গুৱাহাটী, সংবাদ ৩৬৫, ১৩ ডিচেম্বৰ : নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে চান্দমাৰী অভিযান্ত্ৰিক মহাবিদ্যালয় খেলপথাৰত সদৌ অসম ছাত্ৰ সন্থাৰ নেতৃত্বত গণ অনশন। হাজাৰ হাজাৰ লোকৰ অংশগ্ৰহণ আৰু নাগৰিকত্ব সংশোধনী বিধেয়ক বিৰোধী শ্ল’গানত উত্তাল চান্দমাৰী অভিযান্ত্ৰিক মহাবিদ্যালয় খেলপথাৰ।

বৃহস্পতিবাৰে নিশা ৰাষ্ট্ৰপতি ৰামনাথ কবিন্দে নাগৰিকত্ব সংশোধনী বিধেয়কত স্বাক্ষৰ কৰি বিধেয়কখন আইনত পৰিণত কৰিলে যদিও অসমবাসী ৰাইজে এই আইন কোনো কাৰণতে মানি নলয় বুলি প্ৰতিজ্ঞাবদ্ধ হৈছে। সমগ্ৰ অসম জ্বলিছে নাগৰিকত্ব সংশোধনী বিধেয়ক বিৰোধী আন্দোলনত। ৰাজ্যৰ চুকে কোনে সংঘটিত হৈছে হিংসাত্মক ঘটনা। বিতৰ্কিত বিধেয়কখনৰ বিৰুদ্ধে শুকুৰবাৰেও সমগ্ৰ ৰাজ্যত অব্যহত আছে প্ৰতিবাদ। মহানগৰী গুৱাহাটীত শুকুৰবাৰে নাগৰিকত্ব সংশোধনী বোধেয়ক বাতিলৰ দাবীত সদৌ অসম ছাত্ৰ সন্থাৰ নেতৃত্বত গণ অনশন কাৰ্যসূচীত কেইবাহাজাৰ জনতাই অংশগ্ৰহণ কৰে।

গণ অনশনত অংশগ্ৰহণ কৰে অসমীয়া ছবি জগতৰ লগত জড়িত কেইবাগৰাকী ব্যক্তিৰ লগতে অভিনেত্ৰী বৰষাৰাণী বিষয়া, নিশিতা গোস্বামী আৰু বিজেপি দল ত্যাগ কৰা অভিনেতা ৰবি শৰ্মাও। অসমীয়া ছবি জগতৰ শিল্পী সকলে চৰকাৰক নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিল কৰা দাবী জনাই কয় চৰকাৰে অসমীয়া জাতিৰ ওপৰত জোৰকৈ জাপি দিয়া এই বিতৰ্কিত বিধেয়ক কোনো কাৰণতে মানি লোৱা নহ’ব। চৰকাৰে নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিল নকৰালৈ আমাৰ গণতান্ত্ৰিক আন্দোলন অব্যহত থাকিব বুলিও মন্তব্য প্ৰকাশ কৰে শিল্পী সকলে।

নাগৰিকত্ব সংশোধনী বিধেয়ক বিৰোধী আন্দোলনে মহানগৰীত ভয়াবহ ৰূপ ধাৰণ কৰাত চৰকাৰে মহানগৰীত সান্ধ্য আইন জাৰি কৰিছে। বুধবাৰে আৰু বৃহস্পতিবাৰে চৰকাৰৰ সকলো বাধা নেওচি নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিলৰ দাবীত হাজাৰ হাজাৰ ৰাইজ ৰাজপথলৈ ওলাই আহি উত্তাল প্ৰতিবাদ সাব্যস্ত কৰিছিল।