আজাৰা, ১৮ আগষ্টঃ পশ্চিম গুৱাহাটী বিধানসভা সমষ্টিৰ অন্তৰ্গত গড়ল আৰু মাজিৰগাঁও গাঁও পঞ্চায়তৰ অধীনৰ দ’ মিৰ্জাপুৰ ২নং পথ, দ’ মিৰ্জাপুৰ সংযোগী পথ, পূৱ মাজিৰগাওঁ পথ আৰু মাজিৰগাওঁ ৰাজাপাৰা ঠাকুৰীয়া পাৰা চাৰিটা পথৰ আধাৰশিলা স্থাপন কৰা হয়৷ পথকেইটাৰ আধাৰশিলা স্থাপন কৰে পশ্চিম গুৱাহাটী বিধানসভা সমষ্টিৰ বিধায়ক ৰমেন্দ্ৰ নাৰায়ন কলিতাই৷ ভাষণ প্ৰসংগত বিধায়ক কলিতাই কয় যে, যাতায়ত ব্যৱস্থাৰ উন্নত হ’লেহে অন্যান্য সামাজিক উন্নয়ন সম্ভৱ৷ জৰাজীৰ্ণ বাটপথে সেই অঞ্চলৰ অনগ্ৰসৰতাক বুজায়৷ যাৰবাবে পশ্চিম গুৱাহাটী সমষ্টিৰ জৰাজীৰ্ণ আৰু কেঁচা পথবোৰ পৰ্য্যায়ক্ৰমে পকী আৰু পুন নিৰ্মাণৰ ব্যৱস্থা কৰা হৈছে৷ আধাৰশিলা স্থাপন অনুষ্ঠানত অগপৰ কেন্দ্ৰীয় সমিতিৰ সাংগঠনিক সম্পাদক সুভাষ শৰ্মা, কামৰূপ জিলা সমিতিৰ সাধাৰণ সম্পাদক পৰেশ বৰুৱা, গড়কাপ্তানী বিভাগৰ সহকাৰী কাৰ্য্যবাহী অভিযন্তা হিতেন কলিতা, সহকাৰী অভিযন্তা নেকিব আহমেদ, কনিষ্ঠ অভিযন্তাদ্বয় অমল ডেকা আৰু কনক ডেকা উপস্থিত থাকে৷