জোনমণি বেগম

বিশ্বনাথ : আদিবাসী জনগোষ্ঠীক চাহ জনগোষ্ঠীলৈ ৰূপান্তৰ কৰা এক গভীৰ ষড়যন্ত্ৰ ৰচনা কৰা হৈছে। এই ষড়যন্ত্ৰক ওফৰাই পেলাবলৈ সন্মিলিতভাৱে প্ৰচেষ্টা চলাব আদিবাসী জনগোষ্ঠীয়ে। আদিবাসী ছাত্ৰ সন্থাৰ বিশ্বনাথ আঞ্চলিক সমিতিয়ে এক সংবাদ মেলৰ আয়োজন কৰি হুংকাৰ দিয়ে। বিশ্বনাথ চাৰিআলিৰ কস্তুৰী পেলেচত সংবাদমেল যোগে সংগঠনটোৰ নেতৃবৃন্দই আদিবাসী জনগোষ্ঠীক চাহ জনগোষ্ঠীলৈ ৰূপান্তৰ কৰা ষড়যন্ত্ৰ বন্ধ কৰিবলৈ চৰকাৰক সকিয়াই দিয়ে।

সংবাদমেলত কেইবাটাও আদিবাসী সংগঠনৰ বিষয়ববীয়াই আদিবাসী জনগোষ্ঠীক চাহ জনগোষ্ঠীলৈ ৰূপান্তৰ কৰা ষড়যন্ত্ৰ বন্ধ কৰাৰ লগতে বাক্সাৰ বাগনপাৰাৰ ২২ এগৰাকী বছৰীয়া যুৱতীক ধর্ষণ কৰি হত্যা কৰা কাণ্ডৰ লগত জড়িত থকা লোকক ফাঁচি দিয়াৰ দাবী জনায়। আদিবাসী সংগঠন কেইটাৰ বিষয়ববীয়াই আদিবাসী সকলক অতি শীঘ্ৰে জনজাতিকাৰণ কৰাৰো দাবী জনায়। সংবাদমেলত উপস্থিত থকা আদিৱাসী আইকণ বেলতলাকাণ্ডৰ নিৰ্যাতিতা লক্ষ্মী ওৰাঙে আদিবাসী সকল জনজাতিৰ মৰ্যাদা নোপোৱা পর্যন্ত সংগ্ৰাম চলাই যাব বুলি ঘোষণা কৰে। সংবাদমেলত বিশ্বনাথ আছা সভাপতি ৰাজেন ওৰাং, সম্পাদক আগষ্ট মুণ্ডা, শিৱা মুণ্ডা, অনন্ত মুণ্ডা, আৰনিউচ খেৰীয়া আদি উপস্থিত থাকে।

সদৌ অসম আদিবাসী ছাত্ৰ সন্থাৰ বিশ্বনাথ জিলা সমিতিৰ সভাপতি অমিত কিন্দ, বিশ্বনাথ জিলা মুণ্ডা সমাজৰ সম্পাদক বাবুল মুণ্ডা, গঁড় সমাজৰ বিশ্বনাথ জিলাৰ সভাপতি হৰেন গঁড়, বৰপথাৰ আছাৰ সম্পাদক আৰমান কুণ্ডু, কুৰুখ সমাজৰ কেন্দ্ৰীয় সমিতিৰ সাংস্কৃতিক সম্পাদক সুৰেশ ওৰাং, পৰজা সমাজৰ খগেন প্ৰজা, বিশ্বানাথ জিলা কৃষণ সমাজৰ সুনিল কৃষণ, খাৰিয়া সমাজৰ এণ্টনি কুলু, প্ৰজা সমাজৰ খগেন প্ৰজা, চাউতালি সমাজৰ সম চৰেণ, কৰ্মকাৰ সমাজৰ ৰতন কৰ্মকাৰ, আলনা যুদ্ধ বিৰতি গোটৰ বলৰাম মুৰাৰী, নয়ন ৰাজ গোৰ, নৰেছ গঁড়, কুৰুখ সমাজৰ নেতৃত্ব আৰু বহু আদিবাসী সংগঠনৰ বিষয়ববীয়া সংবাদমেলত উপস্থিত থাকে। সংগঠন সমূহে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাক আদিবাসী সকলৰ প্ৰধান দাবী জনজাতিকৰণৰ বিষয়টোত গুৰুত্ব প্ৰদান কৰাৰ আহ্বান জনায়।