সোণাপুৰ, ২৮ জুলাইঃ বিশ্ব অভিলেখ গঢ়াৰ লক্ষ্যৰে দিনে-নিশাই চেষ্টা অব্যাহত ৰখা এজন যুৱক৷ নাম শিৰোমণি দলে৷ একক প্ৰচেষ্টাৰে নিজৰ সৃষ্টিক বিশ্ববাসীৰ আগত প্ৰদৰ্শন কৰা উদ্দেশ্যৰে শিৰোমণিয়ে শেষতীয়াকৈ গিনিজ বুক অৱ ৱৰ্ল্ড ৰেকডছৰ কৰ্তৃপক্ষৰে যোগাযোগ কৰে৷ কিন্তু আগধন জমা দিব নোৱাৰাৰ কাৰণে শিৰোমণিৰ প্ৰদৰ্শনীত উপস্থিত থাকিবলৈ মান্তি নহ’ল গিনিজ বুক অৱ ৱৰ্ল্ড ৰেকডছৰ কৰ্তৃপক্ষ৷ তথাপিও দৃঢ় মনৰ যুৱক শিৰোমণিয়ে নিজৰ শিল্পকৰ্মক ৰাজহুৱাকৈ ২৯ জুলাইত সোণাপুৰত প্ৰদৰ্শনৰ সিদ্ধান্ত লৈছে৷ ইয়াৰ কাৰণে ইতিমধ্যে শিৰোমণিয়ে সকলো প্ৰস্তুতি সম্পূৰ্ণ কৰিছে৷ প্ৰস্তুত কৰি উলিয়াইছে ৩১ ফুট দৈৰ্ঘ্যৰ বাঁহৰ ছেলফি ষ্টিকৰ লগতে ৯১ ফুট দৈৰ্ঘ্যৰ তুলিকা৷ সোণাপুৰৰ ৰাষ্ট্ৰীয় ঘাইপথৰ পাথৰকুছিৰ পৰা লালমাটিলৈ সুদীৰ্ঘ পথ হেণ্ডেল নধৰাকৈ স্কুটী চলোৱাৰ লগতে শিৰোমণিয়ে নাকেৰে অংকণ কৰিব চিত্ৰ৷ বৰ্তমান সোণাপুৰৰ ৰাজপথত ইয়াৰে অনুশীলনত ব্যস্ত শিৰোমণি৷ শিৰোমণিয়ে নিজৰ শিল্পকৰ্মৰ ৰাজহুৱা প্ৰদৰ্শনত সকলোৰে সহযোগিতাৰ কামনা কৰিছে৷ শিৰোমণিয়ে নিজৰ প্ৰচেষ্টাত সফলতা লাভ কৰক আৰু গিনিজ বুক অৱ ৱৰ্ল্ড ৰেকডছৰ লগতে নতুন নতুন অভিলেখ গঢ়ি অসমৰ নাম বিশ্ববাসীৰ আগত উজলাই তুলিবলৈ সক্ষম হওঁক, তাৰ কাৰণে সংবাদ ৩৬৫ৰ তৰফৰ পৰা শিৰোমণিলে অনেক শুভেচ্ছা থাকিল৷