবাদ সাব্যস্ত কৰাৰ লগতে উচ্ছেদিত পৰিয়াল সকলক পুনৰ সংস্থাপনৰ দাবী জনায়।

প্ৰতিবাদকাৰী সকলে আগত সংস্থাপন দিয়ক, তাৰ পিছত উচ্ছেদ কৰক, নহ’লে উচ্ছেদ বন্ধ কৰক, উচ্ছেদিত পৰিয়াল সকলক পুনৰ সংস্থাপন দিয়ক আদি বিভিন্ন শ্ল’গানেৰে পৰিৱেশ উত্তাল কৰি তোলে। আৰক্ষীৰ গুলীত নিহত তিনিজনৰ পৰিয়ালক ক্ষতি পূৰণ দিয়াৰ দাবীও উত্থাপন কৰে আমছুৱে। আৰক্ষীৰ গুলীত মাটিত ঢলি পৰা অহাত লোকজনৰ ওপৰত বিজয় বণিয়া নামৰ যুৱকজনৰ আক্ৰমণক তীব্ৰ ভাষাৰে গৰিহণা দিয়াৰ লগতে বিজয় বণিয়াৰ কঠোৰ শাস্তিৰ দাবী উত্থাপন কৰে আমছুৱে।