গুৱাহাটী : সদৌ অসম কোচ ৰাজবংশী সন্মিলনীৰ (All Assam Koch Rajbonshi Sanmilani) হুংকাৰ, পুনৰ অশান্ত হ’ব অসম। চৰকাৰৰ মিথ্যাচাৰ আৰু প্ৰবঞ্চনাৰ প্ৰতিবাদত পুনৰ অসম অশান্ত কৰিব সদৌ অসম কোচ ৰাজবংশী সন্মিলনীয়ে। ৰে’ল অৱৰোধ, প্ৰতিবাদী কাৰ্যসূচীৰ ঘোষণা।

কেন্দ্ৰ চৰকাৰে দেশৰ ১২ টাকৈ জনগোষ্ঠীক জনজাতিকৰণৰ মৰ্যাদা প্ৰদান কৰিবলৈ প্ৰস্তুতি চলাইছে। চৰকাৰে জনজাতিকৰণৰ মৰ্যাদা প্ৰদান কৰাৰ প্ৰস্তুত চলোৱা এই ১২ টা জনগোষ্ঠীৰ মাজত নাই অসমৰ এটাও জনগোষ্ঠীৰ। কেন্দ্ৰ আৰু ৰাজ্যৰ বিজেপি চৰকাৰে নিৰ্বাচনৰ পূৰ্বে অসমৰ ছয় জনগোষ্ঠীক জনজাতিকৰণৰ মৰ্যাদা প্ৰদান কৰাৰ প্ৰতিশ্ৰুতি প্ৰদান কৰিছিল যদিও অসমৰ এই ছয় জনগোষ্ঠীক আজিলৈকে জনজাতিকৰণৰ মৰ্যাদা প্ৰদান কৰা নহ’ল।

কোচ ৰাজবংশী সকলক বিজেপি চৰকাৰে পণ্য সামগ্ৰীৰ দৰে ব্যৱহাৰ কৰি অহাৰ গুৰুত্বৰ অভিযোগ উত্থাপন কৰি
জনজাতিকৰণৰ মৰ্যাদা প্ৰদানৰ পৰা ৰাজ্যৰ আটাইতকৈ সৰ্ববৃহৎ জনগোষ্ঠীটোৰ আবেগ অনুভূতিক ভৰিৰে মোহৰা বুলি তীব্ৰ ক্ষোভ প্ৰকাশ কৰে সদৌ অসম কোচ ৰাজবংশী সন্মিলনীৰ সভাপতি প্ৰণৱ নাৰায়ণ দেৱে। সদৌ অসম কোচ ৰাজবংশী সন্মিলনীয়ে অহা নৱেম্বৰ মাহৰ পৰা জনজাতিকৰণৰ দাবীত ৰে’ল অৱৰোধ কাৰ্যসূচী ৰূপায়ন কৰিব বুলি জানিবলৈ দিয়ে। প্ৰথম পৰ্যায়ত শ্ৰীৰামপুৰত ৰে’ল অৱৰোধ ৰূপায়ণ কৰি পৰৱৰ্তী সময়ত ধেমাজি আৰু শিমলুগুৰিত সংগঠনটোৱে ৰে’ল পথ অৱৰোধ কাৰ্যসূচী ৰূপায়ন কৰিব।

সংগঠনটোৱে দিল্লীতো এক প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন কৰি জনজাতিকৰণৰ দাবী উত্থাপন কৰিব বুলিও জানিবলৈ দিয়ে সভাপতি প্ৰণৱ নাৰায়ণ দেৱে। জনজাতিকৰণৰ বিষয়টো যিহেতু ৰাজনৈতিক বিষয় গতিকে ৰাজনৈতিকভাৱেই প্ৰতিবাদ গঢ়ি তোলা হব বুলিও তাৎপৰ্যপূৰ্ণ মন্তব্য কৰে প্ৰণৱ নাৰায়ণ দেৱে। জনজাতিকৰণৰ প্ৰতিশ্ৰুতি কেৱল মাত্ৰ নিৰ্বাচনৰ পূৰ্বে দিয়ে আৰু নিৰ্বাচন শেষ হ’লে এই বিষয়টো ৰাজনৈতিক দল সমূহে পাহৰি পেলায়। কোচ ৰাজবংশী জনগোষ্ঠীয়ে এইবাৰ ধৰ্মীয় আৱেগত নহয়, জাতিৰ আবেগতহে আৰু জাতিৰ বাবেহে ভোট দিব বুলিও তেওঁ কয়।

সদৌ অসম কোচ ৰাজবংশী সন্মিলনী সভাপতি গৰাকীয়ে বিজেপি চৰকাৰক জবাবদিহি কৰি কয় যে অসমৰ সৰ্ববৃহৎ ভূমিপুত্ৰ কোচ ৰাজবংশী সকলক কিয় বাবে বাবে বঞ্চিত কৰি অহা হৈছে। গণতান্ত্ৰিক আন্দোলন, প্ৰতিবাদৰ ভাষা নুবুজা চৰকাৰে কিয় বাৰে বাৰে কোচ ৰাজবংশী জনগোষ্ঠীটোৰ সহজ সৰল লোক সকলক কঠোৰ পদক্ষেপ গ্ৰহণ কৰিবলৈ উচতনি দিছে বুলিও সদৌ অসম কোচ ৰাজবংশী সন্মিলনী সভাপতি প্ৰণৱ নাৰায়ণ দেৱে প্ৰশ্ন কৰে। সংবাদমেলত সদৌ অসম কোচ ৰাজবংশী সন্মিলনীৰ সাধাৰণ সম্পাদক ৰণাদিত্য কুমাৰ বৰ্মন, উপ সভাপতি খগেনজিৎ ঠাকুৰীয়া আৰু সদৌ অসম কোচ ৰাজবংশী যুৱ ছাত্ৰ সন্মিলনীৰ সাধাৰণ সম্পাদক জয়ন্ত কুমাৰ ডেকা উপস্থিত থাকে।