কিশোৰ মিশ্ৰা
কোকৰাঝাৰ : বিটিআত জেষ্ঠ্য নাগৰিক সকলক ঘৰে ঘৰে গৈ চিকিৎসা সেৱা প্ৰদানৰ আঁচনিৰ শুভাৰম্ভ৷ নৱবৰ্ষত বিটিআৰ স্বাস্থ্য বিভাগৰ সুন্দৰ পদক্ষেপ। এখন ৰোগমুক্ত বিটিআৰৰ গঠনৰ লক্ষ্যৰে বিটিআৰৰ স্বাস্থ্য বিভাগে শুভাৰম্ভনি কৰিছে ৰোগ নিৰ্মূল কার্যসূচিৰ।

বিটিআৰত বিভিন্ন ৰোগৰে আক্রান্ত জেষ্ঠ্য নাগৰিক সকলক বিনামূলীয়াকৈ ঘৰে ঘৰে গৈ চিকিৎসা সেৱা প্ৰদানৰ উদ্দেশ্যেৰে ৰোগ নিৰ্মূল আঁচনিৰ শুভাৰম্ভনি কৰে বিটিআৰৰ স্বাস্থ্য বিভাগৰ কাৰ্যবাহী সদস্য অৰূপ কুমাৰ দে। কোকৰাঝাৰ জিলাৰ ফকিৰাগ্রামৰ প্রাথমিক চিকিৎসা কেন্দ্ৰৰ প্রাঙ্গণত এই আঁচনিৰ শুভাৰম্ভ কৰে স্বাস্থ্য বিভাগৰ কাৰ্যবাহী সদস্য গৰাকীয়ে।

বিটিআৰৰ স্বাস্থ্য বিভাগৰ কাৰ্যবাহী সদস্য অৰূপ কুমাৰ দে সংবাদ মাধমাৰ আগত কয় যে বিটিআৰত প্রথমবাৰৰ বাবে বিটিআৰ স্বাস্থ্য বিভাগেৰ তৰফৰ পৰা ৰোগমুক্ত বিটিআৰৰ গঠনৰ লক্ষ্যৰে জেষ্ঠ্য নাগৰিক সকলক ঘৰে ঘৰে গৈ চিকিৎসা সেৱা প্ৰদান কৰা হ’ব। এই আঁচনিৰ জৰিয়তে বিটিআৰৰ প্ৰতিখন জিলাত জেষ্ঠ্য নাগৰিক সকলক বিনামূলীয়াকৈ ঘৰতে চিকিৎসা সেৱা প্ৰদান কৰা হ’ব।

এই কার্যসূচীৰ অধীনত চিকিৎসক, নাৰ্চ, চিকিৎসা কর্মীয়ে জেষ্ঠ্য নাগৰিক সকলৰ ঘৰত গৈ বিনামূলীয়া চিকিৎসা সেৱা প্ৰদান কৰাৰ লগতে ঔষধ প্রদান কৰিব। উক্ত উদ্বোধনী অনুষ্ঠানত উপস্থিত থাকে বিটিআৰৰ স্বাস্থ্য বিভাগৰ কাৰ্যবাহী সদস্য অৰূপ কুমাৰ দেৰ, কোকৰাঝাৰ জিলাৰ স্বাস্থ্য বিভাগৰ বিষয়া, ফকিৰাগ্রামৰ প্রাথমিক চিকিৎসা কেন্দ্ৰৰ চিকিৎসক মানিক বৰুৱা লগতে বিশিষ্ট ব্যক্তি সকল।