সংখ্যালঘু উন্নয়ন ব’ৰ্ড মুছলমানৰ ব্ৰেণ্ড এম্বেচাদৰ নহয় : চৈয়দ মুমিনুল আৱাল

In ৰাজ্য
Umra Package

গুৱাহাটী : সংখ্যালঘু মানেই মুছলমান নহয় আৰু সংখ্যালঘু উন্নয়ন ব’ৰ্ড মুছলমানৰ ব্ৰেণ্ড এম্বেচাদৰ নহয়। গুৱাহাটীত শুকুৰবাৰে এক সংবাদমেল সম্বোধন কৰি এই মন্তব্য কৰে অসম সংখ্যালঘু ব’ৰ্ডৰ অধ্যক্ষ চৈয়দ মুমিনুল আৱালে। চৈয়দ মুমিনুল আৱালে কয় যে মুছলমান¸ খ্ৰীষ্টান¸ বৌদ্ধ¸ জৈন¸ শিখকে ধৰি ৰাজ্যখনত প্ৰায় ডেৰ কোটি সংখ্যালঘু লোক আছে। সংবিধানৰ গণ্ডীত থাকি এই সংখ্যালঘু লোকসকলক সকলো দিশতে আগবঢ়াই নিবলৈ চৰকাৰে ব্যৱস্থা গ্ৰহণ কৰিছে। ইয়াৰ বাবে বিভিন্ন চৰকাৰী বিভাগ আছে।

তেনেক্ষেত্ৰত সংখ্যালঘুৰ বিষয়ত কিবা কথা ওলালেই উন্নয়ন ব’ৰ্ডখনকে টানি অনা হয়। যিটো কেতিয়াও গ্ৰহণযোগ্য হ’ব নোৱাৰে। সংখ্যালঘু উন্নয়ন ব’ৰ্ড মুছলমানৰ ব্ৰেণ্ড এম্বেচাদৰ নহয়। অসম সংখ্যালঘু ব’ৰ্ডৰ অধ্যক্ষ চৈয়দ মুমিনুল আৱালে কয় যে পূৰ্বে ব’ৰ্ডৰ বিৰুদ্ধে দালালৰাজ¸ স্বজন তোষণকে ধৰি বিভিন্ন অভিয়োগ আছিল। কিন্তু ২০১৭ চনৰপৰা তেনে কোনো অভিযোগ নাই। স্বচ্ছতাৰে ব’ৰ্ডৰ কাম পৰিচালিত হৈছে। ২০১৮ৰ পৰা ২০২০ চনলৈ ব’ৰ্ডে ১¸৩৬৯ গৰাকী সংখ্যালঘু ছাত্ৰ-ছাত্ৰীক মেধাৰ ভিত্তিত চিকিৎসাৰ লগত জড়িত পাঠ্যক্ৰমত শিক্ষা গ্ৰহণৰ সুবিধা দিছে। নিৰ্বাচিত ছাত্ৰ-ছাত্ৰীৰ তালিকা সকলোৱে চাবপৰাকৈ ব’ৰ্ডৰ ৱেবচাইটত সংলগ্ন কৰা হৈছে। চৈয়দ মুমিনুল আৱালে কাৰ্যভাৰ গ্ৰহণৰ পিছত ব’ৰ্ডত দালালৰাজৰ অন্ত পৰা বুলি দাবী কৰি তেওঁৰ কাৰ্যকালত ব’ৰ্ডলৈ আৱণ্টিত পুঁজিৰ খটিয়ন দাঙি ধৰে।

তেওঁ জনোৱা মতে ২০১৭-১৮ বিত্তীয় বৰ্ষত ব’ৰ্ডৰ বাবে চৰকাৰে ১২ কোটি টকা ধাৰ্য কৰিছিল যদিও ৯০ লাখ টকা মোকলাই দিয়ে। ২০১৮-১৯ বিত্তীয় বৰ্ষত ১৩ কোটি ২০ লাখ টকা ধাৰ্য কৰাৰ বিপৰীৰে মোকলাই দিয়ে ১১ কোটি ৮৩ লাখ ৭৭ হাজাৰ ৩০০ টকা। একেদৰে ২০১৯-২০ত ১৬ কোটি ৮ লাখ ধাৰ্য কৰা হৈছিল, কিন্তু মোকলাই দিয়ে ১৬ কোটি ১ লাখ ২ ২লাখ ৯৭০ টকা। ২০২০-২১ চনত ১৩ কোটি ৩০ লাখ ধাৰ্য কৰাৰ বিপৰীতে মোকলাই দিয়ে ৯ কোটি ৬৯ লাখ ৬৫ হাজাৰ ৭৬ টকা। চলিত বিত্তীয় বৰ্ষত ১০.৫০ কোটি টকা চৰকাৰে ধাৰ্য কৰা হৈছে যদিও চৰকাৰৰ পৰা বৰ্তমানলৈ পুঁজি আৱণ্টন পোৱা নাই। তেওঁ জনোৱা মতে ৪ টা বিত্তীয় বৰ্ষত ৫৪ কোটি ৫৮ লাখ টকা বাজেটত ধাৰ্য কৰাৰ বিপৰীতে ব’ৰ্ডে লাভ কৰে ৩৮ কোটি ৪৪ লাখ ৬৫ হাজাৰ ৩৫৫ টকা।

You may also read!

Dibrugarh University : ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ কতৃপক্ষই বহিস্কাৰ কৰিলে ১৮ জন ছাত্ৰক

Shivani Saikia গুৱাহাটী : ডিব্ৰুগড় বিশ্ববিদ্যালয়ত (Dibrugarh University) ভয়ংকৰ ৰেগিংৰ ঘটনা। পদ্মনাথ গোহাঞিবৰুৱা ছাত্ৰাবাসত সংঘটিত হৈছে এই ভয়ংকৰ ৰেগিংৰ

Read More...

Sukur Ali : শুকুৰ আলীক লপা-থপা দি আৰক্ষীক গতাই দিলে ৰাইজে

Basiruddin Ahmed  ধুবুৰী : (Sukur Ali) শুকুৰ আলী বিপদত। ধন আত্মসাৎ কৰি বিপদত পৰিছে শুকুৰ আলী। কেইবাঘণ্টা ধৰি ৰাইজে আটক

Read More...

Salon Azure : গুৱাহাটীত মুকলি হ’ল আমেৰিকাৰ চেলুন ব্ৰেণ্ড আজুৰৰ প্ৰথমটো আউটলেট

গুৱাহাটী : আমেৰিকা যুক্তৰাষ্ট্ৰৰ স্বনামধন্য আন্তঃৰাষ্ট্ৰীয় চেলুন ব্ৰেণ্ড, চেলুন আজুৰে (Salon Azure) ২৭ নৱেম্বৰত গুৱাহাটীৰ উলুবাৰীত পূব ভাৰতৰ প্ৰথমটো

Read More...

Mobile Sliding Menu