মোজাক্কিৰ আলম

ৰূপহীহাট : এইবাৰ বিধায়কৰ বিৰুদ্ধে ভূমি বেদখল কৰাৰ অভিযোগ। বিধায়কে ভূমি বেদখল কৰাৰ অভিযোগত উত্তাল প্ৰতিবাদ। বিদ্যালয়ৰ খেলপথাৰৰ ভূমি বেদখল কৰাৰ বিস্ফোৰক অভিযোগ উত্থাপন কৰি বিধায়কৰ পুত্তলিকা দাহ।

নগাঁও জিলাৰ ৰূপহীহাট সমষ্টিৰ কংগ্ৰেছ দলৰ বিধায়ক নুৰুল হুদাৰ বিৰুদ্ধে ভূমি বেদখলৰ অভিযোগ। নুৰুল হুদাৰ প্ৰত্যক্ষ পৃষ্ঠপোষকতাত বিদ্যালয়ৰ খেলপথাৰৰ ভূমি বেদখলৰ চক্ৰান্ত চলাৰ বিস্ফোৰক অভিযোগ উত্থাপন কৰি উত্তাল প্ৰতিবাদ সাব্যস্ত কৰিছে আছুৱে।

ৰূপহী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰৰ ভূমি বিধায়ক নুৰুল হুদাৰ পৃষ্ঠপোষকতাত বেদখলৰ হোৱাৰ অভিযোগ উত্থাপন কৰি বিধায়ক গৰাকীৰ পুত্তলিকা দাহ কৰে আছুৱে। ৰূপহী আঞ্চলিক ছাত্ৰ সন্থাৰ উদ্যোগত আৰু গড়াজান শাখা ছাত্ৰ সন্থাৰ সহযোগত ছাত্ৰ সন্থাৰ সদস্য সকলে ৰূপহী চাৰিআলিত বিধায়ক নুৰুল হুদাৰ পুত্তলিকা দাহ কৰি উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে।

যি সময়ত দৰং জিলাৰ ছিপাঝাৰৰ অন্তৰ্গত গৰুখুটীৰ উচ্ছেদকাণ্ডই সমগ্ৰ ৰাজ্যৰ লগতে দেশজুৰি প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে সেই সময়তে ৰূপহীহাটৰ কংগ্ৰেছ দলৰ বিধায়ক নুৰুল হুদাৰ বিৰুদ্ধে ভূমি বেদখলৰ অভিযোগ উত্থাপন হৈছে। প্ৰতিবাদকাৰী আছুৰ সদস্য সকলে চৰকাৰক বিদ্যালয়ৰ খেলপথাৰৰ ভূমি বেদখলমুক্ত কৰাৰ দাবী উত্থাপন কৰিছে।