গুৱাহাটী, ২৪ আগষ্ট, ২০২৩ : কাৰ্বি আংলঙৰ সদৰ ডিফুত (Diphu) ভয়ংকৰ ৰূপ লোৱা ডেংগি ৰোগৰ প্ৰাদুৰ্ভাৱ দূৰ কৰিবলৈ স্বাস্থ্য বিভাগক দাবী জনাইছে আম আদমি পাৰ্টীয়ে। চহৰখনত এতিয়ালৈকে মুঠ ৩,৩৩২ গৰাকী লোক এই ৰোগত আক্ৰান্ত হৈছে আৰু ইয়াৰে চাৰিজন লোকৰ মৃত্যু হৈছে। আম আদমি পাৰ্টীয়ে এই ৰোগৰ সংক্ৰমণ ৰোধ কৰিবলৈ চৰকাৰে যি ধৰণে ব্যৱস্থা গ্ৰহণ কৰিব লাগিছিল, সেই ধৰণে ব্যৱস্থা লোৱা নাই বুলি অভিযোগ উত্থাপন কৰিছে।

এক বিবৃতিযোগে দলটোৰ ৰাজ্যিক সভাপতি ডা৹ ভবেন চৌধুৰীয়ে কয় যে এই ৰোগৰ বাহক মহ। গতিকে মহৰ বংশবৃদ্ধি ৰোধ কৰিবলৈ চৰকাৰে যুদ্ধকালীন তৎপৰতা গ্ৰহণ কৰিব লাগে। কেইবাসপ্তাহ ধৰি অঞ্চলটোত এই ৰোগৰ সংক্ৰমণ হৈ আছে যদিও চৰকাৰে ইয়াক ৰোধ কৰিব পৰা নাই। যোৱা বুধবাৰৰ দিনটোতে ৮০ জন লোক এই ৰোগত আক্ৰান্ত হৈছে। উল্লেখ্য যে কিছু বছৰৰ আগলৈকে দিল্লীত প্ৰতি বছৰে শতাধিক লোক এই ৰোগত আক্ৰান্ত হৈছিল আৰু বহু লোক মৃত্যুৰ মুখত পৰিছিল।

দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালৰ নেতৃত্বত ঘৰৰ ভিতৰে-বাহিৰে জমা হৈ থকা বন্ধ পানী নিষ্কাষনৰ বাবে এক অভিযান আৰম্ভ কৰি মানুহৰ মাজত সজাগতা বৃদ্ধি কৰিবলৈ সক্ষম হৈছিল। বৰ্তমান দিল্লীত এই ৰোগৰ সংক্ৰমণ নিয়ন্ত্ৰনাধীন। আসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এনে ব্যৱস্থা ল’ব লাগে বুলি দলটোৱে আঙুলীয়াই দিয়ে।