গুৱাহাটী, ১৮ আগষ্টঃ গুৱাহাটী ৰেল ষ্টেচনৰ ১নম্বৰ প্লেটফৰ্মত এটা আইইডি উদ্ধাৰ কৰা হয়৷ গুৱাহাটীৰ মেঘদূত ভৱনৰ পৰা শিলচৰলৈ ৰেলযোগে প্ৰেৰণ কৰিবলগীয়া ভাৰতীয় ডাকসেৱাৰ পাৰ্চেলৰ মাজত শক্তিশালী আইইডিটো উদ্ধাৰ কৰা হয়৷ ঘটনাস্থলীত আৰক্ষী আৰু বোমা বিশেষজ্ঞ দল উপস্থিত হৈ বোম্ব ট্ৰলীৰে নিৰাপদ স্থানত বিস্ফোৰণ ঘটাবৰ কৰাণে ৰাণী লালগণেশলৈ নিয়ে৷ ৰাণীৰ বনাঞ্চলত বোমা বিশেষজ্ঞৰ উপস্থিতিত ২.২৬ত বোমাটো বিস্ফোৰণ ঘটোৱা হয়৷ জানিব পৰা মতে আইইডিটোৰ ওজন ১০ কেজি৷ ১৫ আগষ্টৰ মাত্ৰ দুটা পিছতে গুৱাহাটী ৰেল ষ্টেচনত আইইডি উদ্ধাৰ হোৱা ঘটনাই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে৷ আৰক্ষীৰ কটকটীয়া নিৰাপত্তাৰ মাজত দুস্কৃতিকাৰীয়ে বোমা সংস্থাপন কৰি ৰাজ্যৰ নিৰাপত্তা ব্যৱস্থাৰ ফোপোলা স্বৰূপ পুনৰাই উদঙাই দিলে৷