গোলকগঞ্জ : গোলকগঞ্জৰ আগমনিৰ কালডোৱাত শোকাকুল পৰিৱেশ। ১১ দিন অভিযান চলাই অৱশেষত উদ্ধাৰ হ’ল ৰেল বিভাগৰ অভিযন্তা কমলেশ তালুকদাৰৰ মৃতদেহ। মণিপুৰৰ ভয়ংকৰ ভূমিস্খলনৰ পিছৰে পৰা নিখোজ হৈ আছিল কমলেশ তালুকদাৰ।

সোমবাৰে ধুবুৰী জিলাৰ গোলকগঞ্জৰ আগমনিৰ কালডোৱাত এক শোকাকুল পৰিৱেশৰ সৃষ্টি হয়। মণিপুৰৰ পৰা কমলেশ তালুকদাৰৰ নশ্বৰ দেহ নিজ গৃহলৈ আহি পোৱাৰ পিছতে কমলেশ তালুকদাৰৰ ঘৰখনৰ লগতে কালডোৱা গাঁৱত শোকাকুল পৰিৱেশৰ সৃষ্টি হয়।

ৰেল বিভাগৰ অভিযন্তা কমলেশ তালুকদাৰ ২৯ জুনত মণিপুৰৰ ননে জিলাৰ টুপুলত হোৱা ভয়ংকৰ ভুমিস্খলনৰ ঘটনাৰ পিছৰে পৰা নিখোজ আছিল। অৱশেষত ১১ দিন ধৰি উদ্ধাৰ অভিযান চলাই কললেশ তালুদকাৰৰ মৃতদেহ উদ্ধাৰ কৰা হয়। সোমবাৰে পুৱাৰ ভাগত কমলেশ তালুদকাৰৰ নশ্বৰ দেহ পৰিয়ালৰ লোকক সমজাই দিয়া হয়।

কালডোৱা শ্মশানঘাটত পৰিয়ালৰ লোকে কমলেশ তালুকদাৰৰ অন্তিম সৎকাৰ সম্পন্ন কৰা হয়। আগমনিৰ কালডোৱাৰ ঋষিকেশ তালুকদাৰ আৰু কৰুনা তালুকদাৰৰ জেষ্ঠ পুত্ৰ আছিল কমলেশ তালুকদাৰ। ২০১৪ চনত কমলেশ তালুদকাৰ ৰে’ল বিভাগত অভিযন্তা হিচাপে যোগদান কৰিছিল। ডেৰ বছৰ পূৰ্বে সন্তোষী পালৰ সৈতে বিবাহপাশত আৱদ্ধ হৈছিল কমলেশ তালুকদাৰ।