নিউজ ডেস্ক, সংবাদ ৩৬৫, ২৪ অক্টোবৰ : পত্নীক হত্যা কৰিবলৈ গৈ মৃত্যু স্বামীৰ । এই ঘটনা পশ্চিম কাৰ্বি আংলং জিলাৰ বৈঠালাংছ’ থানাৰ অন্তৰ্গত তামোলবাৰীত। পত্নীক কেৰাচিন ঢালি জ্বলাই নিজেই মৃত্যুক আঁকোৱালি লোৱা ঘটনাই সম্প্ৰতি সমগ্ৰ অঞ্চলটোতে চাঞ্চল্যৰ সৃষ্টি কৰিছে।

বাবুল দাস চৌদি নামৰ লোকজনে পত্নী সীমা দাসৰ সৈতে কাজিয়া লাগি কেৰাচিন তেল ঢালি জ্বলাই দিয়ে পত্নীগৰাকীক । পত্নীৰ গাৰ পৰা জুই সম্প্ৰসাৰিত হৈ বাবুল দাসৰ গাত লাগে আৰু জুই নুমুৱাবলৈ ঘৰৰ কাষতে থকা এটা পুখুৰীত জাঁপ দিয়ে । যাৰ ফলত সলিল সমাধি ঘটে লোকজনৰ।

উল্লেখযোগ্য যে বাবুল দাস গুজৰাটৰ এটা কোম্পানীত কৰ্মৰত আছিল।

ইফালে, অৰ্ধদগ্ধ অৱস্থাত পত্নী সীমা দাসক ৰাইজে উদ্ধাৰ কৰি চিকিৎসাৰ বাবে প্ৰথমে নগাঁৱলৈ প্ৰেৰণ কৰে যদিও পিছত উন্নত চিকিৎসাৰ বাবে গুৱাহাটীলৈ প্ৰেৰণ কৰা হয়। সম্প্ৰতি যি এম চিত মৃত্যুৰ লগত যুঁজি আছে মহিলাগৰাকীয়ে।