খাৰুপেটিয়া, ২৮ জুলাইঃ দৰং জিলাৰ খাৰুপেটিয়া আৰক্ষী থানাৰ যান বাহন আৰক্ষীয়ে নিমতলী দলঙৰ কাষত নথিপত্ৰ বিহীন যান বাহনৰ বিৰুদ্ধে তালাচী চলায়৷ নগৰখনৰ মাজেদি যোৱা ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথৰ দুয়োকাষে পুলিচ পইন্টৰ পৰা অসম ক্লাবলৈ আৰু পৰিবহন বিভাগৰ বাছ আস্থানৰ সন্মুখত পথৰ দুয়োকাষে  অটো, টাটা মেজিক, উইংগাৰ, আল্ট্ৰা আদি যাত্ৰীবাহী  যান বাহনসমূহ বহু সময় ধৰি পথৰ ওপৰত ৰখাই থোৱাত সৃষ্টি হোৱা যান জটে স্কুল কলেজৰ ছাত্ৰ ছাত্ৰীৰ লগতে পথচাৰীক অতিষ্ট কৰি তুলিছিল৷ বে আইনী ভাৱে ৰাষ্ট্ৰীয় ঘাই পথৰ ওপৰত দীৰ্ঘ সময় ধৰি ৰখাই থোৱা যান বাহনে সৃষ্টি কৰা যান জঁটৰ ফলত প্ৰায়েই বিভিন্ন দুৰ্ঘটনা সংঘটিত হৈছিল৷ এনে যান বাহনৰ বিৰুদ্ধে খাৰুপেটিয়া আৰক্ষীয়ে অভিযান চলাই যান জঁটৰ সমস্যা সমাধানৰ চেষ্টা চলায়৷ চলিত বৰ্ষৰ জানুৱাৰীৰ পৰা জুলাইলৈ আৰক্ষীয়ে নথিপত্ৰ বিহীন যান বাহনৰ লগতে আইন ভঙ্গকাৰীৰ পৰা ছয় লক্ষাধিক টকা জৰিমনা সংগ্ৰহ কৰে৷ ইয়াৰে চলিত বৰ্ষৰ জানুৱাৰীত ত্ৰিছ হাজাৰ, ফেব্ৰুৱাৰীত ২৪,৫০০টকা,  মাৰ্চত ৩০,৪০০টকা, এপ্ৰিলত ১,২৫,২০০ টকা, মে’ত ১,২৬,৯০০টকা, জুনত ১,৩০,১০০টকা আৰু জুলাইৰ ২৫ তাৰিখলৈ ১,৬৯,৫০০ টকা জৰিমনা সংগ্ৰহ কৰে৷ চলিত বৰ্ষত খাৰুপেটিয়া যান বাহন আৰক্ষীয়ে সৰ্বমুঠ ৬,৩৭,৩০০ টকা সংগ্ৰহ কৰি চৰকাৰী ৰাজকোষত জমা দিয়ে৷