গুৱাহাটী, ১৫ নৱেম্বৰ: আজিৰ পৰা কমিল ৰেষ্টুৰেণ্টৰ জিএচটি৷ এতিয়াৰে পৰা এচি ৰেষ্টুৰেণ্টত খাবলৈ গ’লে আগতকৈ ৫ শতাংশ কম বিল দিলেই হ’ব আৰু নন এচি ৰেষ্টুৰেন্টৰ ক্ষেত্ৰত মাত্ৰ ১২ শতাংশ জিএচটি আদায় দিব লাগিব৷ ১০ নৱেম্বৰ তাৰিখে গুৱাহাটীত অনুষ্ঠিত হোৱা ২৩ সংখ্যক জিএচটি পৰিষদৰ বৈঠকতে ৰেষ্টুৰেণ্টৰ আগৰ ১৮ শতাংশৰ ঠাইত ১২ শতাংশ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছিল৷ অৰ্থাৎ আগতে ৰেষ্টুৰেণ্টত ৫০ টকাৰ খাদ্য খালে ৫৯ টকাৰ বিল দিব লগা হৈছিলে কিন্তু আজিৰ পৰা সেই পৰিমান কমি ৫২ টকা ৫০ পইচা হ’ল৷ ৯-১০ নৱেম্বৰ তাৰিখে গুৱাহাটীত অনুষ্ঠিত হোৱা জিএচটিৰ পৰিষদৰ বৈঠকত আৰু বহুতো সামগ্ৰীৰ জিএচটি হ্ৰাস কৰা হৈছে৷ আজি অৰ্থাৎ ১৫ নৱেম্বৰৰ পৰা কাৰ্যকৰী হ’ব নতুন জিএচটি৷ আগতে সৰ্বোচ্চ ২৮ শতাংশ স্তৰত মুঠ ২২২ বিধ সামগ্ৰী আছিল৷ গুৱাহাটীৰ বৈঠকত ১৭৮ বিধ সামগ্ৰীৰ জিএচটি কমাই ১৮ শতাংশৰ স্তৰলৈ অনা হৈছে৷ ইয়াৰ ভিতৰত আছে টুথপেষ্ট, চেম্পুৰ দৰে সামগ্ৰী৷ ১৮ শতাংশৰ পৰা ১২ শতাংশলৈ মুঠ ১৩ বিধ সামগ্ৰী জিএচটি হ্ৰাস কৰা হৈছে৷ যাৰ ভিতৰত আছে গৃহনিৰ্মাণৰ সামগ্ৰী, ৰন্ধন সামগ্ৰী৷ ১৮ শতাংশৰ পৰা ৫ শতাংশ কৰা হ’ল মুঠ ৬ বিধ সামগ্ৰী জিএচটি হ্ৰাস কৰা হৈছে৷ তালিকাত আছে পেকেট খাদ্য, বিস্কুট, মাখন আৰু চিজ, শ্ৰীখণ্ড, মিঠাই আৰু লগতে আছে ৰাস্তা নিৰ্মাণ সামগ্ৰী৷ ১২ পৰা ৫ শতাংশ কৰা হ’ল মুঠ ৮ বিধ সামগ্ৰী৷ বাচন-বৰ্তন, নেপকিন, ঘৰুৱা পদ্ধতিত প্ৰস্তুত কৰা কাপোৰৰ লগতে আছে কেইবাবিধো সামগ্ৰী৷ কম দামৰ চাবোন আৰু চেম্পুও আছে ৫ শতাংশ জিএচটিৰ স্তৰত৷ কোনো ধৰণৰ জিএচটি দিব নালাগে পূজাৰ সামগ্ৰী, ধূপকাঠি, হাতে তৈয়াৰ কৰা মমবাতিৰ ক্ষেত্ৰত৷ আগতে এইবোৰৰ জিএচটি আছিল ৫ শতাংশ৷ লগতে দাম কমিল চেভিং ক্ৰিম, আফটাৰ চেভ, মহিলাসকলৰ প্ৰসাধন, ডিউড্ৰেণ্ট, গ্ৰেনাইট, মাৰ্বল, ঘৰ সজোৱা সামগ্ৰী, যিকোনো ধৰণৰ আচবাব লগতে সকলো ধৰণৰ চকলেট আৰু চুইংগাম৷