গুৱাহাটী : বিজুলী ভৱন (Bijulee Bhavan) উত্তাল কৰিলে আম আদমি পাৰ্টী (AAP) অসমে। বিদ্যুৎ মাছুল বৃদ্ধিৰ অভিযোগত প্ৰতিবাদ সাব্যস্ত কৰি বিজুলী ভৱনৰ চৌহদ উত্তাল কৰি তোলে আম আদমি পাৰ্টী অসমে। ৰাজ্যৰ শক্তিমন্ত্ৰীলৈ স্মাৰক পত্ৰ প্ৰেৰণ।

বিগত কিছুদিন ধৰি ৰাজ্যত বহু বিদ্যুৎ গ্ৰহকৰ বিদ্যুৎ মাছুল পূৰ্বৰ তুলনাত অধিক অহা দেখিবলৈ পোৱা গৈছে। বহু গ্ৰহকৰ বিদ্যুৎ মাছুল পূৰ্বৰ তুলনাত দুগুণ পৰ্যন্ত বৃদ্ধি পোৱা পৰিলক্ষিত হৈছে। হঠাৎ বিদ্যুৎ মাছুলৰ এই অস্বাভাৱিক বৃদ্ধিয়ে ৰাইজৰ মাজত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে। সামাজিক মাধ্যমত বিদ্যুৎ মাছুলৰ অভাৱনীয় বৃদ্ধিয়ে ব্যাপক চৰ্চা লাভ কৰিছে।

স্মাৰ্ট মিটাৰ সংযোগৰ ফলতে বিদ্যুৎ মাছুলৰ এই অভাৱনীয় বৃদ্ধি হোৱা বুলিও চৰ্চা চলিছে। স্মাৰ্ট মিটাৰ সংযোগ কৰা গ্ৰাহক সকলৰে বিদ্যুৎ মাছুল অস্বাভাৱিক বৃদ্ধি পোৱা বুলিও একাংশই চৰ্চা কৰা পৰিলক্ষিত হৈছে। বিদ্যুৎ মাছুলৰ অভাৱনীয় বৃদ্ধিৰ অভিযোগ উত্থাপন কৰি শুকুৰবাৰে আম আদমি পাৰ্টী অসমে এক প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন কৰে। গুৱাহাটীৰ পল্টন বজাৰস্থিত বিজুলী ভৱনত আম আদমি পাৰ্টী অসমে প্ৰতিবাদ সাব্যস্ত কৰে।

আম আদমি পাৰ্টী অসমৰ শতাধিক সদস্যই বিজুলী ভনৱৰ গেটৰ একত্ৰিত হৈ বিদ্যুৎ মাছুলৰ অভাৱনীয় বৃদ্ধি হোৱাৰ অভিযোগ উত্থাপন কৰি প্ৰতিবাদ সাব্যস্ত কৰে। প্ৰতিবাদকাৰী সকলে হাতে হাতে বেনাৰ পোষ্টাৰ লৈ বিজুলী ভৱনৰ চৌহদত প্ৰৱেশ কৰি পৰিৱেশ উত্তাল কৰি তোলে। বিজুলী ভৱনৰ সুৰক্ষা কৰ্মীয়ে প্ৰতিবাদকাৰী সকলক বাধা প্ৰদান কৰে যদিও প্ৰতিবাদ ৰোধ কৰিবলৈ সক্ষম নহয়।

আম আদমি পাৰ্টী অসমৰ প্ৰতিবাদকাৰী সকলে কয় যে অসম চৰকাৰে সৰ্বসাধাৰণ ৰাইজৰ ওপৰত অধিক কৰ জাপি দিয়াৰ বাবেই এইদৰে বিদ্যুৎৰ মাছুল বৃদ্ধি কৰিছে। দিল্লী আৰু পাঞ্জাৱ চৰকাৰে ৰাজ্য দুখন জনসাধাৰণক বিনামূলীয়া বিজুলী যোগান ধৰিছে আৰু অসম চৰকাৰে অসমৰ ৰাইজৰ ওপৰত কৰৰ ওপৰত কৰ জাপি দিছে। আম আদমি পাৰ্টী অসমৰ বিদ্যুৎ বিভাগৰ কৰ্তৃপক্ষৰ জড়িয়তে ৰাজ্যৰ শক্তিমন্ত্ৰীলৈ এখন স্মাৰক পত্ৰও প্ৰেৰণ কৰে।