নিউজ ডেস্ক : ভাৰতৰ সুন্দৰী হাৰনাজ সন্ধুৰ শিৰত মিছ ইউনিভাৰ্ছ ২০২১ ৰ খিতাপ। সুস্মিতা সেন আৰু লাৰা দত্তৰ পিছত হাৰনাজ সন্ধুৱে ভাৰতৰ বাবে আঁজুৰি আনিলে মিছ ইউনিভাৰ্ছৰ খিতাপ। ২১ বছৰ পিছত ভাৰতৰ সুন্দৰীয়ে লাভ কৰিলে মিছ ইউনিভাৰ্ছৰ খিতাপ।

সুন্দৰী হাৰনাজ সন্ধুৱে ইতিহাস ৰচি তৃতীয়বাৰৰ বাবে ভাৰতলৈ গৌৰৱ কঢ়িয়াই আনিলে। ভাৰতৰ সুন্দৰী হাৰনাজ সন্ধুৱে মিছ ইউনিভাৰ্ছ ২০২১ ৰ খিতাপ জয় কৰি সোমবাৰে ইতিহাৰ ৰচিলে।ইজৰাইলৰ ইলিয়টত আয়োজন কৰা মিছ ইউনিভাৰ্ছৰ ৭০ সংখ্যক সংস্কৰণত চূড়ান্ত বিজয়ী হৈছে।

চণ্ডীগড়ৰ নিবাসী ২১ বছৰীয়া সুন্দৰী হাৰনাজ সন্ধু বিশ্বৰ ৮০ খন দেশৰ প্ৰতিযোগীক পিছ পেলাই মিছ ইউনিভাৰ্ছ ২০২১ ৰ খিতাপ জয় কৰিবলৈ সক্ষম হৈছে। প্ৰতিযোগিতাখনত চূড়ান্ত বিজয়ী হ’বলৈ সক্ষম হোৱা ভাৰতৰ সুন্দৰী গৰাকীক মুকুট পিন্ধায় মেক্সিকোৰ পূৰ্বৰ মিছ ইউনিভাৰ্ছ এণ্ড্ৰিয়া মেজাই।

মিছ ইউনিভাৰ্ছৰ ৭০ সংখ্যক সংস্কৰণৰ দ্বিতীয় স্থান দখল কৰে পাৰাগুৱেৰ ২২ বছৰীয়া সুন্দৰী নাদিয়া ফৰেৰা আৰু তৃতীয় স্থানত থাকে দক্ষিণ আফ্ৰিকাৰ সুন্দৰী ২৪ বছৰীয়া লালেলা মছৱান। উল্লেখ্য যে ইয়াৰ পূৰ্বে ১৯৯৪ চনত সুস্মিতা সেন আৰু ২০০০ চনত লাৰা দত্তই মিছ ইউনিভাৰ্ছৰ খিতাপ অর্জন কৰি ভাৰতলৈ গৌৰৱ কঢ়িয়াই আনিছিল।