চৰাইদেউ, ১৫ নৱেম্বৰ: চৰাইদেউ জিলাৰ সাপেখাতীত কালি পুৱা গোপন সুত্ৰৰ পমখেদি আলফা(স্বাধীন)ৰ দুধৰ্ষ কেডাৰ দেৱজিৎ গগৈ ওৰফে পুতুল অসমক আৰক্ষীয়ে কৰায়ত্ব কৰিবলৈ সক্ষম হয়৷ জানিব পৰামতে দীৰ্ঘদিন ধৰি উজনি অসমৰ তেল আৰু গেছ পৰিবাহী পাইপত বিস্ফোৰণৰ কূটাঘাত সংঘটিত কৰি সন্ত্ৰাসৰ সৃষ্টি কৰা পুতুল অসমে কালি পুৱা সাপেখাতী প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত চিকিৎসা কৰাবলৈ আহি আৰক্ষীৰ জালত পৰে৷ আৰক্ষীয়ে গোপন সূত্ৰ ভিত্তি অসামৰিক পোছাকত খাপ পিটি থকা আৰক্ষীৰ লোকে আলফা সদস্যজনক কৰায়ত্ব কৰে৷ ধৃত আলফা(স্বাধীন)ৰ সদস্যজনৰ ঘৰ চৰাইদেউ জিলাৰ ১ নং হাওঁফাওঁ গাঁৱত৷ শাৰীৰিক অসুস্থাৰ বাবে আলফা সদস্যজন আহিছিল চিকিৎসা কৰাবলৈ৷ আৰক্ষীয়ে ধৃত সদস্যজনে লুকুৱাই থোৱা বন্দুক বিচাৰি অসম অৰুণাচল সীমান্তৱৰ্তী অঞ্চলত অভিযান চলায়৷ বৰ্তমান আলফা সদস্যজনৰ জেৰা অব্যাহতি ৰাখিছে সাপেখাতী আৰক্ষীয়ে৷