আজিজ আলী
মুকালমুৱা : বৰক্ষেত্ৰীত কংগ্ৰেছৰ বৃহৎ প্ৰতিবাদ কাৰ্যসূচী। সুৰাৰ বিপনী বন্ধ কৰাৰ দাবীত বৰক্ষেত্ৰীত কংগ্ৰেছৰ প্ৰতিবাদী কাৰ্যসূচী। বিজেপি চৰকাৰে জনবিৰোধী সিদ্ধান্ত গ্ৰহণ কৰাৰ অভিযোগ প্ৰতিবাদকাৰী কংগ্ৰেছ কৰ্মীৰ।

বৃহস্পতিবাৰে নলবাৰী জিলাৰ মুকালমুৱাত বৰক্ষেত্ৰী চক্ৰ বিষয়াৰ কাৰ্যালয়ৰ সন্মুখত কংগ্ৰেছ কর্মী সকলে এক উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে। বৰক্ষেত্ৰী ব্লক কংগ্ৰেছ কমিটিৰ উদ্যোগত সুৰাৰ বিপনীৰ বিৰুদ্ধে এই প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰা হয়।

বৰক্ষেত্ৰী অঞ্চলত অবাধ হাৰত সুৰাৰ বিপনী বৃদ্ধি পোৱা বুলি প্ৰতিবাদকাৰী সকলে অভিযোগ উত্থাপন কৰি সুৰাৰ বিপনী বন্ধ কৰাৰ দাবী জনায়। বৰক্ষেত্ৰী সমষ্টিত নতুনকৈ ৩৬ খন সুৰাৰ বিপনীক অনুজ্ঞাপত্ৰ প্ৰদান কৰা হৈছে বুলি প্ৰতিবাদকাৰী কংগ্ৰেছ কর্মী সকলে জানিবলৈ দিয়ে।

ইতিমধ্যে বৰক্ষেত্ৰী অঞ্চলত নতুনকৈ ২ খন সুৰাৰ বিপনী উদ্বোধন হোৱা বুলিও জানিবলৈ দিয়ে বৰক্ষেত্ৰী ব্লক কংগ্ৰেছৰ কর্মী সকলে। প্ৰতিবাদকাৰী কংগ্ৰেছ কৰ্মীয়ে অভিযোগ উত্থাপন কৰে যে নৱ-প্ৰজন্মক পংগু কৰাৰ মানসিকতাৰে বিজেপি চৰকাৰে জনবিৰোধী সিদ্ধান্ত গ্ৰহণ কৰিছে। কংগ্ৰেছ কর্মী সকলে লগতে বৰক্ষেত্ৰীৰ বহু সচেতন লোকে এই প্ৰতিবাদত অংশগ্ৰহণ কৰে।