কলিয়াবৰ, ২৩ আগষ্ট, ২০২৩ : চোৰাং চিকাৰী তথা বন্যপ্ৰাণীৰ অংগ-প্ৰত্যংগৰ সৰবৰাহকাৰী বিৰুদ্ধে অভিযান। উদ্ধাৰ হাতীৰ দাঁত, বাঘৰ দাঁত, হৰিণাৰ শিংৰ লগতে বনৰৌৰ বাকলি। অভিযানকালত আটক পাঁচজনকৈ চোৰাং চিকাৰী তথা বন্যপ্ৰাণীৰ অংগ-প্ৰত্যংগৰ সৰবৰাহকাৰী (Poacher Arrested)। অধিক তথ্যৰ বাবে আৰক্ষীয়ে চোৰাং চিকাৰী তথা বন্যপ্ৰাণীৰ অংগ-প্ৰত্যংগৰ সৰবৰাহকাৰী কেইজনক জেৰা অব্যাহত ৰাখিছে।

অসম এছটিএফ বাহিনীৰ এটা দলে এক বৃহৎ সাফল্য লাভ কৰিছে। এছটিএফ বাহিনীৰ এটা দলে চোৰাং চিকাৰী তথা বন্যপ্ৰাণীৰ অংগ-প্ৰত্যংগৰ সৰবৰাহকাৰীৰ বিৰুদ্ধে অভিযান চলাই হাতীৰ দাঁত, বাঘৰ দাঁতসহ বহু বন্যপ্ৰাণীৰ অংগ-প্ৰত্যংগ জব্দ কৰাৰ লগতে পাঁচজনকৈ চোৰাং চিকাৰী তথা বন্যপ্ৰাণীৰ অংগ-প্ৰত্যংগৰ সৰবৰাহকাৰীক জালত পেলাবলৈ সক্ষম হৈছে। অসম এছটিএফ বাহিনীৰ দলটোক অভিযানকালত সহযোগ কৰিছিল বন্যপ্ৰাণী অপৰাধ নিয়ন্ত্ৰণ ব্যুৰোৰ এটা দলে।

এক গোপন খবৰৰ ভিত্তিত মঙলবাৰে অসম এছটিএফ বাহিনী আৰু গুৱাহাটীস্থিত বন্যপ্ৰাণী অপৰাধ নিয়ন্ত্ৰণ ব্যুৰোৰ এটা দল নগাঁও জিলাৰ কলিয়াবৰ আৰু জখলাবন্ধাৰ বিভিন্ন অঞ্চলত অভিযান চলায়। অভিযানকালত দলটোৱে পাঁচজনকৈ চোৰাং চিকাৰী তথা বন্যপ্ৰাণীৰ অংগ-প্ৰত্যংগৰ সৰবৰাহকাৰীক আটক কৰে। দলটোৱে চোৰাং চিকাৰী তথা বন্যপ্ৰাণীৰ অংগ-প্ৰত্যংগৰ সৰবৰাহকাৰী কেইজনৰ কবলৰ পৰা দলটোৱে জব্দ কৰে বহু বন্যপ্ৰাণীৰ অংগ-প্ৰত্যংগ। আতকাধীন চোৰাং চিকাৰী তথা বন্যপ্ৰাণীৰ অংগ-প্ৰত্যংগৰ সৰবৰাহকাৰী কেইজন ক্ৰমে জখলাবন্ধাৰ‌ মহম্মদ গফৰ কুৰেছী, মহম্মদ উকিল কুৰেছী, মহম্মদ ছফিকুল ইছলাম, ৰাওতাৰ উজ্জল ভৰালী আৰু গুৱাহাটীৰ আদিত্য শৰ্মা

চোৰাং চিকাৰী তথা বন্যপ্ৰাণীৰ অংগ-প্ৰত্যংগৰ সৰবৰাহকাৰী কেইজনৰ পৰা ১২ টা হাতীৰ দাঁত, ২ টা বাঘৰ আগ দাঁত, ১৫ টা গঁড়ৰ খোৰা, ১ টা হৰিণাৰ শিং, ১.০৩১ কিলোগ্ৰাম বনৰৌৰ বাকলি আৰু পাঁচটা মোবাইল ফোন উদ্ধাৰ কৰি জব্দ কৰে। অভিযানকাৰী দলটোৱে আটকাধীন চোৰাং চিকাৰী তথা বন্যপ্ৰাণীৰ অংগ-প্ৰতংগৰ চোৰাং সৰবৰাহকাৰী কেইজনৰ লগতে জব্দকৃত সামগ্ৰীসমূহ স্থানীয় জখলাবন্ধা আৰক্ষীক ছমজাই দিয়ে আৰু সেইমৰ্মে জখলাবন্ধা আৰক্ষীয়ে বন্যপ্ৰাণী সুৰক্ষা আইনৰ বিভিন্ন ধাৰাৰ অধীনত ১২২/২০২৩ নম্বৰৰ গোচৰ পঞ্জীয়ন কৰি তদন্ত অব্যাহত ৰাখিছে।