দক্ষিণ শালমাৰা : দক্ষিণ শালমাৰা-মানকাচৰ জিলাৰ সদৰ হাটশিঙিমাৰীস্থ জিলা উপায়ুক্তৰ কাৰ্যালয় সম্মুখত জিলা আছুৱে বিক্ষোভ কাৰ্যসূচী ৰূপায়ন কৰে। জিলাখনত সংঘটিত হোৱা ভূমি কেলেংকাৰীৰ সঠিক তদন্তৰ দাবীৰ লগতে জিলাখনৰ বিভিন্ন প্ৰান্তত চলি থকা গৰাখহনীয়াৰ স্থায়ী প্ৰতিৰোধৰ দাবী জনাই আছুৱে ৰূপায়ন কৰে এই প্ৰতিবাদী কাৰ্যসূচী।

সদৌ দক্ষিণ শালমাৰা-মানকাচৰ জিলা ছাত্ৰ সন্থাৰ নেতৃ্ত্বত হাটশিঙিমাৰী জিলা উপায়ুক্তৰ কাৰ্যালয়ৰ সম্মুখত এক বিক্ষোভ কাৰ্যাসূচী ৰূপায়ন কৰা হয়। প্ৰায় শতাধিক আছুৰ কৰ্মী তথা স্থানীয় ৰাইজৰ সহযোগত অনুষ্ঠিত হোৱা এই বিক্ষোভ কাৰ্যসূচীত প্ৰতিবাদকাৰী সকলে হাতে হাতে প্লেকাৰ্ড লৈ বিভিন্ন শ্ল’গানেৰে জিলা উপায়ুক্তৰ কাৰ্যালয় চৌহদ উত্তাল কৰি তোলে।

এই বিক্ষোভ কাৰ্যসূচীৰ দ্বাৰা আছুৱে দক্ষিণ শালমাৰা-মানকাচৰ জিলা উপায়ুক্তক ৮ টা দাবী সন্মিলিত এখন স্মাৰক পত্ৰ প্ৰদান কৰে। জিলাখনৰ বিভিন্ন ঠাইত সংঘটিত হোৱা ভূমি কেলেংকাৰীৰ সঠিক তদন্তৰ দাবী উত্থাপন কৰাৰ লগতে ভূমি কেলেংকাৰীত জড়িত জিলা পৰিষদৰ সভানেত্ৰী মেৰিনা খানক গ্ৰেপ্তাৰৰ দাবী জনাই আছুৰ নেতাই কয় যে জিলা পৰিষদৰ সভানেত্ৰী মেৰিনা খান ভূমি কেলেংকাৰীত জড়িত থকাৰ কল ৰেকৰ্ডিং ইতিমধ্যে ভাইৰেল হোৱাৰ লগতে তেওঁৰ বিৰুদ্ধে ভূমি কেলেংকাৰীৰ কেইবাটাও গোচৰ ৰজু হৈছে।

ইয়াৰ পিছতো ৰহস্যজনকভাৱে আৰক্ষীয়ে মেৰিনা খানক গ্ৰেপ্তাৰ নকৰাত ক্ষোভ প্ৰকাশ কৰে আছুৰ নেতাই। একেদৰে গৰাখহনীয়াত গৃহহীন হোৱা লোকক ভূমি আৱণ্টন দিয়াৰ দাবী তোলাৰ লগতে তেওঁলোকক ক্ষতিপুৰণ দিয়াৰ দাবী জনায় প্ৰতিবাদকাৰী আছু কৰ্মীয়ে। তদুপৰি জিলাখনৰ বিভিন্ন প্ৰান্তত চলি থকা গৰাখহনীয়াৰ স্থায়ী প্ৰতিৰোধৰ ব্যৱস্থা কৰিব লাগে বুলিও আছুৱে বিক্ষোভ কাৰ্যসূচীৰ দ্বাৰা দাবী উত্থাপন কৰিছে।

আনহাতে চৰকাৰী ভূমি দখল কৰা বেদখলকাৰীক স্থানীয় এগৰাকী জ্যেষ্ঠ সাংবাদিক তথা তৃণমুল কংগ্ৰেছৰ নেতাই উচটনি দি অহাৰ অভিযোগ তুলিছে প্ৰতিবাদকাৰী সকলে। তৃণমুল কংগ্ৰেছৰ নেতা গৰাকীয়ে প্ৰায় ২০০ গৰাকী ক্ষুদ্ৰ ব্যৱসায়ীক দোকানৰ ভূমি আৱণ্টন দিয়াৰ নামত লাখ লাখ টকা সংগ্ৰহ কৰিছে বুলি জিলাখনৰ ফেকামাৰী জিলা পৰিষদৰ প্ৰাক্তন সদস্য জাহাঙ্গীৰ আলম মণ্ডল সাংবাদিকৰ আগত বিস্ফোৰক মন্তব্য কৰি তৃণমুল কংগ্ৰেছৰ নেতা গৰাকীক ভূমি কেলেংকাৰীৰ তদন্তৰ আওতালৈ আনিবলৈ দাবী জনায়।