গুৱাহাটী, সংবাদ ৩৬৫, ১৪ ডিচেম্বৰ : কেবৰ বিৰুদ্ধে হৈ থকা উত্তপ্ত পৰিস্থিতিৰ পাছতে ৰাজ্যৰ লগৱে ক্ৰমাৎ স্বাভাৱিক হৈছে গুৱাহাটী মহানগৰীৰ পৰিস্থিতি। ৭ ঘণ্টাৰ বাবে শিথিল কৰা হৈছে সান্ধ্য আইন।

গুৱাহাটী আৰু উত্তৰ গুৱাহাটীৰ মাজত চলাচল হৈছে ফেৰী সেৱা। চলাচল হৈছে বাছ সেৱাও । ৰে’ল ষ্টেচনসমূহত দেখা গৈছে ব্যাপক ভিৰ। শ শ ৰেল যাত্ৰী অপেক্ষা কৰি আছে ৰেল ষ্টেচনত।

শনিবাৰৰ পুৱাৰে পৰা বজাৰ-সমাৰ, দোকান-পোহাৰৰসমূহ খোলা পৰিলক্ষিত হৈছে। বজাৰৰ বাবে ওলাই আহিছে জনসাধাৰণ।

ইফালে প্ৰতিটো বস্তুৰেই হৈছে আকাশলঙ্ঘী মূল্য বৃদ্ধি । ইয়াৰ বিপৰীতে এ টি এমসমূহত নাই ধন।