অভয়াপুৰী, ১৫ নৱেম্বৰ: কেন্দ্ৰীয় চৰকাৰ আৰু নাগালেণ্ডৰ বিদ্ৰোহী সংগঠন এন এছ চি এন(আই এম)ৰ লগত ফ্ৰেমৱৰ্ক এগ্ৰিমেণ্টৰ জৰিয়তে অসমৰ মাটি সামৰি বৃহত্তৰ নাগালিম গঠন কৰিবলৈ ওলোৱা কাৰ্যৰ বিৰোধিতা কৰি সমগ্র ৰাজ্যৰ লগতে বঙাইগাঁও জিলাৰ অভয়াপুৰীৰ  উত্তৰ শালমাৰা মহকুমাধিপতি কাৰ্যালয়ৰ সন্মুখত আমছুৰ উত্তৰ শালমাৰা জিলা সমিতিয়ে দুই ঘণ্টীয়া অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ন কৰে৷ উল্লেখ্য যে, গ্ৰেটাৰ নাগালেণ্ডত অসমৰ এক ইঞ্চিও মাটি সন্নিবিষ্ট নহয় সেই কথা নিশ্চিত কৰাৰ লগতে নাগা ফ্ৰেমৱৰ্ক এগ্ৰিমেণ্ট ৰাজহুৱা কৰাৰ দাবী তুলি সংগঠনটোৱে উত্তৰ শালমাৰা মহকুমাৰ মহকুমাধিপতিৰ জৰিয়তে প্ৰধানমন্ত্ৰীলৈ এখন স্মাৰক পত্ৰ প্ৰেৰণ কৰে৷ আজিৰ এই প্ৰতিবাদী কাৰ্যসূচীত অংশগ্ৰহণ কৰা প্ৰায় শতাধিক প্ৰতিবাদীয়ে ‘ভাৰত চৰকাৰ হায় হায়”, “নাগালিমত অসমৰ মাটি অন্তৰ্ভুক্ত নহব” আদি বিভিন্ন শ্লোগানেৰে প্ৰতিবাদস্থলী উত্তাল কৰি তোলে৷