গুৱাহাটী : অপেক্ষাৰ অন্ত পেলাই বহু প্রতিক্ষীত এপ’লৰ পৰৱৰ্তী প্ৰজন্মৰ স্মার্টফোন আই ফোন ১৪ (iPhone 14) মুকলি কৰা হৈছে। মহানগৰীৰ উলুবাৰী আৰু পল্টন বজাৰৰ ইন টাছ শ্ব’ ৰূমত আই ফোন ১৪ আনুষ্ঠানিকভাৱে গ্ৰাহকৰ বাবে মুকলি কৰা হয়।

অভিনেত্ৰী ইয়াংকি পৰাশৰে যুটীয়াভাৱে উলুবাৰীত থকা ইন টাছৰ শ্বৰুমত বিভিন্ন মডেলৰ আই ফোন অনুষ্ঠানিকভাৱে মুকলি কৰে। এই সন্দৰ্ভত ইয়াংকি পৰাশৰে কয় “স্মার্ট ফোন সকলোৰে দৈনন্দিন জীৱনৰ এক অপৰিহাৰ্য অংশ হৈ পৰিছে। আই ফোনৰ মানদণ্ড, বৈশিষ্ট্য আৰু অন্যান্য মডেলৰ বাবে বিশেষভাৱে জনাজাত”। ইন টাছ শ্ব’ ৰূমত গ্ৰাহকৰ বাবে উপলব্ধ আছে আইফোনৰ কেবাটাও মডেল। বিশেষকৈ আই ফোন ১৪, আই ফোন ১৪ গ্লাছ, আই ফোন ১৪ প্ৰ’ আৰু আই ফোন-১৪ প্র’ মেক্স।

এই সন্দৰ্ভত স্বত্বাধিকাৰী পংকজ সুৰানাই কয় যে আমাৰ গ্ৰাহকেই আমাৰ ব্ৰেণ্ড এস্বেছাদৰ যাৰ বাবে গ্ৰাহকেই মুকলি কৰে আই ফোনৰ কেবাটাও নতুন মডেল। তেওঁ লগতে কয় যে এপ’লৰ এই নতুন স্মার্ট ফোন কেলিফর্নিয়াত মুকলি কৰাৰ সময়ত ইন টাছত প্রি বুকিং আৰম্ভ কৰা হৈছিল আই ফোন ১৪ স্মার্ট ফোন। যিসকল গ্ৰাহকে ইন টাছৰ শ্ব’ ৰূমত আই ফোনৰ বাবে আগতীয়াকৈ বুকিং কৰিছিল, তেওঁলোকে ১৯৯৮ টকালৈকে পুৰস্কাৰ লাভ কৰিব। একেদৰে গ্ৰাহকক পাঁচ হাজাৰ টকালৈকে কেচবেক অফাৰ ঘোষণা কৰে। ইন টাছত গ্ৰাহকৰ বাবে সহজেই ই এম আইৰ সুবিধা আছে, য’ত গ্ৰাহকে এটকাও আগতীয়াকৈ দিব নালাগে।

ইন টাছত উপলব্ধ হৈছে সকলো ধৰণৰ সা-সামগ্ৰী। নতুনকৈ মুকলি কৰা আইফোন বিভিন্ন মডেল হৈছে আই ফোন ১৪, আই ফোন ১৪ গ্লাছৰ বিভিন্ন ভেৰিয়েন্ট বিশেষ কৈ ১২৮ জিবি, ২৫৬ জিবি আৰু ৫১২ জিবি এই আইফোন ৭৯,৯০০ টকাৰ এমআৰপিত অৰম্ভণিত উপলব্ধ হ’ব। আই ফোন ১৪ প্ৰ’, আই ফোন ১৪ প্র’-মেক্স ১২৮ জিবি, ২৫৬ জিবি, ৫১২ জিবি আৰু ১ টিবি ভেৰিয়েণ্টত এই আই ফোন ১,২৯,৯০০ টকাৰ আৰম্ভণি এমআৰপিত উপলব্ধ হ’ব।

এই সকলোবোৰ মডেল বিভিন্ন ৰং যেনে নীলা, পাৰপেল, মিডনাইট, ষ্টাৰ লাইট আৰু প্ৰডাক্ট ৰেড ৰঙত উপলব্ধ। আনহাতে এপ’লৰ আই পেড এয়াৰ, এয়াৰপড়ছ প্র’ ছেকও জেনেৰেশ্যন আৰু এপ’লৰ ঘড়ী চিৰিজ ৮ অতি সোনকালে আমাৰ ইন টাছ শ্ব’ ৰূমত উপলব্ধ হ’ব। শেহতীয়াকৈ টাইমছ গ্ৰুপৰ দ্বাৰা ইন টাছে লিডিং ম’বাইল ষ্টোৰ’ হিচাপে স্বীকৃতি লাভ কৰিছে।