মানকাচৰ : মানকাচৰৰ মিৰজুমালাত ঈদ-উল-ফিটৰৰ সমূহীয়া নামাজ আদায়। ২০ সহস্ৰাধিক লোকে নামাজ আদায় কৰি বিশ্ব শান্তিৰ বাবে আল্লাহৰ ওচৰত দোৱা-প্ৰাৰ্থনা কৰে। ক’ভিডৰ বাবে যোৱা দুটা বছৰ ইছলাম ধৰ্মাৱলম্বী লোক সকল মছজিদ আৰু ঈদগাহত ঈদ-উল-ফিটৰৰ নামাজ আদায় কৰিব পৰা নাছিল।

দুবছৰৰ অনন্ত সমগ্ৰ দেশৰ লগতে অসমত ইছলাম ধৰ্মাৱলম্বী লোক সকলে উলহ মালহেৰে ঈদ-উল-ফিটৰ উদযাপন কৰিছে। ক’ভিড বাবে দুটা বছৰে ইছলাম ধৰ্মাৱলম্বী লোক সকলৰ মাজত ঈদ-উল-ফিটৰ উদযাপনৰ ক্ষেত্ৰত পৰিলক্ষিত হোৱা নাছিল উৎসাহ। উজনিৰ পৰা নামনিলৈ সমগ্ৰ অসমতে এইবাৰ ঈদ-উল-ফিটৰকলৈ উখল মাখল পৰিৱেশ।

দক্ষিণ শালমাৰা-মানকাচৰ জিলাৰ অসম-মেঘালয় সীমান্তবৰ্তী মানকাচৰৰ মিৰজুমালা মাজাৰ শ্বৰীফ ঈদগাহ মৈদানত ঈদ-উল ফিটৰৰ সমূহীয়া নামাজ অনুষ্ঠিত কৰা হয়। মানকাচৰৰ প্ৰাক্তন বিধায়ক তথা বৰ্তমানৰ অসম সংখ্যালঘু বৰ্ডৰ অধ্যক্ষ জাবেদ ইছলামসহ প্ৰায় ২০ সহস্ৰাধিক লোক মিৰজুমালাৰ এই ঈদগাহ মৈদানত ঈদ-উল-ফিটৰৰ নামাজ আদায় কৰে।

প্ৰায় ১০০ বছৰ ধৰি মিৰজুমালাত মানকাচৰ ৰাইজে ঈদ-উল-ফিটৰৰ সমূহীয়া নামাজ আদায় কৰি আহিছে। ক’ভিডসৃষ্ট পৰিৱেশৰ বাবে বিগত দুটা বছৰে মিৰজুমালাত ঈদ-উল-ফিটৰৰ সমূহীয়া নামাজ অনুষ্ঠিত হোৱা নাছিল যদিও এইবাৰ পুনৰ ঈদ-উল-ফিটৰৰ নামাজ অনুষ্ঠিত হোৱাত ঈদগাহত যথেষ্ট সংখ্যক লোকৰ সমাগম ঘটে। মানুহৰ ভিৰ অত্যাধিক হোৱাৰ বাবে মিৰজুমালাত দুবাৰকৈ নামাজ আদায় কৰা হয়।

ঈদ-উল-ফিটাৰৰ নামাজ আদায়ৰ পিছত বিশ্ব শান্তিৰ বাবে দোৱা-প্ৰাৰ্থনা কৰি এজনে আনজনক আলিংগন কৰে। ইছলামিক ৰীতি অনুসৰি ৰমজান মাহত সম্পূৰ্ণ এমাহ ৰোজা পালন কৰাৰ অন্তত উলহ মালহেৰে ঈদ-উল- ফিটৰৰ উদযাপন কৰা হয়। দুবছৰ পিছত মুক্ত মনেৰে ঈদ-উল-ফিটৰ উদযাপনৰ এক পৰিৱেশ পাই দক্ষিণ শালমাৰা-মানকাচৰবাসী ৰাইজৰ মাজত এক আনন্দৰ লহৰ দেখিবলৈ পোৱা যায়।