হাটশিঙিমাৰী : দক্ষিণ শালমাৰা-মানকাচৰ জিলা বিহু সন্মিলনীৰ উদ্যোগত খাৰুৱাবান্ধা জনতা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ খেল পথাৰত ৰঙালী বিহু উৎযাপন। বহাগৰ প্ৰথম দিনা দক্ষিণ শালমাৰা-মানকাচৰ জিলা সদৰ হাটশিঙিমাৰীৰ পাৰ্শ্বৱৰ্তী জনতা উচ্চতৰ মাধ্যমিক বিদ্যালয় খেল পথাৰত ৰাতিপুৱা ১.৩০ বজাত দক্ষিণ শালমাৰা-মানকাচৰ জিলা বিহু সন্মিলনীৰ উদ্যোগত ৰঙালী বিহু উৎযাপন কৰা হয়। দক্ষিণ শালমাৰা-মানকাচৰ জিলাৰ অতিৰিক্ত উপায়ুক্ত মুনিন্দ্ৰ বৰদলৈয়ে পতাকা উত্তোলন কৰি বিহুৰ শুভাৰম্ভ কৰে।

বিহু অনুষ্ঠানত জিলাখনৰ অতিৰিক্ত আৰক্ষী অধীক্ষক সত্য ৰঞ্জন শইকীয়াই শ্বহীদ স্মৃতি স্মৰণ কৰি শ্বহীদ বেদীত পুষ্পমাল্য অৰ্পন কৰে। অনুষ্ঠানটোত হাটশিঙিমাৰী মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ বখতিয়াৰ খিলঞ্জী, কুকুৰমাৰা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ ইছমাইল হুচাইন, মানকাচৰ এ এ লতিফ গাল্ছ ইনষ্টিটিউশ্যনৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ আশ্ৰাফ আলী, কালাপানী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ গোলজাৰ হুচাইন, খাৰুৱাবান্ধা জনতা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ মোবাৰক হুচাইন আদি ধৰি ভালেমান শিক্ষাবিদ, সমাজসেৱক আৰু জেষ্ঠ নাগৰিকক বিহুৰ শুভেচ্ছা জনাই ফুলাম গামোচা আৰু শৰাইৰে সম্বৰ্ধনা জনোৱা হয়।

অনুষ্ঠানটোত ২৬ আই আৰ বেটেলিয়ানৰ ডি এছ পি হেমচন্দ্ৰ নাথৰ নেতৃত্বত বিহু দল এটাই বিহু নাম আৰু বিহু হুঁচৰি পৰিবেশন কৰে। বিহুনাম আৰু হুঁচৰিৰ তালে তালে সকলোৱে কঁকাল ভাঙি নাচি-ভাগি আনন্দত আত্মহাৰা হৈ পৰে। অনুষ্ঠানৰ শেষত বিহু সন্মিলনীৰ তৰফৰ পৰা সমবেত ৰাইজক দৈ, চিৰা, মুৰি আৰু পিঠা পনাৰে আপ্যায়ন কৰা হয়। সংখ্যালঘূ অধ্যুষিত জিলাখনত বিহু অনুষ্ঠানত ৰাইজৰ বিপুল সঁহাৰি দেখিবলৈ পোৱা যায়। জিলাখনৰ বিভিন্ন জনগোষ্ঠীয় ৰাইজ আৰু জিলা প্ৰশাসনৰ উদ্যোগত গঠিত বিহু সন্মিলনীৰ উদ্যোগত বিহুৰ পৰম্পৰা ৰক্ষা কৰি বিহু উৎযাপন কৰি আনন্দ কৰি সকলোকে শুভেচ্ছা জনায় জিলা অতিৰিক্ত উপায়ুক্ত মুনিন্দ্ৰ বৰদলৈয়ে।

আনহাতে দক্ষিণ শালমাৰা-মানকাচৰ জিলা বিহু সন্মিলনীৰ সভাপতি তথা হাটশিঙিমাৰী মহাবিদ্যালয়ৰ ভাৰপ্ৰাপ্ত অধ্যক্ষ জহিৰুল ইছলামে সকলো সম্প্ৰদায়ৰ ৰাইজৰ সহযোগত আজি বিহু অনুষ্ঠান কৰিব পাৰি আনন্দ প্ৰকাশ কৰে। লগতে বিহু জাতি, ধৰ্ম, বৰ্ণৰ ভেদাভেদ পাহৰি এক সমন্বয়ৰ বাৰ্তা কৰিয়াই আনিব বুলি মন্তব্য কৰে। পৰৱৰ্তী সময়ত দুদিনীয়া কাৰ্যসূচীৰে বিহু উৎসৱ পালন কৰা হ’ব বুলি সাংবাদিকৰ আগত মন্তব্য কৰে দক্ষিণ শালমাৰা-মানকাচৰ জিলা বিহু সন্মিলনীৰ সভাপতি তথা হাটশিঙিমাৰী মহাবিদ্যালয়ৰ ভাৰপ্ৰাপ্ত অধ্যক্ষ জহিৰুল ইছলামে।