গুৱাহাটী : মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ কঠোৰ পদক্ষেপ আৰু দুর্ঘটনামুক্ত ৩১ ডিচম্বৰ। ৩১ ডিচেম্বৰত মহানগৰী গুৱাহাটীত সুৰা বিক্ৰীৰ অভিলেখ। মহানগৰীত ৬ কোটি টকাৰ সুৰা বিক্ৰী হ’ল ৩১ ডিচম্বৰত আৰু এটাও পথ দুর্ঘটনা সংঘটিত নহ’ল। মহানগৰ আৰক্ষী প্ৰশাসনে দুর্ঘটনামুক্ত ৩১ ডিচেম্বৰ সাফল্য লাভ কৰিলে।

যি সময়ত ৩১ ডিচম্বৰৰ নিশা মহানগৰবাসী নতুন বর্ষক আদৰণি জনোৱাৰ প্ৰস্তুতি চলাই আছিল সেই সময়ত মহানগৰীৰ ৰাজপথত আৰক্ষী প্ৰশাসন যুদ্ধ চলাই আছিল মানুহৰ জীৱন ৰক্ষাৰ। নতুন বর্ষক আদৰি অনা হ’ল আৰু পুৰণি বছৰে মহানগৰ আৰক্ষী প্ৰশাসনক যুদ্ধত বিজয়ী কৰি বিদায় ল’লে। ৩১ ডিচেম্বৰৰ নিশা মহানগৰ আৰক্ষী প্ৰশাসনে এটাও পথ দুর্ঘটনা সংঘটিত হ’বলৈ নিদিলে।

৩১ ডিচেম্বৰত মহানগৰী গুৱাহাটীত ৬ কোটি টকা মূল্যৰ সুৰা বিক্ৰী হ’ল। এফালে মহানগৰবাসীয়ে সুৰাপানৰ অভিলেখ গঢ়িলে আনফালে পথ দুর্ঘটনা সংঘটিত নোহোৱাকৈ পুৰণি বর্ষক বিদায় জনালে আৰক্ষী প্ৰশাসনে। আৰক্ষী প্ৰশাসনৰ এই সাফল্য লাভ কৰাত সহযোগ আগবঢ়োৱাৰ বাবে মহানগৰবাসীক ধন্যবাদ জনালে মহানগৰ আৰক্ষীয়ে।

মহানগৰ আৰক্ষীৰ যুটীয়া আৰক্ষী আয়ুক্ত পাৰ্থ সাৰথি মহন্তই এক সংবাদ মেলত জানিবলৈ দিয়ে যে ৩১ ডিচেম্বৰৰ নিশা মহানগৰীত এটাও পথ দুৰ্ঘটনা সংঘটিত নহ’ল। সুৰামত্ত চালকৰ বিৰুদ্ধে ৩১ ডিচেম্বৰৰ নিশা মহানগৰীৰ ৫৫ টা স্থানত আৰক্ষীয়ে অভিযান চলাইছিল। আৰক্ষী প্ৰশাসনৰ কঠোৰ পদক্ষেপ আৰু মহানগৰবাসীৰ সহযোহৰ ফল দুর্ঘটনামুক্ত ৩১ ডিচম্বৰ।

৩১ ডিচম্বৰৰ নিশা মহানগৰী গুৱাহাটীত ১১৫ টা সুৰাপান কৰি বাহন চলোৱাৰ কেচ পোৱা গৈছে আৰু পূৰ্বৰ তুলনাত এই সংখ্যা অতি নগণ্য বুলিও কয় মহানগৰ আৰক্ষীৰ যুটীয়া আৰক্ষী আয়ুক্ত পাৰ্থ সাৰথি মহন্তই। উল্লেখ্য যে ৩১ ডিচম্বৰৰ নিশা সুৰাপান কৰা চালকৰ বিৰুদ্ধে আৰক্ষী প্ৰশাসনৰ লগতে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাও নামি পৰিছিল ৰাজপথত।